শেহতীয়া খবৰ
Home / প্ৰৱন্ধ / অসমৰ চৰ-চাপৰিৰ কৃষ্টি ‘লাঠিবাৰি’

অসমৰ চৰ-চাপৰিৰ কৃষ্টি ‘লাঠিবাৰি’

আৰম্ভণঃ  অসমৰ চৰ-চাপৰিত বসবাস কৰা ইছলাম ধৰ্মাৱলম্বী লোকসকল বিশ্বৰ আন আন জাতি-জনগোষ্ঠীৰ দৰে নিজা লোক সংস্কৃতিৰে চহকী । এই জনগোষ্ঠীটোৰ অন্তৰ্গত আটাইতকৈ চহকী হৈছে লাঠিবাৰি। সকলো জাতি-জনগোষ্ঠীৰে যিদৰে একো একোটা মুখ্য তথা প্ৰতিনিধিত্বমূলক কৃষ্টি থাকে, যাৰ নামেৰে আমি সেই জাতি বা জনগোষ্ঠীটোক জানো বা চিনি পাওঁ। ঠিক তেনেদৰে লাঠিবাৰি অসমৰ চৰ-চাপৰিত বসবাস কৰা মিঞা জনগোষ্ঠীৰ লোকসংস্কৃতিৰ ধ্বজা বাহক স্বৰূপ। উল্লেখ্য যে এই জনগোষ্ঠীটোৰ ইতিহাস বৰ্জন আৰু গ্ৰহণৰ ইতিহাস। এই জনগোষ্ঠীটোৱে নিজৰ ভাষা-সংস্কৃতিক একাষৰীয়া কৰি থৈ অসমীয়া ভাষা-সংস্কৃতিক বুকুৰ আপোন কৰি লোৱা দিশটো নিশ্চয়কৈ শলাগীবলগীয়া। এওঁলোকে নিজৰ ভাষা সংস্কৃতিতকৈ অসমীয়া ভাষা সংস্কৃতিক অধিক শ্ৰদ্ধা কৰে। মিঞাই অসমীয়া ভাষা মাতৃভাষা হিচাপে গ্ৰহণ কৰিছে। তেনেদৰে মিঞাই বহু অসমীয়া কৃষ্টি গ্ৰহণ কৰিছে। আনহাতে ভালেখিনি নিজা কৃষ্টিৰ প্ৰতি মিঞাসকলে অনিহা ভাৱ পোষণ কৰা দেখা যায়। যাৰ বাবে সেইবোৰ তেওঁলোকৰ মাজৰ পৰা হেৰাই যাব ধৰিছে। ইয়াৰোপৰি অতি গুৰুত্বপূৰ্ণ ভাৱে এই জনগোষ্ঠীৰ সৰ্বত্ৰে অসমীয়া ভাষা-সংস্কৃতিৰ প্ৰভাৱ বৰ চকুত লগা ধৰণৰ। এওঁলোকৰ ঘৰত কোৱা দোৱানত যিদৰে অসমীয়া শব্দ আৰু কথন ভংগীৰ প্ৰভাৱ গুৰুত্বপূৰ্ণ তেনেদৰে এই জনগোষ্ঠীটোৰ লোক কৃষ্টিতো আচৰিত ধৰণে অসমীয়া কৃষ্টিৰ প্ৰভাৱ পৰিছে। সন্তোষজনকভাৱে এনে বিৱৰ্তনক জনগোষ্ঠীটোৰ লোকসমাজে আদৰি লৈছে আৰু সকলো ক্ষেত্ৰতে নৱীকৰণৰ তথা অসমীয়াকৰণৰ সপক্ষে মত পোষণ কৰা দেখা যায়। উল্লেখনীয়ভাৱে লাঠিবাৰি তেনে বিবৰ্তনৰ মাজেৰে বেছি আকৰ্ষণীয় ৰূপ ধাৰণ কৰা পৰিলক্ষিত হৈছে। লাঠিবাৰিৰ লাঠিয়ালযখেলুৱৈসকলৰ পোছাক সম্প্ৰতি সম্পূৰ্ণ অসমীয়া পোছাক।

লাঠিবাৰি সম্পৰ্কে ইতিমধ্যে বিভিন্ন কাকত-আলোচনীত লেখা-মেলা হৈছে। বৈদ্যুতিক মাধ্যমতো ভালেখিনি সম্প্ৰচাৰো হৈছে। উল্লেখযোগ্য যে, লাঠিবাৰিক বিষয় হিচাপে লৈ মীৰ্জা লুৎফৰ ৰহমান আৰু ছেলিম এম হুছেইনে দ্বৈত প্ৰচেষ্টাৰে ২০১০ চনত লাঠিবাৰি (Lathibari) নামেৰে এখন তথ্যচিত্ৰ নিৰ্মাণ কৰি উলিয়াইছে। যিখন তথ্যচিত্ৰ সম্পাদনাৰ কাম কৰিছে ছবি নিৰ্মাতা তথা সম্পাদক কাজু মজিদে। দৰাচলতে, চৰ-চাপৰিবাসী ‘লাঠিবাৰি’ৰ এক নিশ্চিত ভৱিষ্যৎ প্ৰতিষ্ঠাৰ পৰিকল্পনাৰ পক্ষত। সেয়ে লাঠিবাৰি কেন্দ্ৰিক চৰ্চা নতুন নহ’লেও আমি এই চৰ্চা নতুন ধৰণে আৰম্ভ কৰিব বিচাৰিছো। আমি বিচাৰো অসম চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা দপ্তৰৰ দ্বাৰা ‘লাঠিবাৰি’ স্বীকৃত হওঁক, সংৰক্ষিত হওঁক আৰু প্ৰচাৰিত হওঁক।
লাঠিবাৰি কি· লাঠিবাৰি নামটোতে ইয়াৰ ব্যাখ্যা নিহিত হৈ আছে। চৰ-চাপৰিত মিঞাসকলে নিজ দোৱানত লাঠি অথবা টাঙনেৰে কোৱ দিয়া কাৰ্য বুজাবলৈ বাৰি দিয়া বুলি কয়। যথাঃ বেতেৰে কোবাইছে ৃ বেত দিয়া বাইৰাইছে, লাঠিৰে কোবাইছে ৃলাঠি দিয়া বাইৰাইছে। গতিকে লাঠিবাৰি শব্দটোৱে লাঠিৰ কোব বুজায়। লাঠিবাৰি হৈছে এক ধৰণৰ সমৰ কলা। হাতত লাঠিলৈ বিভিন্ন কৌশলপূৰ্ণ পাৰদৰ্শিতা প্ৰদৰ্শন কৰাই হৈছে লাঠিবাৰিৰ মূল দিশ। ই সাধাৰণত এক দলীয় প্ৰদৰ্শন। এই দলটোত চাৰি, ছয় অথবা আঠজনীয়া লাঠিয়াল য লাঠি চালক, এজন চৰ্দাৰ অৰ্থাৎ দলৰ মুখ্য ব্যক্তি বা গুৰু আৰু ঢোল, মাৰাকাজ আদি বজোৱা একোজনকৈ ব্যক্তিৰ উপৰি দুই-চাৰিজনকৈ দোহাৰি থাকে।

দলত ব্যক্তিৰ সংখ্যা কম বেছি হ’ব পাৰে যদিও উপৰোল্লেখিত ধৰণে হ’লে এটা পৰিপূৰ্ণ দল বুলি ধৰা হয়। লাঠিয়াল সকলে লাঠিৰে বিভিন্ন কলা-কৌশল প্ৰদৰ্শন কৰে। চৰ্দাৰগৰাকীয়ে উচ্চস্বৰে কিছুমান ডাক (ধ্বনি) দিয়ে বা গায়। দোহাৰি কেইজনে সমস্বৰে সেই ডাক দোহাৰে। আৰু বাকী কেইজনে বাদ্যযন্ত্ৰ বজায়। হাতেৰে ভালদৰে মুঠিমাৰি ধৰিব পৰা ব্যাসৰ লাঠি হাততলৈ দুজন খেলুৱৈয়ে সন্মুখা সন্মুখাকৈ প্ৰতিপক্ষৰ অভিব্যক্তিৰে বিভিন্ন কলা-কৌশল প্ৰদৰ্শন কৰে। এনেদৰে দলৰ আটাইকেইজন খেলুৱৈয়ে এযোৰ এযোৰকৈ খেল দেখুৱায়। ইয়াৰোপৰি আটাইকেইগৰাকী খেলুৱৈ একেলগে দলবান্ধিও খেল প্ৰদৰ্শন কৰে। আনহাতে এককভাৱে দীঘল লাঠি দ্ৰুত গতিত হাতৰ তলুৱাত ঘুৰাই দেখোৱা কলা-কৌশল অতি আকৰ্ষণীয়। এইখেলত সাহস, দৃঢ়তা আৰু উপস্থিত বুদ্ধিৰ পৰিচয় প্ৰদৰ্শিত হয়। লাঠিবাৰি খেল প্ৰদৰ্শন চিত্ৰত দেখিলে এদল লোকে লাঠিৰে মাৰপিট কৰি থকা যেনহে অনুমান হব যদিও প্ৰকৃততে ই অতি উদ্দীপনাদায়ক আৰু আমোদজনক প্ৰদৰ্শনমূলক খেলহে। লাঠিবাৰিৰ আটাইতকৈ আকৰ্ষণীয় দিশটো হ’ল ঢোল আৰু মাৰাকাজ আদিৰ তালত তাল মিলাই লাঠিয়াল বা খেলুৱৈ সকলে ভৰিচালনা কৰি হাতৰ লাঠিৰে বিভিন্ন কলা-কৌশল প্ৰদৰ্শন কৰাটো। ঢোলৰ তালত ভৰিচালনা কৰা দৃশ্য আৰু দুভৰিত বান্ধি লোৱা নূপুৰৰ শব্দই যিদৰে দৰ্শকৰ মনত উৎসাহ-উদ্ধিপনাৰতথা আনন্দৰ সৃষ্টি কৰে তেনেদৰে লাঠিৰ কৌশলপূৰ্ণ চালনাই হৃদয়ত এক অপৰিসীম আলোড়নৰো সৃষ্টি কৰে। এই লাঠিবাৰি খেলে যিকোনো দৰ্শককে মূহুততে অতি কৌতুহলী কৰি তোলে।

লাঠিবাৰিৰ ইতিহাসঃ সম্প্ৰতি আমি দেখিবলৈ পোৱা সুসংগঠিত তথা অতি আমোদদায়ক লাঠিবাৰিৰ ঠিক কেতিয়া আৰম্ভ হৈছিল সেই কথা স্পষ্টকৈ জনা নাযায়। ভাৰতবৰ্ষত জমিদাৰী প্ৰথাৰ সৈতে লাঠিবাৰিৰ সৃষ্টি ইতিহাস জড়িত থকা বুলি জনা যায়। জমিদাৰ সকলে নীৰাপত্তাৰ কাৰণে লাঠিচালনা কৰিব জনা পাকৈত লোকক লাঠিয়াল হিচাপে নিযুক্তি দিছিল। এই লাঠিয়ালসকলে কৃষকৰ পৰা খাজনা আদায়ৰ ক্ষেত্ৰত তথা শত্ৰুপক্ষৰ আক্ৰমণৰ পৰা জমিদাৰক ৰক্ষা কৰা আদি কাম কৰিছিল বুলি লাঠিবাৰি খেলৰ একাংশ জ্যেষ্ঠ খেলুৱৈ অনুমান প্ৰকাশ কৰে আৰু উল্লেখ কৰে যে এই লাঠিয়াল সকলে আজৰি সময়ত লাঠিচালনাৰ ক্ষেত্ৰত নিজৰ নিজৰ দক্ষতা তথা কৌশল প্ৰতিপন্ন কৰিবলৈ প্ৰদৰ্শনীমূলক অনুশীলন কৰিছিল। ইয়াৰোপৰি লাঠিয়ালসকলে দুই ভাগত বিভক্তহৈ লাঠিচালনাৰ কৌশল প্ৰদৰ্শন কৰি আমোদজনক সময় কটাইছিল বুলি জনা যায়। সময়ত এই অনুশীলন এক কলাৰ ৰূপ পালে বুলি অনেকেই মত পোষণ কৰে। সময়ৰ পৰিবৰ্তনৰ লগে লগে জমিদাৰি প্ৰথা নাথাকিল যদিও লাঠিবাৰী জনসমাজত এক কৃষ্টি-পৰম্পৰাৰ ৰূপত ৰৈ গ’ল।

লাঠিবাৰিত প্ৰয়োজনীয় লাঠিৰ কাৰঃ  লাঠিবাৰী খেলৰ প্ৰদৰ্শনৰ কাৰণে মূলত বাঁহেৰে তৈয়াৰী দুই-তিনি প্ৰকাৰৰ লাঠি ব্যৱহাৰ কৰা হয়। সৰু আকাৰৰ লাঠি স্বাভাৱিকতে আঢ়ৈ হাত দীঘল হয়। এক প্ৰকাৰৰ লাঠি দীঘল যিটো চাৰি-পাঁচ হাত দীঘল হয়। লাঠিবাৰীত এই দুই প্ৰকাৰৰ লাঠিয়েই মূল যদিও ঠাই ভেদে তথা বিভিন্ন দলৰ ভিন ভিন প্ৰকাৰৰ লাঠি থাকিব পাৰে। দৰাচলতে খেলৰ ভিন্নতা অনুসৰি লাঠিৰ আকাৰো ভিন্ন হয়।

বেতেৰে তৈয়াৰী ঢালঃ লাঠিয়াল বা খেলুৱৈসকলে সোঁহাতত লাঠি আৰু বাওঁহাতত বেতেৰে তৈয়াৰী ঢাল ব্যৱহাৰ কৰি খেল প্ৰদৰ্শন কৰে। ঠিক ঐতিহাসিক যুদ্ধত প্ৰতিপক্ষৰ আঘাতৰ পৰা নিজক ৰক্ষা কৰাৰ কাৰণে ঢাল ব্যৱহাৰ কৰাৰ লেখিয়াকৈ লাঠিবাৰিত বেঁতেৰে তৈয়াৰী ঢাল প্ৰতিপক্ষৰ আঘাতৰ পৰা ৰক্ষা পাৱৰ কাৰণে ব্যৱহাৰ কৰা হয়। সম্প্ৰতি লাঠিবাৰি প্ৰদৰ্শনত ঢালৰ ব্যৱহাৰ কমকৈ কৰা দেখা যায়।

ঢোল, মাৰাকাজ আৰু নূপুৰৰ ব্যৱহাৰঃ  লাঠিবাৰি প্ৰদৰ্শনত কেইটামান বাদ্যযন্ত্ৰৰ ব্যৱহাৰ অতি গুৰুত্বপূৰ্ণ। ঢোল আৰু মাৰাকাজ লাঠিবাৰি খেলত মূল বাদ্যযন্ত্ৰ হিচাপে ব্যৱহাৰ কৰা হয়। অৱশ্যে ইয়াৰ উপৰি অতিৰিক্ত কিছু বাদ্যযন্ত্ৰ ব্যৱহাৰত কোনো বাধা নাই। খেলুৱৈসকলে দুভৰিত নূপুৰ বান্ধি লোৱাৰ পৰম্পৰা আছে। ঢোল, মাৰাকাজ আৰু খেলুৱৈসকলে ভৰিত বান্ধি লোৱা নূপুৰৰ শব্দ-তালৰ সৈতে সংমিশ্ৰিত লাঠিৰ কোবৰ শব্দই মূহুৰ্ততে শ্ৰোতা-দৰ্শকক আকৰ্ষিত কৰাৰ লগতে কৌতুহলী কৰিব পৰা দিশটোৱে লাঠিবাৰিক শ্ৰোতা দৰ্শকৰ হৃদয়ৰ কাষ চপাই ৰাখিছে।

লাঠিবাৰিৰ সাজ-সজ্জাঃ অসমৰ চৰ-চাপৰি বাসী মুছলমান সকলে নিজক অসমীয়া বুলি পৰিচয় দিবলৈ গৰ্ব অনুভৱ কৰিবৰ কালছোৱাৰে পৰা এই জনগোষ্ঠীটোৱে গ্ৰহণ-বৰ্জন প্ৰক্ৰিয়াৰ মাজেৰে এক অভুতপূৰ্ব বিবৰ্তিত জীৱন যাপনত অভ্যস্থ পৰিছে। এই বিৱৰ্তন তেওঁলোকৰ আচৰণ, সামাজিক ৰীতি-নীতি, সাজ-পোছাক আদিকে ধৰি অন্যান্য কৃষ্টি-পৰম্পৰাতো বিদ্যমান। এই বিবৰ্তনে লাঠিবাৰিৰ পোছাক পৰিচ্ছদৰ ক্ষেত্ৰত এক সুন্দৰ ৰূপদান কৰাৰ বিষয়টো আদৰণীয হৈছে। স্বাভাৱিকতে ঠাই অনুসাৰে আৰু সামৰ্থানুযায়ী লাঠিবাৰি প্ৰদৰ্শনত ¿ভন্ন পোছাক পৰিধান কৰা হৈছিল। সাধাৰণত লাঠিবাৰি প্ৰদৰ্শনত পিন্ধা কাপোৰে কোনো বাধাৰ সৃষ্টি কৰিব নোৱাৰাকৈ চুটি আৰু ঢিলা কাপোৰ পৰিধান কৰা হয়। ৰংচঙীয়া কাপোৰৰ এক ধৰণৰ চুটি গাউন চিলাই কৰি পিন্ধি খেল প্ৰদৰ্শন কৰাৰ দৃশ্য সজলভ্য। লগতে গাত গেঞ্জি বা চোলা আদি পিন্ধি লোৱাও দেখা যায়। ক’ৰবাত হাফপেন আৰু গেঞ্জি নাইবা গামোছা বা লুঙিকে গাঠিমাৰিলৈও খেল প্ৰদৰ্শন কৰা হৈছিল। আনহাতে আৰম্ভণি পৰা ধুতি পিন্ধি লাঠিবাৰি প্ৰদৰ্শনৰ কথাও বহুতে উল্লেখ কৰে।

মিৰ্জা লুৎফৰ ৰহমান

সেয়া যিকি নহওঁক, অতি সম্প্ৰতি লাঠিবাৰিৰ সাজ-সজ্জা অসমীয়া কৃষ্টিৰ প্ৰভাৱত ৰূপ সলাই এক সুকীয়া নিজস্বতা লাভ কৰিছে। সম্প্ৰতি খেলুৱৈসকলে পিন্ধনত বগা ধুতি, গাত বগা গেঞ্জি, কঁকালত মেৰিয়াই লোৱাৰ বাবে এখন বগা ফুলাম গামোছা আৰু মুৰত বান্ধি লোৱাৰ বাবেও এখন কৈ ফুলাম গামোছা ব্যৱহাৰ কৰে। এইখিনিতে উল্লেখ্য যে সম্প্ৰতি সোণতলী চৰৰ লাঠিবাৰি দলটোৱে উপৰোল্লেখিত ধৰণে পোছাক পৰিধান কৰি বিহু মঞ্চ আদিকে ধৰি ৰাজ্য তথা দেশৰ বিভিন্ন অনুষ্ঠান- প্ৰতিষ্ঠানত লাঠিবাৰি প্ৰদৰ্শন কৰি বহিঃ সমাজত সমাদৰ লাভ কৰাৰ সমান্তৰাল ভাৱে এই কৃষ্টিৰ এক পৰিমাৰ্জিত ৰূপ প্ৰতিষ্ঠা কৰাত সক্ষম হৈছে।

লাঠিবাৰি ডাক (ধ্বনি)ঃ  লাঠিবাৰিত মুখ্য খেলুৱৈ তথা ওস্তাদ জনে উচ্চস্বৰে কিছুমান ডাক (ধ্বনি) দিয়ে। দোহাৰিসকলে সমস্বৰে সেই ডাক দোহাৰে। এই ডাকসমুহ সুৰমুক্ত তথা পয়াৰ ছন্দত ৰচিত। দুই-তিনি গৰাকী বা ততোধিক দোহাৰিৰ সহযোগত মুখিয়াল খেলুৱৈ তথা ওস্তাদ জনে ডাক (ধ্বনি) দিয়ে। এই ডাক সমুহ এক প্ৰকাৰৰ গীত ডাকবোৰ প্ৰতিপক্ষক আক্ৰমণাত্মক ধ্বনিযুক্ত। এই ডাক সমুহে লাঠিবাৰি খেলখন অধিক আক্ৰষণীয় কৰি তোলে।

লাঠিবাৰিৰ কেইটামান ডাক (ধ্বনি) উদ্ধৃত কৰা হ’লঃ

ক)  ওস্তাদঃ বিছমিল্লাতে কৰিলাম সুৰু
দোহাৰিঃ বাঃ বাঃ বাঃ
ওস্তাদঃ নিদানেৰ ভৰসায় আল্লাহ দয়া কৰবেন গুৰুৰে…….
দোহাৰিঃ কিৰে …………………….

অসমীয়া অনুবাদ ঃ
ক) ওস্তাদঃ বিছমিল্লাৰে কৰিলো আৰম্ভ
দোহাৰিঃ বাঃ বাঃ বাঃ
ওস্তাদঃ বিপদৰ ভৰসাত আল্লাহ (ঈশ্বৰ) দয়া কৰিব গুৰুৰে……
দোহাৰিঃ কিৰে …………………….
ওস্তাদঃ সাজিয়া কাজিয়া চিপাই মুখে দিলো পাণ
দোহাৰিঃ বাঃ বাঃ বাঃ
ওস্তাদঃ ঘৰে থিকা বাইৰ হইলো
যেমন পূৰ্ণিমাৰো চানৰে
দোহাৰিঃ কিৰে ……..

অসমীয়া অনুবাদঃ
ওস্তাদঃ সাজি-কাচি ৰণূৱা মুখত দিলে পাণ
দোহাৰিঃ বাঃ বাঃ বাঃ
ওস্তাদঃ ঘৰৰ পৰা ওলাই আহিল
যেন পূৰ্ণিমাৰ জোনৰে।
দোহাৰিঃ কিৰে……….
খ)ওস্তাদঃ ধান নাৰো ধান নাৰো ঔহে যুৱতি
দোহাৰিঃ বাঃ বাঃ বাঃ
ওস্তাদঃ পানী চাইলেযে পানী পাৱা যায়না
এবা কোন দেশৰে …….
দোহাৰিঃ কিৰে ……..

অসমীয়া অনুবাদঃ
ওস্তাদঃ ধান লাৰা ধান লাৰা অ’ যুৱতি
দোহাৰিঃ বাঃ বাঃ বাঃ
ওস্তাদঃ পানী খুজিলে যে পানী পোৱা নাযায়
এয়া কোন দেশৰে ……………..
দোহাৰিঃ  কিৰে ……………………
ওস্তাদঃ দৰো ঝাৰী পিয়ো পানী
দোহাৰিঃ বাঃ বাঃ বাঃ
ওস্তাদঃ নিন্দো কেনো দেশৰে………………..
দোহাৰিঃ কিৰে ……………………………

অসমীয়া অনুবাদঃ
ওস্তাদঃ ধৰা কলহ খোৱা পানী
দোহাৰিঃ বাঃ বাঃ বাঃ
ওস্তাদঃ নিন্দা কিয় দেশৰে…………………….
দোহাৰিঃ কিৰে …………………………..
গ) ওস্তাদঃ কাউৰীৰ বাসায় কুলিৰ ছানা
দোহাৰিঃ বাঃ বাঃ বাঃ
ওস্তাদঃ জাত বুলি তাৰ গেলোনাৰে……………
দোহাৰিঃ কিৰে …………………………

অসমীয়া অনুবাদঃ
ওস্তাদঃ কাউৰীৰ বাহত কুলিৰ পোৱালি
দোহাৰিঃ বাঃ বাঃ বাঃ
ওস্তাদঃ নিজ মাত (জাতীয় মাত) তাৰ নগ’ল ৰে..
দোহাৰিঃ কিৰে …………………………..
ওস্তাদঃ উচুংগাৰে দুধ খাৱাইলে
দোহাৰিঃ বাঃ বাঃ বাঃ
ওস্তাদঃ মানুস কোন দিন হ’বনা ৰে…………..
দোহাৰিঃ কিৰে ………………………

অসমীয়া অনুবাদ ঃ
ওস্তাদঃ উইচিৰিঙ্গাক গাখীৰ খোৱালে
দোহাৰিঃ বাঃ বাঃ বাঃ
ওস্তাদঃ মানুহ কদাপি নহ’ব ৰে……………
দোহাৰিঃ  কিৰে ………………………..
ঘ) ওস্তাদঃ কোন শ্বহৰে থাকো চিপাই, কোন শ্বহৰে ঘৰ….
দোহাৰিঃ বাঃ বাঃ বাঃ
ওস্তাদঃ কি নাম তোমাৰ মাতা-পিতা
কি নামটি তোমাৰো ৰে………………
দোহাৰিঃ কিৰে ………………….

অসমীয়া অনুবাদঃ
ওস্তাদঃ কোন চহৰত থাকা চিপাহি, কোন চহৰত ঘৰ….
দোহাৰিঃ বাঃ বাঃ বাঃ
ওস্তাদঃ কি নাম তোমাৰ মাতা-পিতাৰ
কি নাম টি তোমাৰ ৰে………………
দোহাৰিঃ কিৰে ……………………..
ওস্তাদঃ আৰবেতে থাকি আমি মদিনাতে ঘৰ
দোহাৰিঃ বাঃ বাঃ বাঃ
ওস্তাদঃ পিতাৰ নামটি শ্বাহা আলি নানা পয়গাম্বৰ
দোহাৰিঃ কিৰে …………………

অসমীয়া অনুবাদঃ
ওস্তাদঃ আৰবত থাকো মই মদিনাত ঘৰ
দোহাৰিঃ বাঃ বাঃ বাঃ
ওস্তাদঃ পিতৃৰ নাম শ্বাহা আলি নানা পয়গাম্বৰ
দোহাৰিঃ কিৰে …………………

এই ডাক (ধ্বনি)সমূহ স্বাভাৱিকতে চৰ-চাপৰিৰ দৈনন্দিন সমাজ জীৱন ব্যৱস্থাৰ পটভূমিত ৰচিত। ইয়াৰোপৰি ডাকসমূহ সমাজত প্ৰচলিত যোজনা তথা প্ৰবাদ বাক্য আদিৰ লগতে জীৱনতত্ব আৰু ধৰ্মীয়তত্ব গধুৰ কথাৰে সমৃদ্ধ।

লাঠিবাৰি খেলৰ ভাগঃ লাঠিবাৰিত প্ৰদৰ্শিত খেলসমূহ বিভিন্ন প্ৰকাৰৰ। লাঠিবাৰিৰ অন্তৰ্ভূক্ত খেলসমূহ লাঠিৰ উপৰি অন্যান্য কিছুমান ঘৰুৱা সঁজুলি তথা অস্ত্ৰ-শস্ত্ৰৰ ব্যৱহাৰেও প্ৰদৰ্শিত কৰা হয়। যেনে- দা, তৰোৱাল তথা সুড়কী বা ফালা আদিৰে বিভিন্ন কলা-কৌশল প্ৰদৰ্শনৰ পৰম্পৰা প্ৰচলিত আছিল। কিন্তু অসমৰ চৰ-চাপৰি এনে প্ৰদৰ্শন বিলুপ্ত প্ৰায়। অতি সম্প্ৰতি চৰ-চাপৰিত কেৱল ভিন্ন প্ৰকাৰৰ লাঠিৰ ব্যৱহাৰেৰে ভিন্ন ধৰণৰ কলা-কৌশল প্ৰদৰ্শিত হোৱাহে পৰিলক্ষিত হয়। লাঠি তথা আন সা-সজুলিৰ ভিন্নতা অনুসৰি খেলৰ ভিন্ন নাম আছে। যথাঃ লাঠিখেল, নৰি খেল, দাও খেল, সুড়কী খেল, বাৱৈজাক খেল ইত্যাদি।

লাঠিখেলঃ   চাৰি-পাঁচ হাত দীঘল লাঠিৰ ব্যৱহাৰেৰে প্ৰদৰ্শন কৰা সকলো ধৰণৰ কলা-কৌশল তথা খেল লাঠিখেল অন্তৰ্ভূক্ত।

নৰিখেলঃ আঢ়ৈ কিম্বা তিনিহাত দীঘল টাঙোন সদৃশ লাঠিক চৰ-চাপৰিত নৰি বুলি কোৱা হয়। এই নৰিৰ ব্যৱহাৰেৰে প্ৰদৰ্শন কৰা কলা-কৌশল তথা খেলসমূহ নৰিখেলৰ অন্তৰ্ভূক্ত।

বাৱৈজাক খেলঃ লাঠিবাৰি দলৰ সকলো লাঠিয়াল তথা খেলোৱৈ দলবান্ধি একে লগে এইবিধ খেল প্ৰদৰ্শন কৰে। বাৱৈজাক খেলত নৰি তথা সৰু লাঠিৰে দলীয়ভাৱে ঘনচিৰিকাৰ জাকৰ দৰে জাকপাতি বিভিন্ন কলা-কৌশল প্ৰদৰ্শন কৰা হয়।
সেয়ে এইখেলক বাৱৈজাক অৰ্থাৎ ঘনচিৰিকাৰ জাক খেল বোলা হয়।

সুড়কী খেলঃ পুৰণি কালত জীৱ-জন্তু চিকাৰ কৰোতে ব্যৱহাৰ কৰা লাঠিৰ দৰেই বাঁহেৰে তৈয়াৰী এটা মূৰত জোঙা লোৰ অস্ত্ৰ লগোৱা সুড়কীৰে এইখেল প্ৰদৰ্শন কৰা হয়। এইখেলৰ মাজেৰে শত্ৰুপক্ষক আক্ৰমণ কৰা আৰু তেনে আক্ৰমণৰ পৰা নিজক ৰক্ষা কৰা ধৰণৰ কলা-কৌশল প্ৰদৰ্শন কৰা হয়।

দাওখেলঃ দাওখেলত হাতত দা এখনলৈ বিভিন্ন কলা-কৌশল প্ৰদৰ্শন কৰা হয়। চৰ-চাপৰিত বৰ্তমান এইখেলৰ চৰ্চা প্ৰায় নোহোৱা হৈছে।

দলীয় প্ৰতিযোগিতা মূলক প্ৰদৰ্শনঃ লাঠিবাৰি দুটা দলৰ মাজত প্ৰতিযোগিতামূলক খেল প্ৰদৰ্শনৰ আন এক আকৰ্ষণীয় পৰম্পৰা প্ৰচলিত আছে। এই পৰম্পৰা অনুসৰি দুটা লাঠিবাৰি দলে এখন খেল প্ৰদৰ্শনী ক্ষেত্ৰৰ নিৰ্ণয় কৰি লোৱা হয়। নিয়মানুসৰি এটা দলৰ মুখ্য খেলুৱৈ অৰ্থাৎ ওস্তাদজনে তেওঁৰ দোহাৰি কেইগৰাকী সহযোগত প্ৰশ্নসূচক ডাক (ধ্বনি) দিয়ে বা গায় আৰু আনটো দলৰ ওস্তাদ আৰু দোহাৰিসকল মিলি উত্তৰসূচক ডাক দিয়ে বা গায়। এইবাৰ আকৌ উত্তৰ দিয়া দলে প্ৰশ্নসূচক ডাক দিব আৰু আনটো দলে তাৰ উত্তৰত ডাক দিব। এনেদৰেই ডাক গোৱাৰ মাজেৰে দুইদলৰ মাজত তীব্ৰ প্ৰতিযোগিতা চলে।

উদাহৰণ স্বৰূপেঃ
প্ৰতিসূচক ডাক
ওস্তাদঃ আছিলাম বালুৰ চৰে…… উঠলাম নায়
দোহাৰিঃ বাঃ বাঃ বাঃ
ওস্তাদঃ বাজাইলাম খট খটী
যা কৰে খোদায় ৰে…….
দোহাৰিঃ কিৰে ……………………

অসমীয়া অনুবাদঃ
ওস্তাদঃ আছিলো বালি চৰত …… উঠিলোঁ নাওঁত
দোহাৰিঃ বাঃ বাঃ বাঃ
ওস্তাদঃ বজালো খট খটী
যি কৰে খোদায় (ঈশ্বৰে) ৰে……….
দোহাৰিঃ কিৰে ………………
উত্তৰ সূচক ডাক
ঊ ওস্তাদঃ হাতেতে তলোৱাৰ পিষ্টে পৰে ঢাল
দোহাৰিঃ বাঃ বাঃ বাঃ
ওস্তাদঃ আসিলো হজৰত আলি
সাম্ভাল কি সাম্ভাল ৰে……….
দোহাৰিঃ কিৰে …………….

অসমীয়া অনুবাদঃ
ওস্তাদঃ হাতত তৰোৱাল পিঠিত ঢাল
দোহাৰিঃ বাঃ বাঃ বাঃ
ওস্তাদ আহিল হজৰত আলি
সম্ভাল কি সম্ভাল ৰে……..
দোহাৰিঃ কিৰে ………………….

এই ধৰণৰ দুই দলীয় ডাক প্ৰতিযোগিতাত উত্তৰ দিব নোৱাৰা দলে পৰাজয় স্বীকাৰ কৰি জয়ী দলক সন্মান প্ৰদৰ্শন কৰাত ৰীতি প্ৰচলিত আছে। আনহাতে খেৱুৱৈ বা লাঠিয়ালসকলৰ প্ৰতিযোগিতা মূলক খেল প্ৰদৰ্শনৰ ক্ষেত্ৰত দুয়োটা দলৰ এজনকৈ লাঠিয়াল সন্মুখ ৰণত নমাৰ দৰে নিৰ্ধাৰিত প্ৰদৰ্শনী ক্ষেত্ৰত নামি লাঠিৰে নিজা কলা-কৌশল প্ৰদৰ্শন কৰে। এইদৰে খেল প্ৰদৰ্শনত দক্ষ খেলুৱৈজনে প্ৰতিপক্ষ খেলুৱৈজনক লাঠিৰে কৌশল পূৰ্ণতাৰে আঘাত কৰা পৰিলক্ষিত হয়। লাঠিৰে খেল প্ৰদৰ্শনত দূৰ্বল কৌশলৰ ফলত প্ৰতিপক্ষ খেলুৱৈৰ লাঠিৰ আঘাত দেহ পাতি ল’বলগীয়া হোৱাত বেছি পৰ তিষ্টিৱ নোৱাৰি অৱশেষত হাৰমানি খেল ত্যাগ কৰে। এনেদৰে দুয়ো দলৰ প্ৰতিগৰাকী খেলুৱৈ দুজন দুজনকৈ খেল প্ৰদৰ্শন কৰে। খেলুৱৈ বা লাঠিয়ালসকলৰ প্ৰতিযোগিতা মূলক খেল প্ৰদৰ্শন শেষ হলে চূড়ান্তা পৰ্যায়ত মুখ্য খেলুৱৈ অৰ্থাৎ ওস্তাদ সকলৰ খেল প্ৰদৰ্শন কৰা হয়। দুয়ো দলৰ দুগৰাকী ওস্তাদে লাঠি হাততলৈ এইবাৰ নিৰ্ধাৰিত ক্ষেত্ৰত নামি নিজ নিজ কলা-কৌশল তথা নিপুনতা প্ৰদৰ্শন কৰে। ওস্তাদ দুগৰাকীৰ প্ৰদৰ্শনতো অধিক দক্ষ ওস্তাদ গৰাকী জয়ী হয়। আৰু পৰাজয় বৰণ কৰা ওস্তাদে বিজয় ওস্তাদ জনক সন্মান প্ৰদৰ্শন কৰাৰ পৰম্পাৰা প্ৰচলিত আছে। দৰাচলতে ওস্তাদ দুগৰাকীৰ প্ৰতিযোগিতাখনেই দল দুটাৰ চুড়ান্ত পৰ্যায়ৰ জয়-পৰাজয় নিৰ্ণয় কৰে। উপৰোল্লেখিত ধৰণে ডাক (ধ্বনি) আৰু লাঠিখেল এই দুটা পৰ্যায়ত দলীয় প্ৰতিযোগিতা চলে। সাধাৰণত দলীয় প্ৰতিযোগিতাত প্ৰথমে ডাক প্ৰতিযোগিতা আৰু পিছত লাঠি খেল প্ৰতিযোগিতা অনুষ্ঠিত হয় যদিও ডাক আৰু লাঠিখেল প্ৰতিযোগিতা দুটা সমান্তৰালভাৱেও অনুষ্ঠিত হয়।

দলীয় প্ৰতিযোগিতামূলক খেলৰ আন এক অতি আমোদ জনক লাঠিবাৰি প্ৰতিযোগিতা হৈছে চৰ-চাপৰিত সামাজিক বিবাহ অনুষ্ঠানত কইনা পক্ষৰ লাঠিবাৰি দল আৰু দৰাপক্ষৰ লাঠিবাৰি দলৰ মাজত অনুষ্ঠিত প্ৰতিযোগিতা। পৰম্পৰা অনুসৰি বিয়া ঘৰত অৰ্থাৎ কইনা ঘৰৰ সন্মুখত কইনা পক্ষৰ লাঠিবাৰি দলে দৰা পক্ষৰ লাঠিবাৰি দলটোক আগভেটা দিয়ে। নিয়মানুসাৰি কইনাপক্ষৰ লাঠিবাৰি দলে প্ৰশ্নসূচক ডাক (ধ্বনি) দিয়াৰ নিয়ম। সেয়ে দৰা পক্ষৰ লাঠিবাৰি দল বৰযাত্ৰীসহ আহি উপস্থিত হোৱাৰ লগে লগে কইনা পক্ষ লাঠিবাৰি দলে আগভেটাদি ডাক (ধ্বনি) দিয়ে। তেনে অৱস্থাতে দৰা পক্ষৰ লাঠিবাৰি দলে উক্ত ডাকৰ উত্তৰত ডাক (ধ্বনি) দিব লাগিব। সঠিক উত্তৰ ডাক দিব বা গাৱ নোৱাৰিলে তৎক্ষণাত শাস্তি প্ৰদানৰ নিয়ম আছে। প্ৰচলিত ৰীতি অনুযায়ী ¿ÿযহেতু কইনা পক্ষৰ লাঠিবাৰি দলে প্ৰশ্ন ডাক গোৱাৰ প্ৰাধান্য লাভ কৰে সেয়ে উত্তৰ দিব নোৱাৰৰ বাবে কেৱল দৰা পক্ষৰ লাঠিবাৰি দলে শাস্তি মূৰ মাতি ল’ব লগা হয়। নিয়মানুসৰি উত্তৰ দিব নোৱাৰিলে আগভেটা দিয়া স্থানপৰা লাঠিখেলত ব্যৱহাৰিত দীঘল লাঠিৰ জুখেৰে এক দাংকৈ দৰা পক্ষৰ দল পিছুৱাই যাব লাগিব। এনে অৱস্থাত বাৰে বাৰে উত্তৰ দিব নোৱাৰাৰ ফলত দৰা পক্ষ দলটো বৰযাত্ৰীসহ পিছুৱাই গৈ গৈ বিবাহ ঘৰৰ পৰা কেইবাশ মিটাৰ দূৰত্বলৈকে আঁতৰত গৈ অৱস্থান কৰিব লগাত পৰে। এনেধৰে বিয়া ঘৰৰ পৰা আঁতৰি যাব লগা হ’লে দৰা পক্ষৰ লাঠিবাৰি দলৰ মুখিয়াল তথা ওস্তাদ জনে দুই- চাৰিশ টকা পৰ্যন্ত কণ্যা পক্ষৰ লাঠিবাৰি দলৰ ওস্তাদজনলৈ সন্মানাৰ্থে আগবঢ়াই ক্ষমা প্ৰাৰ্থনা কৰে আৰু তেওঁলোকক বিবাহ ঘৰলৈ লৈ যাবলৈ অনুৰোধ জনায় । তেতিয়া কইনা পক্ষৰ লাঠিবাৰি দলে সহজ সৰল প্ৰশ্নডাক দিয়ে আৰু দৰা পক্ষৰ দলে সঠিক উত্তৰ ডাক দি এক দাংকৈ আগুৱাই গৈ গৈ বিয়া ঘৰত উপস্থিত হয়হি। বিয়া ঘৰলৈ গৈ আটাই মিলি আনন্দমনে লাঠিবাৰি খেল উপভোগ কৰে আৰু অন্যান্য সামাজিক ৰীতি নীতি অনুযায়ী বিয়া কাৰ্য সম্পূৰ্ণ কৰা হয়।

চৰ-চাপৰিৰ সমাজ জীৱনত লাঠিবাৰিঃ অসমৰ চৰ-চাপৰিত বাস কৰা এই জনগোষ্ঠীৰ সমাজ জীৱনত লাঠিবাৰি এক অবিেচ্ছদ্য অংগ স্বৰূপ। তেওঁলোকৰ বিভিন্ন সামাজিক উৎসৱ-পাৰ্বনত লাঠিবাৰি এক গুৰুত্ব পূৰ্ণ আনন্দ-ফুৰ্তিৰ অনুষ্ঠানৰ সংযোজন। চৰ-চাপৰিত নৱদম্প¿Mৰ বিবাহ উৎসৱত ডেকা-বুঢ়া অৰু কণ-কণ ল’ৰা-ছোৱালী সকলোৱে মিলি অতি আগ্ৰহেৰে লাঠি বাৰি উপভোগ কৰে। আনকি ইতিমধ্যে উল্লেখ কৰা ধৰণে কইনা পক্ষই আমন্ত্ৰণ কৰি অনা লাঠিবাৰিৰ এক দল আৰু দৰা পক্ষইপক্ষই আমন্ত্ৰণ কৰি অনা আন এক দলৰ মাজত অনুষ্ঠিত দলীয় প্ৰতিযোগিতা অতি দৃষ্টিনন্দন তথা সামাজিক ৰীতি-পৰম্পৰাৰ ধ্বজা বাহক। ইয়াৰোপৰি প্ৰথম সন্তান জন্ম পালে সন্তানটিক তাৰ নানা-নানীৰ ঘৰৰ পৰা নিজ ঘৰলৈ আনিবলৈ লাঠিবাৰি দল এটা লগত লৈ যোৱা হয় আৰু লাঠিবাৰি খেল উপভোগ কৰি কৰি আনন্দ-ফুৰ্তিৰ মাজেৰে সন্তানটিক মাতৃৰ সৈতে নিজ ঘৰলৈ লৈ অনাৰ আন এক সুন্দৰ পৰম্পৰা প্ৰচলিত আছে। ধৰ্মীয় উৎসৱ মহৰমৰ সময়তো চৰ-চাপৰিত লাঠিবাৰি প্ৰদৰ্শিত হোৱাদেখা যায়। ইয়াৰোপৰি চৰ-চাপৰিত অন্যান্য সামাজিক-সাংস্কৃতিক তথা ৰাজনৈতিক অনুষ্ঠান আদিত লাঠিবাৰি প্ৰদৰ্শন কৰা হয়। কামৰূপ গ্ৰাম্য জিলাৰ সোণতলী চৰত আশিৰ দহকৰ পৰা উৎযাপিত চৰ আঞ্চলিক ৰঙালী বিহু উৎসৱত লাঠিবাৰি এক অবিচ্ছেদ্য অংগ স্বৰূপ। তদুপৰি অসমৰ বিভিন্ন চৰ-চাপৰিত বছৰেকত এবাৰকৈ হ’লেও লাঠিবাৰি খেলৰ প্ৰতিযোগিতা অনুষ্ঠিত কৰা দেখা যায়।

ধৰ্মীয় দৃষ্টিকোণৰ পৰা লাঠিবাৰিঃ চৰ-চাপৰিত বাস কৰা এই জনগোষ্ঠিটো মূলত ইছলাম ধৰ্মাৱলম্বী যদিও ধৰ্মীয় নীতি-নিয়মৰ পালন কৰাৰ সমান্তৰালকৈ এই জনগোষ্ঠিটোয়ে নিজা কলা-কৃষ্টিক ধৰি ৰখাত সদা সচেতন। এই সমাজৰ ভালেখিনি কৃষ্টি-পৰম্পৰা ধৰ্মীয় নীতি-নিয়মৰ সৈতে পৰস্পৰ বিৰোধী যেন ধাৰণা হলেও সামাজিক ভাৱে এইক্ষেত্ৰত বৰ বিশেষ বাধা নিষেধ কাৰ্য্যত তেওঁলোক লাগি থকা দেখা নাযায়। আনকি তেওঁলোক যিদৰে ধৰ্মীয় নীতি-নিয়ম পালনত তৎপৰ আৰু শ্ৰদ্ধাশীল তেনেদৰে কৃষ্টি-পৰম্পৰাৰ ক্ষেত্ৰতো তেওঁলোক উৎসাহী আৰু শ্ৰদ্ধাশীল।

লাঠিবাৰিৰ অৰ্থনৈতিক গুৰুত্বঃ লাঠিবাৰি দল এটাক যিকোনো অনুষ্ঠান তথা উৎসৱ-পাৰ্বনত আমন্ত্ৰণ জনাই নি লাঠিবাৰি উপভোগ কৰাৰ অন্তত আহ্বায়ক সকলে কিবা এটা পাৰিশ্ৰমিক ওস্তাদ গৰাকীৰ হাতত তুলি দি দলটোক সন্মান জনোৱাৰ পৰম্পৰা আছে। কিন্তু এই পৰম্পৰাই অতি সম্প্ৰতি লাঠিবাৰি দলৰ কিছু হ’লেও আৰ্থিক প্ৰয়োজন পূৰণ কৰিছে। সম্প্ৰতি লাঠিবাৰি দল এটা আহ্বান জনালে তেওঁলোকৰ পাৰিশ্ৰমিকৰ পৰিমাণ প্ৰায়ে বন্দোবস্ত কৰিয়ে লোৱা দেখা যায়। দৰাচলতে এই প্ৰথাই লাঠিবাৰিৰ খেলৰ আৰ্থিক গুৰুত্ব বঢ়াই আনিছে। অদূৰ ভৱিষ্যতে লাঠিবাৰি খেলৰ জৰিয়তে খেলুৱৈসকলে অৰ্থ ঘটাৰ সম্ভাৱনা নুই কৰিব নোৱাৰি। লাঠিবাৰি সু-সংগঠিত ভাৱে এক প্ৰগতিমুখী কৃষ্টি হিচাপে গতি দিয়াৰ অনেক উপায় তথা দিশ আছে। এই ক্ষেত্ৰত সুধীবৃন্দৰ লগতে সৰ্বসাধাৰণ ৰাইজৰ সহায়-সহযোগিতাই মূল চালিকা শক্তি হ’ব।

পৰিশিষ্টঃ ২০১৭ চনৰ ফেব্ৰুৱাৰীত দেশৰ ৰাজধানী চহৰ দিল্লীত ‘জামিয়া মিলিয়া ইছলামীয়া বিশ্ববিদ্যালয়’ত অনুষ্ঠিত সপ্তম উত্তৰ পূৰ্বাঞ্চল বাৰ্ষিক দিৱসৰ “Rhythms of the North East” শিৰ্ষক অনুষ্ঠানত ছেলিম এম হুছেইনৰ পৃষ্ঠপোষকতাত সোণতলী চৰৰ লাঠিবাৰি দলৰ ইমান আলী (ওস্তাদ), নৌশাদ আলী (লাঠিয়ালযদোহাৰি তথা মাৰাকাজ বাদক), তাৰেক হুছেইন (লাঠিয়াল), শ্বাজামাল হক (লাঠিয়াল), নজৰুল হক ( লাঠিয়াল), আহেদুল হক (লাঠিয়াল), এনছেৰ আলী (লাঠিয়াল), মিৰ্জা লুৎফৰ ৰহমান (ঢুলীয়া) আৰু কাজি নীলৰ সৈতে দহ জনীয়া দল এটাই লাঠিবাৰি প্ৰদৰ্শন কৰি বিপুল সমাদৰ লাভ কৰিবলৈ সক্ষম হয়। উল্লেখ্য যে সোণতলী চৰৰ লাঠিবাৰি দলৰ আন আন সদস্য কেইজন হ’ল- ছাইদুল ইছলাম (লাঠিয়াল য দোহাৰি), আয়নাল হক (লাঠিয়াল য দোহাৰি), মোকছেদ আলী (ঢুলীয়া), আনোৱাৰ হুছেইন (লাঠিয়াল) মোবাৰক হুছেইন (মাৰাকাজ বাদক) আৰু হাছেন আলী (লাঠিয়াল)।

সোণতলী চৰৰ লাঠিবাৰি দল ইতিমধ্যে ৰাজ্যখনৰ বিভিন্ন বিহুমঞ্চ, সাহিত্য-সাংস্কৃতিক তথা ৰাজনৈতিক অনুষ্ঠান আদিত লাঠিবাৰি প্ৰদৰ্শন কৰি ৰাইজৰ প্ৰশংসা বুটলিবলৈ সক্ষম হৈছে । এই কাৰ্যই বাৰে-বৰণীয়া কৃষ্টি পৰম্পৰাৰ মিলন ভূমি অসমীয়া কলা-কৃষ্টি জগতত অদুৰ ভৱিষ্যতে লাঠিবাৰিৰ গ্ৰহণ যোগ্যতা আৰু ইয়াৰ স্থান নিৰ্ণয়ত গুৰুত্বপূৰ্ণ ইংগিত বহন কৰিছে।

(লেখক লাঠিবাৰিৰ সৈতে দীৰ্ঘকাল জড়িত হৈ থকাৰ লগতে লাঠিবাৰি সৰ্ম্পকত নিজাববীয়াকৈ গৱেষণা কৰি আছে। এই ৰচনাটি লেখকৰ নিজাববীয়া গৱেষণাৰ ভিত্তিত ৰচিত।)

ফোন- ৯০১৩৬১৪৬৫৬

মিৰ্জা লুৎফৰ ৰহমান