শেহতীয়া খবৰ
Home / ব্যৱসায়-বাণিজ্য / পাৰ্লে বিস্কুট কোম্পানীয়ে ১০ হাজাৰ কৰ্মচাৰীক চাটাইৰ প্ৰস্তুতি

পাৰ্লে বিস্কুট কোম্পানীয়ে ১০ হাজাৰ কৰ্মচাৰীক চাটাইৰ প্ৰস্তুতি

জি এছ টিৰ ফলত বিক্ৰী হ্ৰাসঃ কৰ্মচাৰীৰ ভৱিষ্যৎ অন্ধকাৰ

বাঙ্গালুৰু, ২১ আগষ্টঃ ভাৰতৰ অন্যতম বিস্কুট নিৰ্মাতা কোম্পানী পাৰ্লে প্ৰডাক্টছ কোম্পানী  প্ৰাইভেট লিমিটেডে অতি শীঘ্ৰে কোম্পানীৰ অৰ্থনৈতিক মন্দাৱস্থাৰ বাবে ১০ হাজাৰৰো অধিক কৰ্মচাৰীক কামৰ পৰা চাটাই কৰাৰ প্ৰস্তুতি চলিছে। দেশৰ গ্ৰামাঞ্চলত পাৰ্লে কোম্পানীৰ উৎপাদিত সামগ্ৰীৰ চাহিদা বৃদ্ধি কৰিব নোৱাৰাৰ ফলত উদপাদন হ্ৰাস কৰিব লগা হৈছে বুলি এক সূত্ৰই  জানিবলৈ দিয়ে। এছিয়াৰ তৃতীয় বৃহৎ অৰ্থনৈতি শক্তি ভাৰতৰ শিল্প আৰু বাণিজ্যৰ ক্ষেত্ৰত খাদ্য সামগ্ৰীৰ পৰা আৰম্ভ কৰি চাৰি চকীয়া বাহনকে ধৰি সাজ-পোছাক তথা অন্যান্য প্ৰয়োজনীয় পণ্য সামগ্ৰীৰ বিক্ৰী সীমিত হৈ পৰাৰ ফলত প্ৰতিটো কোম্পানীৰ অৰ্থনৈতিক অৱস্থা সংকুচিত হ’বলৈ আৰম্ভ কৰিছে। কেন্দ্ৰীয় চৰকাৰে দেশখনৰ অৰ্থনৈতিক মন্দাৱস্থাৰ পৰা উদ্ধাৰ কৰি এক সতেজ গতি দিব পাৰিব বুলি আশা কৰা হৈছে।
পাৰ্লে কোম্পানীৰ বিভিন্নধৰণৰ বিস্কুটৰ বিক্ৰী অভাৱনীয়ভাৱে হ্ৰাস হোৱাৰ ফলতে ৮ পৰা ১০ হাজাৰ কৰ্মচাৰীক কোম্পানীটোৱে কামৰ পৰা অব্যাহতি দিবলৈ প্ৰস্তুতি চলাইছে বুলি কোম্পানীটোৰ মুম্বাইস্থিতি কাৰ্যালয়ৰ মুৰববী মায়ংক শ্বাহে আজি সাংবাদিকক কয়। কোম্পানীটোৰ বাণিজ্যিক স্থিতাৱস্থাৰ ক্ষেত্ৰত চৰকাৰে মধ্যৱস্থা নকৰিলে কৰ্মচাৰীসকলক চাটাই কৰাৰ বাদে বিকল্প পথ নাই  বুলি মন্তব্য কৰে। ১৯২৯ চনত স্থাপিত কোম্পোনীটোত প্ৰায় ১০,০০০০কৰ্মচাৰী আছে।
ইয়াৰে একাংশ কৰ্মচাৰী ঠিকাভিত্তিত নিয়োগ কৰা হৈছে। দেশৰ দহ স্থানত পাৰ্লে কোম্পোনীৰ দহটা উৎপাদন কেন্দ্ৰ আছে আৰু ইয়াৰ লগতে দেশৰ বিভিন্ন স্থানত ১২৫টা ভাৰাত চলোৱা উৎপাদন কেন্দ্ৰ আছে। ২০১৭ চনত কেন্দ্ৰীয় চৰকাৰে দেশজুৰি  বলৱৎ কৰা পণ্য আৰু সেৱা কৰ (জি এছ টি )ৰ বাবে কোম্পানীটোৱে ৫ টকা আৰু ৭ টকা মূল্যৰ সৰু সৰু বি¦³¨টৰ পেক বোৰ প্ৰস্তুত কৰাত ব্যৰ্থ হৈছে। উচ্চ হাৰৰ  জি এছ টিৰ বাবে সৰু সৰু পেকবোৰৰ মূল্যও বৃদ্ধি কৰাৰ ফলত গ্ৰাম্য ভাৰতত চাহিদা থকা সত্ত্বেও পাৰ্লে বিস্কুটৰ বিক্ৰী অভূতপূৰ্ব হাৰত হ্ৰাস পাবলৈ ধৰিছে।
দেশৰ দুই তৃতীয়াংশ লোকে বাস কৰা গ্ৰামাঞ্চলত পাৰ্লে বজাৰত শোচনীয় অৱনতি ঘটাৰ পিছত কোম্পানীটোৰ অৰ্থনৈতিক সংকোচন আৰম্ভ হৈছে আৰু ই অৰ্থনৈতিক সংকটৰ দিশে গতি কৰাৰ ফলতে ১০ হাজাৰৰো অধিক কৰ্মচাৰীক চাটাই কৰাৰ সিদ্ধান্ত ল’ব লগা হৈছে বুলি কোম্পানীটোৰ মুখ্য কাৰ্যবাহী বিষয়াগৰাকীয়ে জানিবলৈ দিয়ে।