শেহতীয়া খবৰ
Home / আঞ্চলিক / বিশেষ নিউজ ৰিপ’ৰ্ট | নতুন দিল্লীত কাৰ্বি ভৱন আৰু ডিমাছা ভৱনৰ আধাৰশিলা স্থাপন

বিশেষ নিউজ ৰিপ’ৰ্ট | নতুন দিল্লীত কাৰ্বি ভৱন আৰু ডিমাছা ভৱনৰ আধাৰশিলা স্থাপন

ষ্টাফ ৰিপ’ৰ্টাৰ, গুৱাহাটী, ১৯ আগষ্ট : মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ উপস্থিতিত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে আজি নতুন দিল্লীৰ দ্বাৰকাত কাৰ্বি ভৱন আৰু ডিমাছা ভৱনৰ আধাৰশিলা স্থাপন কৰে। উল্লেখ্য যে কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদ আৰু উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্বশাসিত পৰিষদৰ উদ্যোগত এই ভৱন নিৰ্মাণৰ পদক্ষেপ লোৱা হৈছে। আধাৰশিলা স্থাপন উপলক্ষে আয়োজিত সভাত মুখ্য অতিথি হিচাপে ভাষণ প্ৰদান কৰি কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে কয় যে বৰ্তমানৰ কেন্দ্ৰীয় চৰকাৰৰ লক্ষ্য হৈছে উত্তৰ-পূৰ্বাঞ্চলৰ সৰ্বাংগীণ উন্নয়ন কৰা। ইমান দিনে কংগ্ৰেছে কেৱল অসমক প্ৰৱঞ্চনা আৰু প্ৰতাৰণাহে কৰিলে বুলি উল্লেখ কৰি কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে কয় যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে পোনপ্ৰথম বাৰৰ বাবে উত্তৰ-পূবক সমগ্ৰ দেশৰ ভিতৰতে সবাতোকৈ অধিক গুৰুত্ব প্ৰদান কৰিছে। অসম এতিয়া সৰ্বাংগীণ বিকাশৰ দিশত আগুৱাই গৈছে বুলিও কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে কয়। কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে লগতে কয় যে অসমৰ প্ৰতিটো জাতি-জনগোষ্ঠীৰ সম-উন্নয়ন আৰু সম-মৰ্যাদা প্ৰদান কৰি আগুৱাই লৈ যোৱাৰ বাবে কেন্দ্ৰীয় চৰকাৰ বদ্ধপৰিকৰ। ভাষণ প্ৰসংগত কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে উত্তৰ-পূৰ্বাঞ্চলত সন্ত্ৰাসমুক্ত শান্তিপূৰ্ণ পৰিৱেশ বজাই ৰখাৰ বাবে উত্তৰ-পূৰ্বাঞ্চলৰ উন্নয়ন অত্যন্ত জৰুৰী বুলিও কয়।

সভাত ভাষণ প্ৰদান কৰি মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে কয় যে নতুন দিল্লীত কাৰ্বি ভৱন আৰু ডিমাছা ভৱন নিৰ্মাণৰ আজিৰ এই শুভ ক্ষণটো সমগ্ৰ অসমৰ বাবে অত্যন্ত গৌৰৱৰ বিষয়। কাৰ্বি আংলং, পশ্চিম কাৰ্বি আংলং আৰু ডিমা হাছাও জিলা তিনিখনৰ জনসাধাৰণৰ সুবিধাৰ বাবে আজি নতুন দিল্লীত কাৰ্বি ভৱন আৰু ডিমাছা ভৱন নিৰ্মাণৰ যি পদক্ষেপ গ্ৰহণ কৰা হ’ল সেই পদক্ষেপৰ ফলত পাহাৰীয়া জিলা তিনিখনৰ জনসাধাৰণৰ লগতে সামগ্ৰিকভাৱে অসমৰ জনসাধাৰণ উপকৃত হ’ব বুলিও মুখ্যমন্ত্ৰীয়ে কয়। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অসম তথা উত্তৰ-পূৰ্বাঞ্চলক ‘অষ্ট লক্ষ্মী’ আৰু ভাৰতৰ বিকাশৰ ‘নতুন ইঞ্জিন’ বুলি অভিহিত কৰিছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এই অঞ্চলৰ সম্পদ আৰু সম্ভাৱনীয়তাৰ কথা প্ৰকৃতাৰ্থত অনুধাৱন কৰিয়েই এইদৰে অভিহিত কৰিছে বুলিও মুখ্যমন্ত্ৰীয়ে কয়। ৰাজ্যখনৰ তিনিখন পাহাৰীয়া জিলাত দুখন স্বায়ত্ত শাসিত পৰিষদ আছে বুলি উল্লেখ কৰি নতুন দিল্লীত আজি এই ভৱন দুটাৰ নিৰ্মাণৰ শুভাৰম্ভ কৰাৰ বাবে মুখ্যমন্ত্ৰীয়ে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহক বিশেষভাৱে ধন্যবাদ জ্ঞাপন কৰে।

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰধানমন্ত্ৰীৰ আসনত অধিষ্ঠিত হোৱাৰ সময়ৰে পৰাই সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলৰ বিকাশৰ দিশত বিশেষভাৱে গুৰুত্ব প্ৰদান কৰিছে বুলিও মুখ্যমন্ত্ৰীয়ে কয়। ইয়াৰ ফলশ্ৰুতিতেই বিগত ৫ বছৰত অসমৰ লগতে উত্তৰ-পূৰ্বাঞ্চলৰ বিকাশে নতুন মাত্ৰা লাভ কৰিছে বুলিও মুখ্যমন্ত্ৰীয়ে কয়। স্বাধীনতাৰ ৭০বছৰৰ পিছত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে উত্তৰ-পূৰ্বাঞ্চলৰ বিকাশৰ দিশত যি গুৰুত্ব প্ৰদান কৰিছে সেয়া পূৰ্বতে কংগ্ৰেছ চৰকাৰৰ প্ৰধানমন্ত্ৰীৰ কাৰ্যকালতো ইমান গুৰুত্ব প্ৰদান কৰা হোৱা নাছিল বুলিও মুখ্যমন্ত্ৰীয়ে কয়। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ লগতে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহেও দেশৰ শক্তি, সামৰ্থ তথা সুৰক্ষাৰ দিশত যি বলিষ্ঠ পদক্ষেপ লৈছে সিয়ে দেশৰ মৰ্যাদা আৰু বিকাশত গুৰুত্বপূৰ্ণ অৰিহণা যোগাইছে বুলিও মুখ্যমন্ত্ৰীয়ে কয়। জম্মু-কাশ্মীৰৰ বিকাশৰ অন্তৰায় হিচাপে চিহ্নিত সংবিধানৰ ৩৭০ অনুেচ্ছদ বাতিলৰ পদক্ষেপে জম্মু-কাশ্মীৰৰ বিকাশৰ দিশত বিশেষ পৰিৱেশৰ সূচনা কৰিব বুলিও মুখ্যমন্ত্ৰীয়ে কয়।

দেশৰ একতা আৰু অখণ্ডতাৰ দিশত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু অমিত শ্বাহে লোৱা পদক্ষেপে বিশেষ দিশৰ সূচনা কৰিছে বুলিও মুখ্যমন্ত্ৰীয়ে কয়। এক বিধান, এক প্ৰধান, এক নিচান সাব্যস্তকৰণৰ দিশত ই এক বৃহৎ পদক্ষেপ বুলিও মুখ্যমন্ত্ৰীয়ে কয়। এই পদক্ষেপে ভাৰতৰ নৱ-প্ৰজন্মৰ মাজত গভীৰ প্ৰত্যয়ৰ সূচনা কৰিছে বুলিও মুখ্যমন্ত্ৰীয়ে কয়। মুখ্যমন্ত্ৰীয়ে কাৰ্বি ভৱন আৰু ডিমাছা ভৱন নতুন দিল্লীত নিৰ্মাণৰ দিশত লোৱা পদক্ষেপৰ বাবে ডিমা হাছাও স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য দেবুলাল গাৰ্লোচা আৰু কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙকো ধন্যবাদ জ্ঞাপন কৰে। এই কাৰ্বি আৰু ডিমাছা ভৱনে অকল পাহাৰীয়া জিলা তিনিখনকে প্ৰতিনিধিত্ব নকৰে বুলি উল্লেখ কৰি ভৱন দুটা অসম তথা দেশৰ মৰ্যাদাৰ প্ৰতীক হিচাপে চিহ্নিত হ’ব বুলিও মুখ্যমন্ত্ৰীয়ে কয়।

এই ভৱন দুটাই প্ৰধানমন্ত্ৰীৰ ‘এক ভাৰত শ্ৰেষ্ঠ ভাৰত’ৰ ধাৰণাক প্ৰতিফলিত কৰাৰ দিশতো বিশেষভাৱে সহায় কৰিব বুলিও মুখ্যমন্ত্ৰীয়ে কয়। আজিৰ এই আধাৰশিলা স্থাপন অনুষ্ঠানত কেন্দ্ৰীয় ড’নাৰ মন্ত্ৰী ড০ জিতেন্দ্ৰ সিং, অসম চৰকাৰৰ বিত্ত, স্বাস্থ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই ভাষণ দিয়ে। অনুষ্ঠানত কেন্দ্ৰীয় খাদ্য সংসাধন দপ্তৰৰ ৰাজ্যিক মন্ত্ৰী ৰামেশ্বৰ তেলী, অসম চৰকাৰৰ পাৰ্বত্য অঞ্চল উন্নয়ন বিভাগৰ মন্ত্ৰী চুম ৰংহাং, ডিমা হাছাও স্বায়Mশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য দেবুলাল গাৰ্লোচা, কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাং, প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী বিজয়া চক্ৰৱৰ্তী, বহু কেইগৰাকী সাংসদ আৰু বিধায়কৰ লগতে গণ্য-মান্য ব্যক্তি উপস্থিত থাকে।

( News Cr : দৈনিক গণ অধিকাৰ | A Dainik Gana Adhikar News Report )