শেহতীয়া খবৰ
Home / আঞ্চলিক / চূড়ান্ত এনআৰচিৰ পৰা বাদ পৰিব কে’বালক্ষাধিক ভাৰতীয় লোকৰ নাম : সাংসদ আব্দুল খালেকৰ শংকা

চূড়ান্ত এনআৰচিৰ পৰা বাদ পৰিব কে’বালক্ষাধিক ভাৰতীয় লোকৰ নাম : সাংসদ আব্দুল খালেকৰ শংকা

ষ্টাফ ৰিপ’ৰ্টাৰ, গুৱাহাটী, ২০ আগষ্ট : ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী উন্নীতকৰণ, চমুকৈ এন আৰ চি প্ৰকাশক লৈ মাজত মাত্ৰ কেইটামান দিন বাকী থকা অৱস্থাতে শেহতীয়া কাম-কাজক লৈ মুখ খুলিছে বৰপেটা লোকসভা সমষ্টিৰ সাংসদ আব্দুল খালেকে। চূড়ান্ত এন আৰ চিৰ পৰা বাদ পৰিব কেইবা লক্ষাধিক ভাৰতীয় লোকৰ নাম। ৩১ আগষ্টত প্ৰকাশ পাবলগীয়া চূড়ান্ত এন আৰ চিখন সম্পূৰ্ণ শুদ্ধ হ’ব বুলি বিশ্বাস নকৰে সাংসদ খালেকে। আজি প্ৰয়াত প্ৰধানমন্ত্ৰী ৰাজীৱ গান্ধীৰ ৭৫ সংখ্যক জন্মজয়ন্তী অনুষ্ঠানত অংশগ্ৰহণ কৰি বৰপেটাৰ সাংসদগৰাকীয়ে এইবুলি কয় যে এখন শুদ্ধ এন আৰ চি হ’ব বুলি মই বিশ্বাস নকৰো। কাৰণ কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰৰ যি সংকল্প আৰু মনোবাঞ্ছা সঠিক নহয়। যেতিয়া সংকল্প শুদ্ধ নহয় তাত বহু কিবাকিবি হ’ব পাৰে।

সাংসদ আব্দুল খালেকে আৰু কয় যে যেতিয়া চৰকাৰ সঠিক নাথাকে, যিখন চৰকাৰৰ বিষয়া-কৰ্মচাৰীয়ে এন আৰ চি তৈয়াৰ কৰি আছে সেই চৰকাৰে এতিয়া পুনৰীক্ষণৰ কথা কয়। নিজৰ চৰকাৰৰ বিষয়া-কৰ্মচাৰীৰ ওপৰত বিশ্বাস নাই। চৰকাৰৰ মন্ত্ৰী-বিধায়কে বেলেগ বেলেগ কথা কৈ থাকে। সেয়ে ৩১ আগষ্টত যিখন এন আৰ চি প্ৰকাশ পাব তাত কে’বা লাখ ভাৰতীয় মানুহৰ নাম বাদ পৰিব বুলি শংকা প্ৰকাশ কৰি সাংসদ খালেকে আৰু কয়— ‘মোৰ ধাৰণা ভুল হ’লে মই ভাল পাম।’ অতি পৰিকল্পিতভাৱে আৰু ষড়যন্ত্ৰমূলকভাৱে কে’বা লক্ষাধিক ভাৰতীয় নাগৰিকৰ নাম এন আৰ চিৰ পৰা বাদ দিয়া হ’ব বুলি উল্লেখ কৰি তেওঁ আৰু কয় যে এন আৰ চিৰ ৰাজ্যিক সমন্বয়ক প্ৰতীক হাজেলা ব্লেকমেইলিঙৰ বলি হৈছে।

সৌ-সিদিনা উচ্চতম ন্যায়ালয়ৰ মজিয়াত পুনৰীক্ষণ নহয় বুলি উল্লেখ কৰিছিল। কিন্তু এতিয়া পুনৰীক্ষণ কৰি আছে। হাজেলা এগৰাকী আমোলা, চৰকাৰে যি নিৰ্দেশ দিয়ে তাকে পালন কৰিব লাগিব বুলি তেওঁ উল্লেখ কৰে। হাজেলা খলনায়কত পৰিণত হ’বলৈ বেছি দিন নাই বুলি উল্লেখ কৰি আব্দুল খালেকে আৰু কয় যে হাজেলাৰ অৱস্থা বেয়া কৰিছে আৰু বেয়া কৰাৰ সম্ভাৱনা আছে। ইপিনে চূড়ান্ত এন আৰ চি প্ৰকাশৰ পিছত সকলো ৰাইজকে শান্তি-শৃংখলা বজাই ৰখাৰ আহবান জনায় খালেকে। ৰাজ্যৰ মুখ্যমন্ত্ৰী সোণোৱাল সন্দৰ্ভত তেওঁ কটাক্ষ কৰি কয় যে অসমৰ মুখ্যমন্ত্ৰীজনৰ কথাৰ কোনো ঠিকনা নাই। মুখত ভাল ভাল কথা কয়, কিন্তু ভিতৰত ভেজালেৰে ভৰা। একেদৰে বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি অমিত শ্বাহৰ ওপৰত তিলমানো বিশ্বাস নাই বুলি উল্লেখ কৰি সাংসদগৰাকীয়ে কয় যে অমিত শ্বাহক কোনে বিশ্বাস কৰিব। যিজনৰ দেশৰ সংবিধানৰ ওপৰত বিশ্বাস নাই সেই অমিত শ্বাহক কোনে বিশ্বাস কৰে।

( News Cr : দৈনিক গণ অধিকাৰ | A Dainik Gana Adhikar News Report )