শেহতীয়া খবৰ
Home / আঞ্চলিক / উপ-নিৰ্বাচনলৈ সাজু বিজেপি : জনীয়া সমষ্টিত প্ৰাৰ্থিত্ব বিচাৰি সৰ্বাধিক ৩৪জনৰ আবেদন

উপ-নিৰ্বাচনলৈ সাজু বিজেপি : জনীয়া সমষ্টিত প্ৰাৰ্থিত্ব বিচাৰি সৰ্বাধিক ৩৪জনৰ আবেদন

ষ্টাফ ৰিপ’ৰ্টাৰ, গুৱাহাটী : ৰাজ্যৰ চাৰি সমষ্টিৰ উপ-নিৰ্বাচনক লৈ সম্পূৰ্ণৰূপে সাজু হৈ পৰিছে ৰাজ্যিক বিজেপি। সমষ্টি পুনৰ দখলৰ লক্ষ্যৰে বিজেপিয়ে প্ৰস্তুত কৰিছে ৰণনীতি। ইতিমধ্যে উপ-নিৰ্বাচনৰ চাৰি সমষ্টিৰ পৰা প্ৰাৰ্থিত্ব বিচাৰি এজনৰ পিছত এজনকৈ নেতাই আবেদন দাখিল কৰিছে ৰাজ্যিক বিজেপিৰ কাৰ্যালয়ত। জনীয়া সমষ্টিৰ পৰা প্ৰাৰ্থিত্ব বিচাৰি সৰ্বাধিক ৩৪গৰাকীয়ে আবেদন দাখিল কৰিছে। একেদৰে সোণাৰি সমষ্টিৰ পৰা ২৫ গৰাকী, ৰঙাপৰা সমষ্টিৰ পৰা ১১গৰাকী, ৰাতাবাৰী সমষ্টিৰ পৰা ৯গৰাকীয়ে ইতিমধ্যে প্ৰাৰ্থিত্ব বিচাৰি আবেদন দাখিল কৰিছে। আজি সাংবাদিকৰ আগত ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত দাসে এই কথা জানিবলৈ দি কয় যে চাৰি সমষ্টিৰ উপ-নিৰ্বাচনৰ বাবে বিজেপিয়ে ১৬জনীয়া সমিতি গঠন কৰিছে। উক্ত সমিতিৰ বিষয়ববীয়াৰ সৈতে যোৱা কালি মুখ্যমন্ত্ৰী সোণোৱালে বৈঠকত মিলিত হৈ চাৰি সমষ্টিৰ উপ-নিৰ্বাচন সন্দৰ্ভত বিস্ত´তভাৱে আলোচনাত মিলিত হৈছিল।

সোণাৰি সমষ্টিৰ উপ-নিৰ্বাচনৰ বাবে স্থানীয় বিধায়ক যোগেন মোহনক আহবায়ক হিচাপে লৈ সমিতি গঠন কৰাৰ লগতে ৰাতাবাৰী সমষ্টিৰ বাবে কৃষে্ণন্দু পাল, ৰঙাপৰা সমষ্টিৰ বাবে বিধায়ক পদ্ম হাজৰিকা আৰু জনীয়া সমষ্টিৰ বাবে বিজেপিৰ সংখ্যালঘু মৰ্চাৰ সভাপতি মুক্তাৰ হুছেইন খানক আহবায়ক হিচাপে ১৬জনীয়াকৈ সমিতি গঠন কৰা হৈছে। উক্ত সমিতিসমূহত থাকিব সাংসদৰ লগতে ৰাজ্যিক বিজেপিৰ একাংশ জ্যেষ্ঠ নেতা। ৰাজ্যিক বিজেপিয়ে চাৰি সমষ্টিৰ উপ-নিৰ্বাচনৰ বাবে পেনেল প্ৰস্তুত কৰি অনুমোদনৰ বাবে কেন্দ্ৰীয় নেতৃবৰ্গলৈ প্ৰেৰণ কৰিব বুলি ৰাজ্যিক সভাপতিগৰাকীয়ে জানিবলৈ দি আৰু কয় যে চাৰি সমষ্টিৰ উপ-নিৰ্বাচনৰ বাবে কেন্দ্ৰীয় নেতৃত্বই বাছনি কৰিব উপযুক্ত প্ৰাৰ্থী। আনহাতে, সভাপতিগৰাকীয়ে আৰু কয় যে ছেপ্টেম্বৰৰ প্ৰথম সপ্তাহত চাৰি সমষ্টিৰ উপ-নিৰ্বাচনৰ বাবে বিজেপিয়ে ৰণদুন্দুভি বজাব। প্ৰতিটো সমষ্টিত মণ্ডলভিত্তিক পৃষ্ঠপ্ৰমুখ সন্মিলন অনুষ্ঠিত কৰি নিৰ্বাচনীৰ ৰণনীতি প্ৰস্তুত কৰিব।

এইবেলি চাৰিওটা সমষ্টিটেত বিজেপিয়ে প্ৰাৰ্থিত্ব প্ৰদান কৰিব বুলি বিজেপিৰ ৰাজ্যিক সভাপতিগৰাকীয়ে উল্লেখ কৰি আৰু কয় যে যিহেতু জনীয়াক বাদ দি তিনিওটা সমষ্টিতে বিজেপিৰ বিধায়ক আছিল, তেনেস্থলত মিত্ৰদল অগপ বা বিপিএফক এৰি দিয়াৰ প্ৰশ্নই নাহে। উপ-নিৰ্বাচনত মিত্ৰদল অগপ আৰু বি পিএফে বিজেপিক সহযোগিতা আগবঢ়াব। অহা ২১ আগষ্টত বিজেপিৰ মুখ্য কাৰ্যালয়ত এক বৃহৎ অনুষ্ঠান অনুষ্ঠিত হ’ব বুলি উল্লেখ কৰি সভাপতিগৰাকীয়ে আৰু কয় যে এই অনুষ্ঠানতেই বিভিন্ন ক্ষেত্ৰত নিয়োজিত হৈ থকা কিছু মহিলাই আনুষ্ঠানিকভাৱে বিজেপি দলত যোগদান কৰিব। এইবেলি জনীয়াৰ ৰাইজে সমষ্টিটো বিজেপিক উপহাৰ দিয়াৰ সিদ্ধান্ত লৈছে বুলি উল্লেখ কৰি সভাপতিগৰাকীয়ে আৰু কয় যে জনীয়াত যোৱা ১০ জুলাইত মুখ্যমন্ত্ৰীৰ উপস্থিতিত এক যোগদান সমাহোৰ অনুষ্ঠিত হোৱাৰ কথা আছিল যদিও বানপানীৰ বাবে উক্ত অনুষ্ঠান বাতিল কৰিবলগীয়া হৈছিল।

অহা ১৫ ছেপ্টেম্বৰৰ পিছত জনীয়াত অনুষ্ঠিত হ’ব এক বৃহৎ যোগদান কাৰ্যসূচী। মুখ্যমন্ত্ৰী সোণোৱালৰ উপস্থিতিত বৃহৎসংখ্যক লোকে আনুষ্ঠানিকভাৱে বিজেপিত যোগদান কৰিব। বিটিএডিৰ পৰিষদীয় নিৰ্বাচনক লৈও বিজেপি তৎপৰ হৈছে বুলি উল্লেখ কৰি ৰাজ্যিক সভাপতিগৰাকীয়ে কয় যে এইবেলি বিটিচি পৰিষদয়ী নিৰ্বাচনত বিজেপিয়ে প্ৰতিদ্বন্দ্বিতা আগবঢ়োৱাটো এশ শতাংশ নিশ্চিত। অহা ২২ আগষ্টত বিটিএডিৰ চাৰি জিলাৰ বিজেপিৰ সভাপতিৰ সৈতে এক বৈঠকত মিলিত হ’ব। উক্ত বৈঠকত দলীয় নেতৃত্ব কিম্বা কৰ্মকৰ্তাৰ ওপৰত ভিত্তি কৰি বিজেপিয়ে পৰিষদীয় নিৰ্বাচনৰ বাবে ৰণনীতি প্ৰস্তুত কৰিব। যিকি নহওক, উপ-নিৰ্বাচনৰ লগতে বিটিচি পৰিষদীয় নিৰ্বাচনক লৈ কঁকালত টঙালী বান্ধিছে বিজেপিয়ে। চাৰি সমষ্টিৰ উপ-নিৰ্বাচনক লৈ এতিয়াও কংগ্ৰেছৰ তৎপৰতা দেখা পোৱা নাই। চাৰিটা সমষ্টিৰ ভিতৰত তিনিটা সমষ্টি বিজেপিৰ দখলত থকাৰ বিপৰীতে একমাত্ৰ জনীয়া সমষ্টিটোহে কংগ্ৰেছৰ দখলত আছিল। জনীয়া সমষ্টিটো কংগ্ৰেছে পুনৰ উদ্ধাৰ কৰিবলৈ সক্ষম হ’ব নে নাই সেইলৈ এতিয়া বৃহৎ প্ৰশ্নৰ চিহ্নিত হৈছে।

( News Cr : দৈনিক গণ অধিকাৰ | A Dainik Gana Adhikar News Report )