শেহতীয়া খবৰ
Home / আঞ্চলিক / কোকৰাঝাৰত সাংসদ নৱ কুমাৰ শৰণীয়াৰ হুংকাৰ : বিটিচিৰ ৩৫ খন আসন দখল কৰিম 

কোকৰাঝাৰত সাংসদ নৱ কুমাৰ শৰণীয়াৰ হুংকাৰ : বিটিচিৰ ৩৫ খন আসন দখল কৰিম 

কোকৰাঝাৰ. ২১ আগষ্ট : বিটিচিৰ মুখ্যকেন্দ্ৰ কোকৰাঝাৰত উপস্থিত হৈ আজি কোকৰাঝাৰ লোকসভাৰ সাংসদ নৱ কুমাৰ শৰণীয়াই বিটিচি দখল কৰাৰ হুংকাৰ প্ৰদান কৰিছে । অতি শীঘ্ৰেই বিটিচিত নতুন ৰাজনৈতিক দল গঠন কৰা হব বুলি মন্তব্য কৰি নৱ কুমাৰ শৰণীয়াই বিটিচি নিৰ্বাচনত নৱগঠিত দলে ৩৫ খন আসনতে জয়যুক্ত হব বুলি দাবী কৰিছে ।

আসাম স্কীল ডেভেলপমেণ্টৰ অধীনত আজি কোকৰাঝাৰত আচাৰ বনোৱা প্ৰশিক্ষণ কেন্দ্ৰ মুকলি কৰি সাংসদ নৱ কুমাৰ শৰণীয়াই প্ৰশিক্ষণ আৰু উদ্যোগৰ প্ৰয়োজনীয়তাৰ কথা উল্লেখ কৰি বজাৰ সৃষ্টি কৰাৰ ওপৰতো গুৰুত্ব আৰোপ কৰে । কেঁচামালৰ অভাৱ নাই যদিও বজাৰৰ অভাৱৰ বাবেই বহু থলুৱা উদ্যোগে সংকটত ভোগে বুলি উল্লেখ কৰি উৎপাদিত সামগ্ৰী বিদেশৰ বজাৰলৈ ৰপ্তানি কৰাৰ বাবে যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিব বুলি সদৰি কৰে ।
আনহাতে অনুষ্ঠানৰ পিছত সাংবাদিকৰ এক প্ৰশ্নত্তোৰত সাংসদ নৱ কুমাৰ শৰণীয়াই বিটিচি দখলৰ হুংকাৰ প্ৰদান কৰি বিটিচিৰ অপশাসন -দূৰ্নীতিৰ ওপৰতো বক্তব্য প্ৰদান কৰে । শীঘ্ৰে বিটিএডি আৰ্মী গঠন কৰা হব বুলিও মন্তব্য কৰি শৰণীয়াই ৰাজনীতি মানে সমস্যা বঢ়োৱাটো নহয় বৰং সমস্যাৰ সমাধান হে বুলিও তাপপৰ্যপূৰ্ণ মন্তব্য কৰে । বিটিএডিৰ বড়ো অবড়োৰ সমস্যা ৰাজনৈতিকভাৱে সমাধানৰ পোষকতা কৰিছে নৱ কুমাৰ শৰণীয়াই । তদুপৰি বিষয়া-কৰ্মচাৰীৰ দূৰ্নীতি , অপশাসন, বিশেষ দলৰ প্ৰতি থকা আনুগাত্যৰ অৱসান ঘটাৰ কামনা কৰিছে সাংসদ নৱ কুমাৰ শৰণীয়াই ।