শেহতীয়া খবৰ
Home / আঞ্চলিক / খোৱাঙ নাহৰণিত অগ্নিকাণ্ডৰ ফলত ভস্মিভূত হ’ল এটা গৃহ

খোৱাঙ নাহৰণিত অগ্নিকাণ্ডৰ ফলত ভস্মিভূত হ’ল এটা গৃহ

ডিজিটেল সংবাদ, মৰাণঃ ডিব্ৰুগড়ৰ খোৱাঙ নাহৰণিত আজি  ভয়ংকৰ অগ্নিকাণ্ডৰ ফলত এটা ঘৰ সম্পূৰ্ণ ৰূপে ভস্মিভূত হয়। খোৱাঙ আৰক্ষী থানাৰ অন্তৰ্গত নাহৰণিৰ ভৰত শইকীয়া নামৰ লোকজনৰ ঘৰত সংঘটিত হয় ভয়ংকৰ অগ্নিকাণ্ড। অগ্নিকাণ্ডৰ ফলত ঘৰৰ সকলো আচবাব জুইত জাহ যায়। ভৰত শইকীয়াৰ পত্নীয়ে জানিবলৈ দিয়া মতে অগ্নিকাণ্ড সংঘটিত হোৱা সময়ত ঘৰত কোনো লোক নাছিল। ঘৰটোৰ গৰাকী ভৰত শইকীয়া কৰ্মসূত্ৰে বহিঃ ৰাজ্যত থকাৰ বিপৰীতে ভৰত শইকীয়াৰ পত্নীয়ে দিনহাজিৰা কৰিবলৈ যোৱাৰ সময়তে আবেলি অগ্নিকাণ্ড হোৱাত ঘৰটো সম্পূৰ্ণ ৰূপে ভস্মিভূত হয়। অগ্নিকাণ্ডৰ কাৰণ জানিব পৰা হোৱা নাই যদিও স্থানীয় ৰাইজে বিদ্যুত শ্বৰ্ট চাৰ্কিটৰ ফলতে এই‌ অগ্নিকাণ্ড হ’বলৈ পালে বুলি সন্দেহ কৰিছে। দিন  হাজিৰা কৰি জীৱন অতিবাহিত কৰা পৰিয়ালটোৰ ঘৰৰ সকলো সামগ্ৰী ভস্মিভূত হোৱাৰ উপৰিও পৰিয়ালটোত অধ্যয়নৰত‌ অৱস্থাত থকা দুটাকৈ সন্তানৰ সকলো কিতাপ-পত্ৰ ভস্মিভূত হয়।‌ স্থানীয় ৰাইজে জুই নুমুৱাবলৈ চেষ্টা কৰিছিল যদিও জুই নুমুৱাবলৈ সক্ষম নহ’ল। ঘটনাৰ পাছতে খোৱাঙ আৰক্ষী আৰু মণ্ডল আহি উপস্থিত হৈ ঘটনা বুজ লোৱাৰ লগতে দুৰ্ভগীয়া পৰিয়ালটোক তাৎক্ষনিক ভাৱে সাহায্য প্ৰদানৰ কাৰণে ব্যৱস্থা লোৱাৰ আশ্বাস দিয়ে।