শেহতীয়া খবৰ
Home / আঞ্চলিক / এনআৰচিত নাম অন্তৰ্ভুক্ত নোহোৱা ভাৰতীয়ক আইনী সহায় কৰিব কংগ্ৰেছে

এনআৰচিত নাম অন্তৰ্ভুক্ত নোহোৱা ভাৰতীয়ক আইনী সহায় কৰিব কংগ্ৰেছে

ষ্টাফ ৰিপ’ৰ্টাৰ, গুৱাহাটী, ২০ আগষ্ট : ৰাষ্ট্ৰীয় নাগৰীকপঞ্জী উন্নীতকৰণ, চমুকৈ এনআৰচি প্ৰকাশ পাবলৈ মাজত মাত্ৰ দহটা দিন বাকী। অৰ্থাৎ ৩১ আগষ্টত প্ৰকাশ পাব চূড়ান্ত এনআৰচি। এনআৰচি প্ৰকাশৰ পিছত যাতে কোনো ধৰণৰ অপ্ৰীতিকৰ ঘটনা সংঘটিত নহয় তাৰ বাবে সকলোকে আইন-শৃংখলা বজাই ৰাখিবলৈ আহবান জনাইছে অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সভাপতি ৰিপুন বৰাই। প্ৰকৃত ভাৰতীয় নাগৰিক তীতিগ্ৰস্ত হোৱাৰ কোনো প্ৰয়োজন নাই। চূড়ান্ত এনআৰচিৰ পৰা বাদ পৰা ভাৰতীয়ক সকলো প্ৰকাৰে আইনী সহায় আগবঢ়াব কংগ্ৰেছে। সেয়ে সকলোকে সংযম আৰু আইন-শৃংখলা বজাই ৰাখিবলৈ আহবান জনায় সভাপতি ৰিপুন বৰাই। ইপিনে আজি প্ৰয়াত প্ৰধানমন্ত্ৰী ৰাজীৱ গান্ধীৰ ৭৫ সংখ্যক জন্মজয়ন্তী উপলক্ষে শিল্পগ্ৰামত আয়োজিত এক অনুষ্ঠানত অংশগ্ৰহণ কৰি সাংবাদিকৰ আগত আন কেতবোৰ চাঞ্চল্যকৰ মন্তব্য কৰে। তেওঁ কয় যে বিজেপি দলৰ শেহতীয়া কাৰ্যকলাপ দেখি এনেকুৱা লাগিছে যে তেওঁলোকে লোকৰ মঙহেৰে শকত হ’ব বিচাৰিছে।

ডিব্ৰুগড়ৰ সাংসদ তথা কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী ৰামেশ্বৰ তেলীয়ে বিজেপিলৈ আৰু বহু হাইপ্ৰফাইল নেতাই যোগদান কৰিব বুলি কৰা মন্তব্যৰ প্ৰত্যুত্তৰত বৰাই কয় যে বিজেপি দলৰ কেন্দ্ৰত চৰকাৰ, অসমত চৰকাৰৰ পূৰ্ণ জনমত আছে। ইয়াৰ পাছতো তেওঁলোকক কিহৰ কাৰণে লাগে ইমান কংগ্ৰেছৰ মানুহ। একেদৰে বিজেপিয়ে বিৰোধী দল নিঃশেষ কৰাৰ ষড়যন্ত্ৰত উঠিপৰি লাগিছে বুলি বৰাই আৰু কয় যে চলে-বলে-কৌশলে বিজেপিয়ে দললৈ মানুহ নি আছে। কাৰোবাক ভাবুকি দি, কাৰোবাক চিবিআইৰ তদন্তৰ ভয় দেখুৱাই, মিছা গোচৰ জাপি দিয়াৰ ভয় দেখুৱাই আৰু কাৰোবাক ব্লেকমেইলিং কৰি বহু নেতাক নিছে যদিও এইবোৰ অস্থায়ী।

তেওঁ লগতে কয় যে বিজেপিত আজিলৈকে দেশৰ বাবে আত্মবলিদান দিয়া মানুহ কোনো নাই বুলি মন্তব্য কৰি লগতে কয়— ‘আমাৰ কংগ্ৰেছত দেশৰ বাবে আত্মবলিদান দিয়া মানুহ বহুত আছে – মহাত্মা গান্ধী, ইন্দিৰা গান্ধী, ৰাজীৱ গান্ধীয়ে দেশৰ বাবে বলিদান দিছে। বিজেপিত তেনে কোনো নেতা নাই।’ বিজেপিৰ সৈতে থকা ৰাজনৈতিক প্ৰতিদ্বন্দ্বিতা আদৰ্শগত যুদ্ধ আখ্যা দিয়ে সভাপতিগৰাকীয়ে। তেওঁ কয় যে এইখন আদৰ্শগত যুদ্ধ। গতিকে বিজেপিয়ে যিমান কংগ্ৰেছী নেতা, পালিনেতা আৰু তৃণমূল কৰ্মীক তেওঁলোকৰ দললৈ নিনিয়ক কিয়, কংগ্ৰেছে সদায় আদৰ্শগতভাৱে বিজেপিৰ সৈতে যুঁজ কৰি যাব।

( News Cr : দৈনিক গণ অধিকাৰ | A Dainik Gana Adhikar News Report )