শেহতীয়া খবৰ
Home / আঞ্চলিক / বিশ্বৰ আগশাৰীৰ কোম্পানী ডিয়েগো ইণ্ডিয়াৰ মুখ্যমন্ত্ৰীৰ সন্মুখত উচ্চ প্ৰশংসা অসমৰ স্বচ্চতাৰ

বিশ্বৰ আগশাৰীৰ কোম্পানী ডিয়েগো ইণ্ডিয়াৰ মুখ্যমন্ত্ৰীৰ সন্মুখত উচ্চ প্ৰশংসা অসমৰ স্বচ্চতাৰ

পঙ্কজ নাথ, চাংসাৰি, ১৮ আগষ্ট : সংবাদ মাধ্যমত ৰাজ্যত চলি থকা দুৰ্নীতিৰ সন্দৰ্ভত সঘনাই তথ্য সহকাৰে বাতৰি সম্প্ৰচাৰ হৈ আছে আৰু ইয়াৰ ওপৰত বিজেপি চৰকাৰে দুৰ্নীতি নিৰ্মূলৰ বাবে ইতিমধ্যে বিভিন্ন পদক্ষেপো গ্ৰহণ কৰি থকা পৰিলক্ষিত হৈছে। যাৰবাবে পুৰ্বতকৈ কিছু পৰিমাণে হলেও স্বচ্ছতা আহিছে বুলি উল্লেখ কৰিছে সমাজৰ একাংশ নাগৰিকে। কালি মূখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালৰ সৈতে ডিয়েগো ইণ্ডিয়াৰ হোৱা এক সাক্ষাৎকাৰৰ সময়ত অসমৰ স্বচ্চতাক লৈ মুখ্যমন্ত্ৰীক প্ৰশংসা কৰিলে কোম্পানীটোৰ চিওও আৰু ইভিপি সন্দীপ সিংহালে । দুনীৰ্তি হ্ৰাস হৈ স্বচ্ছতা অহিবলৈ ধৰাৰ ফলত অসমত সুন্দৰ কামকাজ হোৱা বুলি মুখ্যমন্ত্ৰীৰ আগত উচ্চ প্ৰশংসা কৰিলে বিশ্বৰ আগশাৰীৰ কোম্পানী ডিয়েগো ইণ্ডিয়াই। প্ৰভুত সংস্কাৰ সাধনৰ ফলত অসমত আবকাৰী বিভাগেও বিভিন্ন ক্ষেত্ৰত উন্নত ফলাফল দেখুৱাবলৈ সক্ষম হৈছে বুলি গুৱাহাটীৰ সাংসদ কুইন ওজাৰ উপস্থিতিত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ আগত অসমৰ আবকাৰী বিভাগকো উচ্চ প্ৰশংসা কৰিলে ডিয়েগো ইণ্ডিয়াৰ ( DIAGEO INDIA ) চিওও আৰু ইভিপি গৰাকীয়ে । কালি মুখ্যমন্ত্ৰীৰ লগত হোৱা সাক্ষাৎকাৰৰ সময়ত মূখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ ১ কোটি টকা প্ৰদান কৰি এই মন্তব্য কৰে সিংহালে। উল্লেখ্য যে অসমৰ ৰাজহৰ প্ৰায় ৪৪ শতাংশ ৰাজহ এই প্ৰতিষ্ঠানটোৰ পৰা আহে। কালি মূখ্যমন্ত্ৰীৰ লগত হোৱা সাক্ষাৎকাৰৰ পিছত প্ৰতিষ্ঠানটোৰ চিওও আৰু ইভিপি সন্দীপ সিংহালে ভৱিষ্যতেও অসমত কাম কাজ কৰি যাবলৈ আগ্ৰহী বুলি জানিব পৰা গৈছে।