শেহতীয়া খবৰ
Home / ক্ৰীড়া / নতুন টেষ্ট জাৰ্ছীত দেখা গ’ল বিৰাট বাহিনীক

নতুন টেষ্ট জাৰ্ছীত দেখা গ’ল বিৰাট বাহিনীক

এণ্টিগা, ২১ আগষ্টঃ বিৰাট কোহলী নেতৃত্বাধীন ভাৰতীয় ক্ৰিকেট দলে ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে টেষ্ট মেচৰ শৃংখলা খেলিবলৈ খেলপথাৰত নামিব আৰু ইয়াৰ লগে লগে ৱৰ্ল্ড টেষ্ট চেম্পিয়নশ্বিপত ভাৰতৰ অভিযানো আৰম্ভ হ’ব। এই অভিযানৰ পূৰ্বে টেষ্ট ক্ৰিকেটৰ নতুন জাৰ্ছীৰ সৈতে অধিনায়ক বিৰাট কোহিল, আজিংক ৰাহানেৰ লগতে টীম ইণ্ডিয়াৰ ফটো ছেছন হয়। টেষ্ট ক্ৰিকেটৰ নতুন জাৰ্ছীৰ পিছফালে খেলুৱৈৰ নাম আৰু নম্বৰ লিখা আছে।

কুলদীপ যাদৱে ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে বিগত দুখন এদিনীয়া মেচত মুঠ তিনিটা উইকেট লৈছিল। একেদৰে ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে তিনিদিনীয়া অনুশীলন মেচত তেওঁ ৩৫ ৰান দি তিনিটা উইকেট লৈছিল। অনুশীলন মেচত আজিংক ৰাহানেয়েও শতক অৰ্জন কৰি প্ৰথমখন টেষ্ট মেচৰ বাবে দলত নিজৰ দাবী মজবুত কৰিছিল। ৰাহানেৰ বেটৰ পৰা যথেষ্ট দীঘলীয়া সময়ৰ পিছত ভাৰতৰ বাবে অৰ্ধ শতক ওলাইছিল।

ৱেষ্ট ইণ্ডিজ ভ্ৰমণত ঋষভ পেণ্ট এতিয়ালৈকে বিশেষ একো কৰিব পৰা নাই। ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে তিনিখন এদিনীয়া মেচত তেওঁৰ সৰ্বাধিক স্ক’ৰ ২০ ৰান আছিল। একেদৰে তিনিখন টি-২০ মেচৰ শৃংখলাত তেওঁৰ শক্তিশালী ইনিংছ ৬৫ ৰানৰ আছিল। অনুশীলন মেচতো ৩৩ আৰু ১৯ ৰানৰ ইনিংছ খেলিছিল। টেষ্ট ক্ৰিকেটৰ বিশেষজ্ঞ শ্বেটেশ্বৰ পূজাৰাই অনুশীলন মেচত শতক অৰ্জন কৰি দেখুৱাই দিছিল যে তেওঁ এতিয়াও পুৰণা ফৰ্মতে আছে। পূজাৰাই ভাৰতৰ হৈ ইয়াৰ আগৰখন টেষ্ট এই বছৰতে জানুৱাৰীৰ আৰম্ভণিতে খেলিছিল।