শেহতীয়া খবৰ
Home / আঞ্চলিক / অসম প্ৰদেশ কংগ্ৰেছৰ জ্যেষ্ঠ মুখপাত্ৰ মুকুল শৰ্মাৰ দেহাৱসান

অসম প্ৰদেশ কংগ্ৰেছৰ জ্যেষ্ঠ মুখপাত্ৰ মুকুল শৰ্মাৰ দেহাৱসান

ষ্টাফ ৰিপ’ৰ্টাৰ, গুৱাহাটী, ১৯ আগষ্ট : অসম প্ৰদেশ কংগ্ৰেছৰ জ্যেষ্ঠ মুখপাত্ৰ মুকুল শৰ্মা আৰু নাই। দীৰ্ঘদিন ধৰি গুৰুতৰ ৰোগত আক্ৰান্ত হৈ খানাপাৰাস্থিত হেল্‌থ চিটীত চিকিৎসাধীন হৈ থকা অৱস্থাত আজি দিনৰ ১১ বজাত শেষ নিশ্বাস ত্যাগ কৰে জ্যেষ্ঠ কংগ্ৰেছী নেতাজেন। ৫১ বছৰীয়া মুকুল শৰ্মাৰ মৃত্যুত কংগ্ৰেছৰ ভিতৰচ’ৰাত শোকৰ ছাঁ পৰে। উল্লেখ্য যে মুকুল শৰ্মা কটন কলেজিয়েত আৰু কটন মহাবিদ্যালয়ৰ দৰে আগশাৰীৰ শিক্ষা প্ৰতিষ্ঠানৰ ছাত্ৰ একতা সভাৰ সাধাৰণ সম্পাদকৰ দায়িত্ব বহন কৰিছিল। ৯০ দশকত কংগ্ৰেছ দলত যোগ দিয়া শৰ্মাই পৰৱৰ্তী সময়ত দলৰ জ্যেষ্ঠ মুখপাত্ৰৰ লগতে সাধাৰণ সম্পাদকৰ দৰে গুৰুত্বপূৰ্ণ দায়িত্ব বহন কৰিছিল। ৰাজনীতিবিদৰ উপৰিও অধিবক্তা হিচাপে পৰিচিত মুকুল শৰ্মাৰ বিয়োগত ৰাজ্যৰ ৰাজনীতিত শোকৰ ছাঁ পৰিছে। প্ৰয়াত শৰ্মাই মৃত্যুৰ সময়ত পত্নী আৰু এজন পুত্ৰক এই সংসাৰত এৰি যায়।

কংগ্ৰেছৰ জ্যেষ্ঠ মুখপাত্ৰগৰাকীৰ মৃত্যুৰ খবৰ বিয়পি পৰাৰ পিছতে অসংখ্য গুণমুগ্ধই হেল্‌থ চিটী হাস্পতালত উপস্থিত হৈ শেষ শ্ৰদ্ধা জ্ঞাপন কৰে। হাস্পতালৰ পৰাই প্ৰয়াত শৰ্মাৰ মৃতদেহ ৰাজীৱ ভৱনলৈ অনা হয়। ৰাজীৱ ভৱনত জ্যেষ্ঠ কংগ্ৰেছী নেতাজনক শেষ শ্ৰদ্ধা জ্ঞাপন কৰে। আজি বিয়লিৰ ভাগত অজস্ৰ গুণমুগ্ধৰ উপস্থিতিত নৱগ্ৰহ শ্মশানত শেষকৃত্য সম্পন্ন কৰা হয়। শেষকৃত অনুষ্ঠানত কংগ্ৰেছৰ জ্যেষ্ঠ নেতাৰ লগতে বিভিন্ন দল-সংগঠনৰ সদস্য উপস্থিত থাকি শেষ শ্ৰদ্ধা জ্ঞাপন কৰে। প্ৰয়াত শৰ্মাৰ মৃত্যুত প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ, অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুন বৰা, বিৰোধী দলপতি দেৱব্ৰত শইকীয়াকে আদি কৰি বিভিন্নজনে শোক প্ৰকাশ কৰে।

( News Cr : দৈনিক গণ অধিকাৰ | A Dainik Gana Adhikar News Report )