শেহতীয়া খবৰ
Home / আঞ্চলিক / পুৰণিগুদামত দেশীয় গৰিয়া মৰিয়া পৰিষদৰ উত্তাল প্ৰতিবাদ : আজান পীৰৰ বিৰুদ্ধে কটু মন্তব্য কৰা শিলাদিত্য দেৱৰ প্ৰতিকৃতি দাহ 

পুৰণিগুদামত দেশীয় গৰিয়া মৰিয়া পৰিষদৰ উত্তাল প্ৰতিবাদ : আজান পীৰৰ বিৰুদ্ধে কটু মন্তব্য কৰা শিলাদিত্য দেৱৰ প্ৰতিকৃতি দাহ 

গণ বাৰ্তা, পুৰণিগুদাম, ২২ আগষ্ট : জিকিৰ আৰু জাৰি গীতৰ স্ৰষ্টা আজান পীৰকলৈ কটু মন্তব্য কৰা বিজেপিৰ বিধায়ক শিলাদিত্য দেৱৰ বিৰুদ্ধে আজি নগাঁও জিলাৰ পুৰণিগুদামত দেশীয় গৰিয়া মৰিয়া পৰিষদৰ অৰ্ধশতাধিক সদস্যই উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে ৷ আজান পীৰৰ জিকিৰ আৰু জাৰিক সাধাৰণ গীতৰ লগত তুলনা কৰা বিজেপিৰ বিধায়ক শিলাদিত্য দেৱৰ বিৰুদ্ধে দেশীয় গৰিয়া মৰিয়া পৰিষদৰ অৰ্ধশতাধিক সদস্যই আজি উত্তাল প্ৰতিবাদ সাব্যস্ত কৰাৰ লগতে ৰাষ্ট্ৰয় ঘাই পথত বিধায়ক গৰাকীৰ প্ৰতিকৃতি দাহ কৰে ৷

উল্লেখ্য যে শিলাদিত্য দেৱে সংবাদ মাধ্যমৰ আগত আজান পীৰৰ বিৰুদ্ধে কটু মন্তব্য কৰি অসম শংকৰ আজানৰ দেশ নহয় বুলি কোৱাৰ লগতে অসম শংকৰ মাধৱৰ দেশ বুলি উল্লেখ কৰিছিল ৷ সংগঠণটোৰ অৰ্ধশতাধিক প্ৰতিবাদকাৰী নেতা-কৰ্মীয়ে আজি অসমৰ ইতিহাসৰ বিষয়ে সাধাৰণ জ্ঞান নথকা শিলাদিত্যক অসমৰ ইতিহাস সম্পৰ্কে অধ্যয়ন কৰিবলৈ আহ্বান জনাই ৷