শেহতীয়া খবৰ
Home / আঞ্চলিক / গোৱালপাৰা মহাবিদ্যালয়ত এ ভি বি পিৰ লগত অনৈতিকভাৱে জড়িত দুগৰাকী বিষয় শিক্ষকৰ বিৰুদ্ধে অভিযোগ

গোৱালপাৰা মহাবিদ্যালয়ত এ ভি বি পিৰ লগত অনৈতিকভাৱে জড়িত দুগৰাকী বিষয় শিক্ষকৰ বিৰুদ্ধে অভিযোগ

মহাবিদ্যালয়ৰ আছু গোটৰ তীব্ৰ প্ৰতিক্ৰিয়া-গৰিহণা

ডিজিটেল সংবাদ, গোৱালপাৰাঃ গোৱালপাৰা মহাবিদ্যালয়ৰ দুগৰাকী বিষয় শিক্ষকে অনৈতিকভাৱে ছাত্ৰ ৰাজনীতি তথা অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদ(এ ভি বি পি)ৰ লগত জড়িত থকাৰ অভিযোগ উত্থাপিত হৈছে।মহাবিদ্যালয়খনত এ ভি বি পিৰ লগত জড়িত থকা বিষয় সন্দৰ্ভত আজি সদৌ অসম ছাত্ৰ সন্থাৰ গোৱালপাৰা মহাবিদ্যালয় গোটৰ সভাপতি হিমাংক মজুমদাৰ আৰু সম্পাদক শংকু সাহাই অধ্যাপকক তথ্যসম্বলিত অভিযোগ দাখিল কৰি বিহীত ব্যৱস্থা গ্ৰহণৰ দাবী জনাইছে। অভিযোগ পত্ৰখনত উল্লেখ কৰা মতে, মহাবিদ্যালয়ৰ তৰ্ক আৰু আলোচনী বিভাগৰ মূৰব্বী বিষয় শিক্ষক হেমন্ত কলিতা আৰু ভূগোল বিভাগৰ বিষয় শিক্ষক ধনঞ্জয় মেধিয়ে বহু দিনৰ পৰাই অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদৰ লগত জড়িত হৈ আহিছে। ছাত্ৰ-ছাত্ৰীসকলৰ ভৱিষ্যত জীৱনৰ দিক্-নিৰ্ণয়কাৰী দায়িত্বশীল অধ্যাপক হৈয়ো ছাত্ৰ ৰাজনীতি বা ছাত্ৰ সংগঠনৰ লগত এইদৰে অনৈতিকভাৱে জড়িত হোৱা ঘটনাক মহাবিদ্যালয়ৰ আছু গোটে পত্ৰখনত তীব্ৰ ভাষাৰে গৰিহণা দিয়ে৷ তদুপৰি সংকীৰ্ণ দৃষ্টিভংগী উদঙাই ছাত্ৰ ৰাজনীতিত জড়িত থকা দুয়োগৰাকী অধ্যাপকৰ ওপৰত বিহীত ব্যৱস্থা গ্ৰহণৰ বাবে অভিযোগ পত্ৰখনৰ জড়িয়তে অধ্যক্ষক দাবী জনাইছে। উল্লেখ্য যে তথ্য-প্ৰমাণৰ বাবে অভিযোগ পত্ৰখনত অধ্যাপক দুয়োজনে এ ভি বি পিৰ লগত জড়িত থকাৰ তিনিখন ফটোও সংলগ্ন কৰিছে৷