শেহতীয়া খবৰ
Home / আঞ্চলিক / অসমত কোটি টকীয়া ফ্লিম ফেয়াৰৰ প্ৰস্তুতি,কাজিৰঙাত পৰ্যতনৰ বিধস্ত ৰূপ

অসমত কোটি টকীয়া ফ্লিম ফেয়াৰৰ প্ৰস্তুতি,কাজিৰঙাত পৰ্যতনৰ বিধস্ত ৰূপ

গণবাৰ্তা, কাজিৰঙা : অসমত ৰাজ্য চৰকাৰ উদ্যোগত ৩০০ কোটি টকা ব্যয় সাপেক্ষে ফ্লীম ফেয়াৰ এৱাৰ্ডৰ প্ৰস্তুতিৰ বিপৰীতে কাজিৰঙাত অসম পৰ্যটনৰ বিধ্বস্ত ৰূপ ৷কাজিৰঙাত ধ্বংসৰ গৰাহত অসম পৰ্যটন বিভাগৰ পৰ্যটন নিবাস ৷কিন্তু তাৰ প্ৰতি ভ্ৰূক্ষেপ নাই ৰাজ্য চৰকাৰৰ ৷উল্লেখযোগ্য কাজিৰঙাত পৰ্যটন বিভাগৰ পৰ্যটন নিবাস সমূহৰ উন্নয়নৰ প্ৰতি ৰাজ্য চৰকাৰৰ তিলমানো আগ্ৰহ নোহোৱাৰ বাবে পৰ্যটন নিবাস সমূহৰ আৰম্ভ হৈছে শ্মশান যাত্ৰা ৷ইয়াৰ মাজতে শেহতেয়াকৈ অসম পৰ্যটন বিভাগৰ অধীনস্থ” জুপুৰিঘৰ” নামৰ পৰ্যটক নিবাসটোও চৰকাৰ অৱহেলাৰ বাবে জহিখহি যোৱাৰ উপক্ৰম হৈছে ৷আধুনিক প্ৰযুক্তি প্ৰয়োগ কৰি বাঁহেৰে নিৰ্মিত অসম আৰ্হিৰ বহু কেইটা কটেজেৰে আটকধুনীয়াকৈ নিৰ্মান কৰা জুপুৰি ঘৰ আছিল দেশী পৰ্যটকৰ লগতে বিদেশী পৰ্যটকৰ বাবে অতি আকৰ্ষণীয় ৷২০০৭ চনতে প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে উদ্ধোধন কৰা পৰ্যটক নিবাসটো ব্যক্তিগত খণ্ডৰ যোগেদি চলাই আছিল অসম পৰ্যটন বিভাগে ৷য’ত ৩০ জনতকৈ অধিক স্থানীয় যুৱক যুৱতীয়ে সংস্থাপন লাভ কৰিছিল ৷কিন্তু ২০১৮ চনত ব্যক্তিগত খণ্ডৰ লগত চুক্তিৰ ম্যাদ অন্ত পৰাৰ পাছতে তলা উলমিল সাৱলীল ভাৱে চলি থকা জুপুৰিঘৰত ৷এতিয়া প্ৰায় দুটা বছৰ অৱহেলিত ভাৱে পৰি থকা জুপুৰিত ভূত বাংলা সদৃশ পৰিবেশ ৷হাবি জংঘলেৰে আৱৰি ধৰিছে আটকধুনীয়া কটেজ সমূহ ৷জহিখহি গৈছে পৰ্যটক নিবাসটোৰ প্ৰতিটো কটেজৰ লগতে আচবাব ৷এনেক্ষেত্ৰত ৰাজহুৱা সম্পত্তিৰ এনে অৱক্ষয়ৰ বিৰোদ্ধে ক্ষুভ উজাৰিছে স্থানীয় লোকে ৷স্থানীয় লোকৰ দাবী চৰকাৰে অতি সোনকালে পৰ্যটন নিবাসটো পুনৰ্জীৱিত ব্যৱস্থা কৰি ৰাজহুৱা সম্পত্তি সংৰক্ষণ কৰাৰ লগতে স্থানীয় যুৱক যুৱতীক সংস্থাপন দিয়াৰ ব্যৱস্থা  কৰক ৷