শেহতীয়া খবৰ
Home / আঞ্চলিক / চিৰাঙত ষষ্ট শ্ৰেণীত অধ্যয়নৰত নাবালিকা ছাত্ৰীক বলপূৰ্বক দলবদ্ধ ধৰ্ষণ কৰাকলৈ সহস্ৰাধিক ছাত্ৰ – ছাত্ৰীৰ প্ৰতিবাদী সমদল 

চিৰাঙত ষষ্ট শ্ৰেণীত অধ্যয়নৰত নাবালিকা ছাত্ৰীক বলপূৰ্বক দলবদ্ধ ধৰ্ষণ কৰাকলৈ সহস্ৰাধিক ছাত্ৰ – ছাত্ৰীৰ প্ৰতিবাদী সমদল 

উপায়ুক্তলৈ স্মাৰকপত্ৰ এবছুৰ ৬ দিনে পলাতক প্ৰকৃত দোষীঃ ক্ষোভ  ঘটনাত ব্যবহৃত গাড়ী জব্দ, ড্ৰাইভাৰ আটক

গনবাৰ্তা, কাজলগাঁও , ২১ আগষ্টঃ  চিৰাং জিলা সদৰ কাজলগাঁৱৰ পাৰ্শ্বৱৰ্তী বৰতালোৱাস্থিত ৩১ নং ( চি ) ফৰলনযুক্ত ৰাষ্ট্ৰীয় ঘাইপথত থকা উৰনীয়া সেতুৰ ওপৰত যোৱা ১৫ আগষ্টত নিশা দুই লম্পট যুৱকে ষষ্ট শ্ৰেণীত অধ্যয়নৰত এগৰাকী ১২ বছৰীয়া কিশোৰীক চাৰিচকীয়া বাহনেৰে নিজ ঘৰৰ পৰা উঠাই আনি বাহনৰ ভিতৰতে বলপূৰ্বকভাৱে ধৰ্ষণ কৰা কাৰ্যৰ বিৰুদ্ধে আজি নিখিল বড়ো ছাত্ৰ সন্থা (এবছু )ৰ উদ্যোগত চিৰাং জিলা সদৰ কাজলগাঁৱৰ পাঁচখন স্কুল কলেজৰ সহস্ৰাধিক ছাত্ৰ – ছাত্ৰীয়ে প্ৰতিবাদী সমদল উলিয়ায় ।
চিৰাং জিলা সদৰ কাজলগাঁওস্থিত এবছুৰ জিলা কাৰ্যালয়ৰ পৰা দুপৰীয়া ১২ বজাত উলিওৱা উক্ত প্ৰতিবাদী সমদলত কাজলগাঁও হাইস্কুল ,  ইউ এন একাডেমী  , কাজলগাঁও এডুকেন্ট জুনিয়ৰ কলেজ , ইউ এন বি উচ্চতৰ মাধ্যমিক বিদ্যালয় আৰু ইউ এন বি কলেজৰ সহস্ৰাধিক ছাত্ৰ – ছাত্ৰীৰ লগতে এবছুৰ নেতা কৰ্মীয়ে উক্ত প্ৰতিবাদী সমদলত অংশগ্ৰহণ কৰে । উক্ত প্ৰতিবাদী সমদলটো ৩১ নং ( চি ) ফৰলেনযুক্ত ৰাষ্ট্ৰীয় ঘাইপথেৰে গৈ উপায়ুক্ত  আৰু আৰক্ষী অধীক্ষক কাৰ্যালয়ৰ সন্মুখেৰে পুনৰ ঘাইপথেৰে উভতি আহে । প্ৰতিবাদত অংশগ্ৰহণকাৰী ছাত্ৰ – ছাত্ৰী সকলে মহিলাক সন্মান দিয়ক , নাৰী নিৰ্যাতন বন্ধ কৰক , আমাক লাগে ন্যায় , ধৰ্ষণকাৰীক গ্ৰেপ্তাৰ কৰক , ধৰ্ষণকাৰীক ফাঁচি দিয়ক আদি শ্লোগানেৰে পৰিৱেশ উত্তাল কৰি তোলে ।প্ৰতিবাদী কৰ্যসূচীৰ অন্তত এবছুৰ কাজলগাঁও আঞ্চলিক সমিতিয়ে চিৰাং জিলা উপায়ুক্তক স্মাৰকপত্ৰ প্ৰেৰণ কৰি অতিশীঘ্ৰে দোষীক গ্ৰেপ্তাৰ কৰি পকছো আইনৰ অধীনত দৃষ্টান্তমুলক শাস্তি বিহাৰ বাবে দাবী জনোৱাৰ লগতে নিৰ্যাতিতা কিশোৰী গৰাকীক উপযুক্ত সাহায্য প্ৰদানৰ দাবী জনায় ।
ইপিনে , প্ৰতিবাদী কাৰ্য্যসুচীত উপস্থিত হৈ চিৰাং জিলা উপ আৰক্ষী অধীক্ষক প্ৰতাপ দাসে কয় যে যোৱা ১৫ আগষ্টৰ নিশা সংঘটিত উক্ত ঘটনা ১৬ আগষ্টতহে পোহৰলৈ আহে । আৰক্ষীয়ে ঘটনা সন্দৰ্ভত জানিব পাৰি লগে লগে শিশু নিৰ্যাতন প্ৰতিৰোধ আইনৰ অীনত গোচৰ পঞ্জীয়ন কৰি তদন্ত চলাই থকা হৈছে । ইতিমধ্যে ধৰ্ষনত ব্যৱহৃত বলেৰো গাড়ীখন জব্দ কৰাৰ লগতে তাৰ চালক জনকো গ্ৰেপ্তাৰ কৰা হৈছে । মুল অভিযুক্ত জনক আৰক্ষীয়ে ইতিমধ্যে চিনাক্ত কৰিছে । লগতে বিষয়া গৰাকীয়ে অতিশীঘ্ৰে দোষীক গ্ৰেপ্তাৰ কৰাৰ নিশ্চয়তা প্ৰদান কৰে ।
উল্লেখ্য যে , যোৱা ১৫ আগষ্টত চিৰাং জিলা সদৰ কাজলগাঁৱত ষষ্ঠ শ্ৰেণীত অধ্যয়নৰত এগৰাকী ছাত্ৰীক বলপূৰ্বকভাৱে দুই যুৱকে ঘৰৰ সন্মুখৰ পৰা মুখত সোপা দি বলেৰো গাড়ীত উঠাই লৈ যায়  । জিলাখনৰ ঢালিগাঁও থানাৰ অন্তৰ্গত বৰতালোৱাস্থিত ৩১ নং ( চি ) ফৰলেনযুক্ত ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰত উৰনীয়া সেঁতুৰ ওপৰত নিশা এই জঘন্য কাণ্ড সংঘটিত কৰে উক্ত দুই যুৱকে । কোনোমতে নিজৰ প্ৰাণ ৰক্ষা কৰি কিশোৰী গৰাকীয়ে যুৱকদ্বয়ৰ পৰা পলাই সাৰিবলৈ সক্ষম হয় ৷ ৰাষ্ট্ৰীয় ঘাইপথেৰে পলায়ন কৰাৰ সময়তে কিশোৰী গৰাকীক বৈখুনগাঁওৰ এজন বয়োজ্যেষ্ঠ লোকে উদ্ধাৰ কৰি ঢালিগাঁও আৰক্ষীক খবৰ দিয়ে ।কিশোৰী গৰাকীৰ পিতৃয়ে ঘটনা সন্দৰ্ভত জানিব পাৰি পিছদিনাখন ঢালিগাঁও থানাত এক এজাহাৰ দাখিল কৰে । এই সন্দৰ্ভত ভাৰতীয় দণ্ডবিধিৰ ধাৰা ১৭৬ ( বি ) আৰু শিশু যৌন নিৰ্যাতন প্ৰতিৰোধী আইনৰ অধীনত ১৭৪/১৯ নম্বৰত ঢালিগাঁও আৰক্ষী থানাত এক গোচৰ পঞ্জীয়ন কৰি আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে ।
আৰক্ষীয়ে ইতিমধ্যে  ঘটনাত ব্যবহৃত এ এছ – ২৬ চি – ৫৬৭৩ নম্বৰৰ বলেৰ গাড়ীখন নিজৰ জিম্মাত লোৱাৰ লগতে কাজলগাঁও নগৰ সমিতিৰ ১ নং ৱাৰ্ডৰ অন্তৰ্গত বৈখুনগাঁৱৰ কাজিমুদ্দিনৰ পুত্ৰ শ্বৰীফ আলী আৰু বলেৰখনৰ চালক গোৱালপাৰা জিলাৰ বগুৱানৰ ৰবিউল ইছলামক আটক কৰিছে । উক্ত জঘন্য ঘটনাৰ মূল অভিযুক্ত শ্বৰীফ উদ্দিনৰ পুত্ৰ মহিবুল আলী ( ২২ ) ক বিচাৰি আৰক্ষীয়ে অভিযান অব্যাহত ৰাখিছে যদিও বৰ্তমানলৈ পাপীষ্টটো পলাতক হৈ আছে । ইপিনে , ঘটনা সন্দৰ্ভত এবছুৰ উপৰিও আমছু , এবিএমছু , বজৰং দল , আবৌফ , জনজাতি সুৰক্ষা মঞ্চ , ট্ৰাইবেল সংঘ , বড়ো সাহিত্য সভা আদি দল সংগঠনে তীব্ৰ ভাষাৰে নিন্দা কৰি দোষীক দৃষ্টান্তমূলক শাস্তি প্ৰদানৰ দাবী জনাইছে ।