শেহতীয়া খবৰ
Home / আঞ্চলিক / গুৱাহাটী প্ৰেছ ক্লাবত মেডিয়া অ’পিডি ক্লিনিক সম্পন্ন

গুৱাহাটী প্ৰেছ ক্লাবত মেডিয়া অ’পিডি ক্লিনিক সম্পন্ন

ডিজিটেল সংবাদ, গুৱাহাটীঃ মহানগৰীৰ আগশাৰীৰ চিকিৎসালয় ছানভেলী হস্পিটেলৰ  উদ্যোগত আজি শনিবাৰে গুৱাহাটী প্ৰেছ ক্লাবত সাংবাদিকসকলৰ কাৰণে এক বিনামূলীয়া মেডিয়া অ’পিডি ক্লিনিক শিবিৰৰ আয়োজন কৰা হৈছিল। আজিৰ এই শিবিৰত অংশগ্ৰহণকাৰী সকলে ডাঃ তপন শৰ্মা আৰু  ডাঃ এম ইউ  আহমেদৰ পৰা  স্বাস্থ্য সম্বন্ধীয় পৰামৰ্শ লাভ কৰে। প্ৰায়  ২৫ গৰাকী সংবাদিকে অংশগ্ৰহণ কৰা শিবিৰত স্বাস্থ্য কৰ্মী বাসুদেৱ দাস  চোনেপ্লু ক্ৰীয়ে ৰক্ত চাপ আৰু ব্লাড চুগাৰ পৰীক্ষা কৰে। আজি অনুষ্ঠিত হোৱা মেডিয়া ক্লিনিকৰ এই শিবিৰ সুকলমে সম্পন্ন হয় বুলি জানিবলৈ দিছে।