শেহতীয়া খবৰ
Home / ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয় / অনুচ্ছেদ ৩৭০ বাতিলৰ পিছত জম্মু-কাশ্মীৰত সন্ত্ৰাসবাদীৰ সৈতে প্ৰথম সংঘৰ্ষ

অনুচ্ছেদ ৩৭০ বাতিলৰ পিছত জম্মু-কাশ্মীৰত সন্ত্ৰাসবাদীৰ সৈতে প্ৰথম সংঘৰ্ষ

বাৰামুল্লা, ২১ আগষ্টঃ জম্মু আৰু কাশ্মীৰৰ পৰা সংবিধানৰ অনুেচ্ছদ ৩৭০ বাতিল কৰি ৰাজ্যখনৰ বিশেষাধিকাৰ প্ৰত্যাহাৰ কৰাৰ পিছত কালি প্ৰথম বাৰৰ বাবে সন্ত্ৰাসবাদী আৰু নিৰাপত্তাৰক্ষীৰ মাজত হোৱা সংঘৰ্ষত বাৰামুল্লা জিলাত এজন এছ পি অ’ (আৰক্ষী বিষয়া) নিহত আৰু¸ আন এজন আৰক্ষীৰ জোৱান গুৰুতৰভাৱে আহত হয়। এই সংঘৰ্ষৰ ফলত এজন সন্ত্ৰাসবাদী নিহত হয় যদিও তেওঁৰ পৰিচয় উদ্ধাৰ হোৱা নাই।

আহত উপ-আৰক্ষী পৰিদৰ্শক অমৰদীপ পৰিহাৰক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে। কালি সন্ধিয়া আৰম্ভ হোৱা আৰক্ষী- সন্ত্ৰাবাদীৰ সংৰ্ঘ মাজনিশাপৰ্যন্ত অব্যাহত থাকে। আজি পুৱা ৫.৩০ বজাত কাশ্মীৰ আৰক্ষীয়ে ঘোষণা কৰে যে সংঘৰ্ষৰ অন্ত পৰিছে আৰু এজন সন্ত্ৰাসবাদী নিহত হৈছে। সন্ত্ৰাসবাদীৰ জিম্মাৰ পৰা অস্ত্ৰ-শস্ত্ৰ উদ্ধাৰ কৰা বুলি দাবী কৰিছে।