শেহতীয়া খবৰ
Home / আঞ্চলিক / নলবাৰী জিলাৰ সুৰাদীৰ ৩১নং ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হয় এক ভয়ংকৰ পথ দুৰ্ঘটনা

নলবাৰী জিলাৰ সুৰাদীৰ ৩১নং ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হয় এক ভয়ংকৰ পথ দুৰ্ঘটনা

৩১নং ৰাষ্ট্ৰীয় ঘাইপথত নতুনকৈ বহুওৱা দীঘলীয়া স্পীড বেকাৰত গাড়ীৰ গতি কম কৰোতে পিছপাছৰ পৰা অহা ট্ৰাক এখনে

নলবাৰী, ২২ আগষ্ট : AS16D-2000 হোণ্ডাই চেন্টাফি( Hyundai Santa Fe ) গাড়ীখনত তীব্ৰগতিত খুন্দা মাৰে আৰু গাড়ীখন দীঘলীয়া স্পীডবেকাৰ পাৰ হৈ  থকা বাছ এখনত খুন্দা মাৰে।।দুৰ্ঘটনা সংঘটিত কৰি ট্ৰাকখন পলায়ন কৰিবলৈ সক্ষম হয়।দুৰ্ঘটনাত কোনো লোক হতাহত হোৱানাই যদিও ৩১নং ৰাষ্ট্ৰীয় ঘাইপথত বহুওৱা এই স্পীডবেকাৰসমূহ স্লিলিং পুলিচৰ বিপৰীতে স্লিলিং এনিমিৰূপেহে কাম কৰি আছে।স্পীডবেকাৰসমূহত কোনো নীতি নিৰ্দেশনা বিপদ সূচক চিন নাই।যাৰ ফলত সঘনে গুৱাহাটী অভিমুখী ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথটোত দিনক দিনে এনে ঘটনা বৃদ্ধি পাবলৈ লৈছে।।