শেহতীয়া খবৰ
Home / ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয় / আইএনএক্স মিডিয়া গোচৰত উচ্চতম ন্যায়ালয়ত চিদম্বৰম

আইএনএক্স মিডিয়া গোচৰত উচ্চতম ন্যায়ালয়ত চিদম্বৰম

ইডি-চিবিআইৰ দ্বাৰা প্ৰবীণ নেতাজনৰ চৰিত্ৰহননৰ চেষ্টাঃ ৰাহুল

নতুন দিল্লী, ২১ আগষ্টঃ আই এন এক্স মিডিয়া গোচৰত বোম্বে হাইক’ৰ্টে প্ৰাক্তন কেন্দ্ৰী মন্ত্ৰী পি চিদম্বৰমৰ আগতীয়া জামিন নাকচ কৰাৰ পিছত উচ্চতম ন্যায়ালয়ত হাইক’ৰ্টক প্ৰত্যাহবান জনাই দাখিল কৰা আবেদনৰ জৰুৰীভাৱে শুনানি গ্ৰহণ কৰাৰ প্ৰস্তুতি কৰিছে। বিচাৰপতি এন ভি ৰামান্নাই চিদম্বৰমৰ হৈ উচ্চতম ন্যায়ালয়ত উপস্থিত হোৱা জ্যেষ্ঠ অধিবক্তা কপিল সিববালে জনাই যে মুখ্য বিচাৰপতি ৰঞ্জন গগৈৰ ওচৰত এই গোচৰ দাখিল কৰা হ’ব। বিচাৰপতি ৰামান্নাই কয় যে ইতিমধ্যে মুখ্য বিচাৰপতিৰ আবেদন প্ৰেৰণ কৰা হৈছে। তেওঁ নিশ্চয় নিৰ্দেশ ঘোষণা কৰিব। ইফালে এনফ’ৰ্চমেণ্ট ডাইৰেক্টৰেট (ই ডি) আৰু চি বি আইৰ হৈ উচ্চতম ন্যায়ালয়ত উপস্থিত থকা ছলিচিটৰ জেনেৰেল তুষাৰ মেহতাই বিচাৰপীঠক জনায় যে চিদম্বৰমৰ বিৰুদ্ধে উত্থাপিত অভিযোগ হ’ল বৃহৎ পৰিমাণৰ ধনৰ অবৈধ আদান-প্ৰদান।

চি বি আইৰ এটা দলে আজি দ্বিতীয়বাৰৰ বাবে কংগ্ৰেছ নেতা তথা প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী চিদম্বৰমৰ বাসগৃহত পুনৰ ২৪ ঘণ্টাত প্ৰৱেশ কৰে। তদন্তকাৰী দলটো নিশ্চিত হয় যে জৰবাগৰ বাসগৃহত চিদম্বৰম উপস্থিত থকা নাছিল। কালি বিয়লি ৬.৩০ বজাত চিদম্বৰমৰ বাসগৃহত উপস্থিত হৈ তাত থকা বিভিন্ন লোকক জেৰা কৰিছিল। ইফালে ই ডিৰ এটা দলে চিদম্বৰমৰ বাসগৃহত উপস্থিত হয়।

চিদম্বৰমক বিচাৰি নোপোৱাৰ পিছত চিবিআয়ে এক জাননী জাৰি কৰি নিৰ্দেশ দিয়ে যে দুঘণ্টাৰ ভিতৰত তদন্তকাৰী সংস্থাটোৰ কাৰ্যালয়ত চিদম্বৰম উপস্থিত হ’ব লাগিব। চিদম্বৰমৰ বিৰুদ্ধে আই এন এক্স মিডিয়া গোচৰৰ অভিযোগ উত্থাপন কৰি বাৰম্বাৰ হাৰাশাস্তি কৰা আৰু আগতীয়া জামিনৰ বাবে কৰা আবেদন নাকচ কৰি প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰীজনক গ্ৰেপ্তাৰ কৰিবলৈ চি বি আই আৰু ই ডিক প্ৰেৰণ কৰাৰ জৰিয়তে প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদী চৰকাৰে চিদম্বৰমক কলংকিত কৰি তেওঁৰ চৰিত্ৰ হনন কৰা অভিযানত নামিছে বুলি কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে মন্তব্য কৰে।