শেহতীয়া খবৰ
Home / আঞ্চলিক / ২২ ছেপ্টেম্বৰৰ পৰা ন’কএয়াৰে গুৱাহাটী-বেংককৰ মাজত আৰম্ভ কৰিব সেৱা

২২ ছেপ্টেম্বৰৰ পৰা ন’কএয়াৰে গুৱাহাটী-বেংককৰ মাজত আৰম্ভ কৰিব সেৱা

গুৱাহাটী, ২১ আগষ্ট : থাইলেণ্ডৰ ন’ক এয়াৰে গুৱাহাটী আৰু বেংককৰ মাজত সপ্তাহত দুবাৰকৈ পোনপটীয়া ন’ন্‌-ষ্টপফ্লাইট ২২ ছেপ্টেম্বৰত গুৱাহাটীৰ পৰা আৰম্ভ কৰিবলৈ লৈছে। গুৱাহাটীৰপৰা ফ্লাইট সেৱা বৃহস্পতিবাৰে আৰু সোমবাৰে উপলব্ধ হব আৰু বেংককৰপৰা সেৱা বুধবাৰে আৰু শনিবাৰে উপলব্ধ হব। ন’কএয়াৰ সেৱাই আকৰ্ষণীয় ভাড়া, নিমজচেক —ইন সুবিধা আৰু বিশ্বমানৰ ইনফ্লাইট সেৱাৰে সৈতে সম্পূৰ্ণ সেৱা আগবঢ়াব। ন’কএয়াৰে সীমিত সময়ৰ বাবে বিশেষ প্ৰাৰম্ভিক অফাৰ আগবঢ়াইছে য’ত অন্তৰ্ভুক্ত আছে প্ৰশংসামূলক গৰম খাদ্য আৰু ¸২০ কেজি বিনামূলীয়া বয়-বস্তুৰ অনুমতি। ফ্লাইটৰ তালিকা সাবধানে বাছনি কৰা হৈছে, য’ত গুৱাহাটীৰ পৰা ৰাতি ০১:৪০ বজাত প্ৰস্থান কৰিব আৰু বেংককত ৰাতিপুৱা ০৬:০০ বজাত উপস্থিত হ’ব। ফ্লাইটখন ব্যৱসায়ী আৰু পৰিভ্ৰমণকাৰী দুয়োধৰণৰ যাত্ৰীৰ বাবে উপযুক্ত সময়ত দিয়া হৈছে যাতে আমাৰ সকলো যাত্ৰীৰ বাবে অত্যধিক নমনীয় আৰু সুবিধাজনক কৰি তুলিব পাৰি। গুৱাহাটীৰ পৰা বেংককলৈ পোনপটীয়া ফ্লাইট আৰম্ভ কৰান’ক এয়াৰেই হৈছে প্ৰথম আন্তঃৰাষ্ট্ৰীয় বাহক।

ন’কএয়াৰৰ চিচিঅ’, বিচ আশা ৰেয়াফাডকুল, এনেদৰে মন্তব্য কৰে, “গুৱাহাটী কেৱল এখন গুৰুত্ব পূৰ্ণ ব্যৱসায়ৰ স্থানেই নহয় এইখন এখন বিশাল পৰ্যটন উদ্যোগৰ সম্ভাৱনা থকা ঠাই।” ন’কএয়াৰ , “থাই প্ৰিমিয়াম বাজেট এয়াৰলাইন”এ আমাৰ সকলো যাত্ৰী কমান সম্পন্ন সেৱা আৰু আৰাম দিবলৈ প্ৰতিজ্ঞাবদ্ধ যাতে তেওঁলোকে আমাৰ সৈতে হাঁহি মুখে যাত্ৰা কৰিব পাৰে” ন’কএয়াৰৰ চিচিঅ’, বিচআশা ৰেয়াফাডকুল, এনেদৰে মন্তব্য কৰে, “গুৱাহাটী কেৱল এখন গুৰুত্বপূৰ্ণ ব্যৱসায়ৰ স্থানেই নহয় এইখন এখন বিশালপৰ্যটন উদ্যোগৰ সম্ভাৱনা থকা ঠাই।” গ্ৰুপ কন কৰ্ডৰ মেনেজিং ডাইৰেক্টৰ ফুকৰাজচিংচুংএই বিষয়ে কয়, “আমি ভ্ৰমণকাৰী আৰু ব্যৱসায়ী দুয়োধৰণৰ যাত্ৰীৰ সুবিধা হোৱাকৈ সংযোগ কৰি গুৱাহাটীৰ পৰা বেংকক লৈ পোনপটীয়া ফ্লাইটৰ আৰম্ভণি ঘোষণা কৰিবলৈ পাই আনন্দিত হৈছো।এই ৰোমাঞ্চকৰ যাত্ৰাত এয়া আমাৰ প্ৰথম পদক্ষেপ আৰু ভৱিষ্যতে আমি অধিক সঘনতা আৰু গন্তব্য স্থল যোগ কৰিবলৈ বিচাৰিম। ফ্লাইট এতিয়া বিক্ৰীৰ বাবে মুকলি কৰি দিয়া হৈছে আৰু অন লাইন পৰ্টেল বা আপোনাৰ ট্ৰেভেল এজেন্টৰ দ্বাৰা আপুনি বুকিং কৰিব পাৰে।