শেহতীয়া খবৰ
Home / ৰাজনীতি / বিশেষ নিউজ ৰিপ’ৰ্ট | অৱশেষত চিবিআইৰ হাতত গ্ৰেপ্তাৰ হ’ল প্ৰাক্তন বিত্তমন্ত্ৰী পি চিদম্বৰম

বিশেষ নিউজ ৰিপ’ৰ্ট | অৱশেষত চিবিআইৰ হাতত গ্ৰেপ্তাৰ হ’ল প্ৰাক্তন বিত্তমন্ত্ৰী পি চিদম্বৰম

ওৰে নিশা গোপন স্থানত চলিল মাৰাথন জেৰা

ডিজিটেল ডেস্ক, ২১, আগষ্টঃ  আই এন এক্স মিডিয়া গোচৰত অভিযুক্ত প্ৰাক্তন কেন্দ্ৰীয় বিত্তমন্ত্ৰী পি চিদম্বৰম অৱশেষত গ্ৰেপ্তাৰ হ’ল। অগ্ৰীম জামিন বিচাৰি বাৰম্বৰ মুখ থেকেচা খোৱাৰ পিছত আজি নিশাৰ ভাগত চি বি আই আৰু ই ডিৰ দলে দিল্লী আৰক্ষীৰ সহযোগত জৰ বাৰ্গস্থিত নিজ বাসগৃহৰ পৰা পি চিদম্বৰক গ্ৰেপ্তাৰ কৰে। চিদম্বৰক গ্ৰেপ্তাৰ কৰি চি বি আই আৰু ই ডিৰ দলে এক গোপন স্থানত ৰাখি মাৰথান জেৰা চলায়। মন কৰিবলগীয়া যে চিদম্বৰমে বিদেশলৈ পলায়ন কৰাৰ আশংকা কৰি ইতিমধ্যে ই ডিৰ দলে লুক আউট নটিচ জাৰি কৰিছে। আজি নিশাৰ ভাগত চি বি আই আৰু ই ডিৰ দলে অতৰ্কিতে চিদম্বৰমৰ ঘৰত প্ৰৱেশ কৰি প্ৰাক্তন কেন্দ্ৰীয় বিত্তমন্ত্ৰীগৰাকীক গ্ৰেপ্তাৰ কৰে। নাটকীয়ভাৱে অভিযানকাৰী দলটোৱে চিদম্বৰমৰ বাসগৃহৰ সুউচ্চ দেৱাল বগাই সমগ্ৰ গৃহটো ঘেৰি ৰাখে। যাতে কোনোপ্ৰকাৰে চিদম্বৰম নিজ বাসগৃহৰ পৰা পলায়ন কৰিব নোৱাৰে।

অৱশেষত সকলোধৰণৰ জল্পনা-কল্পনাৰ অন্ত পেলাই চিদম্বৰম গ্ৰেপ্তাৰ হ’ল। উল্লেখ্য যে আই এন এক্স মিডিয়া গোচৰত অভিযুক্ত চিদম্বৰমে অগ্ৰীম বিচাৰি ব’ম্বে হাই ক’ৰ্টৰ দ্বাৰস্থ হৈছিল। কিন্তু হাই ক’ৰ্টে উক্ত জামিন নাকচ কৰিছিল। পৰৱৰ্তী সময়ত উক্ত উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ হয়। উচ্চতম ন্যায়ালয়তো অগ্ৰীম বিচাৰি পি চিদম্বৰম মুখ থেকেচা খাবলগীয়া হয়। আনকি আজি ছঘণ্টাৰ ভিতৰত চিদম্বৰমৰ দুখনকৈ নাকচ হৈছিল। অগ্ৰীম জামিন আবেদন নাকচ হোৱাৰ পিছতে চি বি আই আৰু ই ডিৰ দলে অধিক তৎপৰ হৈ পৰে।

নতুন দিল্লীস্থিত চিদম্বৰমৰ বাসগৃহৰ চৌদিশে নিৰাপত্তা ব্যৱস্থা গঢ়ি তোলে। যাতে চিদম্বৰম কোনো কাৰণতে বিদেশলৈ পলায়ন কৰিব নোৱাৰে তাৰ বাবে কটকটীয়া নিৰাপত্তা ব্যস্তনী গঢ়ি তুলিছিল। এনে ব্যস্তনীৰ মাজতে আজি নিশাৰ ভাগত চি বি আই আৰু ই ডিৰ দলে অতৰ্কিতে অভিযান চলাই প্ৰাক্তন বিত্তমন্ত্ৰীগৰাকীক গ্ৰেপ্তাৰ কৰে। কাইলৈ চি বি আইৰ আদালতত হাজিৰ কৰিব চিদম্বৰমক।