শেহতীয়া খবৰ
Home / ব্যৱসায়-বাণিজ্য / ৰিজাৰ্ভ বেংকে ১.৭৬ লাখ কোটি টকা দিব কেন্দ্ৰক

ৰিজাৰ্ভ বেংকে ১.৭৬ লাখ কোটি টকা দিব কেন্দ্ৰক

নতুন দিল্লী, ২৭ আগষ্টঃ ৰিজাৰ্ভ বেংকৰ প্ৰাক্তন গৱৰ্ণৰ বিমল জালানৰ অধ্যক্ষতাত অনুষ্ঠিত বিশেষজ্ঞ কমিটীৰ অনুমোদন সাপেক্ষে উদ্বৃত্ত আৰু জমা পুঁজিৰ পৰা কেন্দ্ৰীয় চৰকাৰক ১.৭৬ লাখ কোটি টকা দিবলৈ আজি ৰিজাৰ্ভ বেংকে সিদ্ধান্ত গ্ৰহণ কৰে। অৰ্থনৈতিক বিকাশৰ হাৰ মন্থৰ হৈ পৰাৰ ফলত দেশৰ উৎপাদন আৰু¸ বাণিজ্য স্তিমিত হৈ বিত্তীয় ব্যৱস্থাক অচল কৰি তোলাৰ পৰিপ্ৰেক্ষিতত ২০১৮-১৯ বিত্তীয় বৰ্ষৰ উদ্বৃত্তৰ পৰা ১.২৩ লাখ কোটি টকা কেন্দ্ৰীয় চৰকাৰলৈ আগবঢ়াই সাম্প্ৰতিক সংকটৰ পৰা সকাহ দিয়াৰ পদক্ষেপ গ্ৰহণ কৰিছে।

বিভিন্ন উৎপাদন ক্ষেত্ৰত এটাৰ পিছত এটাকৈ উৎপাদন গোট বন্ধ কৰি কৰ্ম সংকোচন ঘটোৱা হৈছে আৰু ইয়াৰ ফলত অৰ্থনৈতিক সংকটৰ লগতে নিবনুৱা সমস্যাই আকাশলংঘী ৰূপ ধাৰণ কৰিছে। অৰ্থনীতিবিদসকলৰ মতে এই বৃহৎ পৰিমাণৰ ধনে চৰকাৰে কৰ আৰু ৰাজহৰ ক্ষেত্ৰত ভোগ কৰা নাটনি আৰু পুঁজিৰ অধিক ব্যয়ৰ ফলত হোৱা অৰ্থনৈতিক সংকট আৰু অসাম্যৰ পৰা ৰক্ষা পাব।