শেহতীয়া খবৰ
Home / ক্ৰীড়া / ৬৮ সংখ্যক ক্ষিৰোদ বৰুৱা আন্তঃজিলা ছিনিয়ৰ ফুটবল টুৰ্ণামেণ্ট

৬৮ সংখ্যক ক্ষিৰোদ বৰুৱা আন্তঃজিলা ছিনিয়ৰ ফুটবল টুৰ্ণামেণ্ট

 মৰিগাওঁ, গোৱালপাৰাৰ ছেমিফাইনেলত প্ৰৱেশ

ছাইদুল ইছলাম, ডিফু, ২৬ আগষ্টঃ অসম ফুটবল সন্থাৰ তত্বাৱধনাত আৰু কাৰবি আংলং জিলা ক্ৰীড়া সন্থাৰ ব্যৱস্থাপনাত ডিফু আৰু হানজাংলাংছত চলি থকা ৬৮ সংখ্যক ক্ষিৰোদ বৰুৱা সোঁৱৰণি আন্ত:জিলা ছিনিয়ৰ ফুটবল টুৰ্ণামেণ্টৰ আজিৰ কোৱাৰ্টাৰ ফাইনেল খেলত ক্ৰমে,   মৰিগাঁও আৰু গোৱালপাৰা জিলাই অগ্ৰগতি লাভ কৰি টুৰ্ণামেণ্টৰ ছেমিফাইনেলক প্ৰৱেশ কৰিবলৈ সক্ষম হৈছে ৷ আজি ডিফুৰ নৱনিৰ্মিত কাছা ষ্টেডিয়ামত  চলি থকা  কোৱাৰ্টাৰ ফাইনেলৰ  খেলত গোৱাল পাৰা জিলাৰ হাতত অইল ইণ্ডিয়াৰ কেইবাগৰাকী অভিজ্ঞতা সম্পন্ন খেলুৱৈৰে সমৃদ্ধ যোৱা বৰ্ষৰ বিজয়ী ডিব্ৰুগড় ৪–১ গ’লৰ ব্যৱধানত গোৱালপাৰাৰ হাতত  পৰাস্ত হৈ টুৰ্ণামেণ্টৰ পৰা বাহিৰ হৈ পৰে ৷ একাধিক্ৰমে, খেলৰ প্ৰথমাৰ্ধত গোৱালপাৰাৰ  চিৰঞ্জীত ৰাভাই ৩১ মিনিটত দ্বিতীয়াৰ্ধৰ ৮০ মিনিটত পংকজ ৰাভাই দ্বিতীয়টো গ’ল  ৫২ মিনিটত ক্ৰমে শুক্ৰ ৰাভাই  আৰু অতিৰিক্ত তৃতীয় মিনটত চতুৰ্থ  গ’ল দি গোৱালপাৰা দলক মজবুত স্থিতিলৈ উপনীত কৰায় ৷
গোৱালপাৰা দলৰ ৪ গ’লৰ প্ৰতি উত্তৰত ডিব্ৰুগড় দলৰ হৈ দ্বিতীয়াৰ্ধৰ ৫৮ মিনিটত দিপজ্যোতি দৈমাৰীয়ে দলৰহৈ একমাত্ৰ গ’লটো পৰিশোধ কৰাৰ বাহিৰে ডিব্ৰুগড়ে গোৱালপাৰাৰ সন্মূখত কোনো প্ৰতিৰোধ গঢ়ি তুলিব নোৱাৰিলে ৷ খেলখন পৰিচালনা কৰে  পলাশ কোঁৱৰে ৷ তেওঁক লাইনত সহায় কৰে দেবাশীষ মজুমদাৰ আৰু  লুকু দাসে   ৷ চতুৰ্থ ৰেফাৰীৰ দায়িত্বত আছিল পৱিত্ৰ বৰা ৷ আনহাতে হানজাংলাংচ’ খেল পথাৰত চলি থকা আন এখন কোৱাৰ্টাৰ ফাইনেল মৰিগাঁৱে যোৱাবৰ্ষৰ বিজেতা দল তিনিচুকীয়া ১-০ গ’লৰ ব্যৱধানত পৰাজিত কৰি ছেমিফাইনেলত প্ৰৱেশ কৰে বুলি জানিব পৰা গৈছে ৷ আনহাতে নীতি বহিৰ্ভূত খলৰ বাবে ক্ৰমে দীপাঙ্কৰ ৰাভা আৰু ডিব্ৰুগড়ৰ বাসুদেৱ বৰুৱাক ৰেফাৰী হালধীয়া কাৰ্ড প্ৰদৰ্শন কৰে ৷