শেহতীয়া খবৰ
Home / ক্ৰীড়া / ভাৰত বনাম ৱেষ্ট ইণ্ডিজঃ দ্বিতীয় টেষ্টৰ অন্তিমখন টেষ্ট জামাইকাৰ কিংষ্টনত কাইলৈ অনুষ্ঠিত হ’ব

ভাৰত বনাম ৱেষ্ট ইণ্ডিজঃ দ্বিতীয় টেষ্টৰ অন্তিমখন টেষ্ট জামাইকাৰ কিংষ্টনত কাইলৈ অনুষ্ঠিত হ’ব

নতুন দিল্লী, ২৮ আগষ্টঃ ভাৰত আৰু ৱেষ্ট ইণ্ডিজৰ মাজৰ দুখন মেচৰ শৃংখলাৰ দ্বিতীয় তথা অন্তিমখন টেষ্ট জামাইকাৰ কিংষ্টনত অনুষ্ঠিত হ’ব। এই প্ৰতিদ্বন্দ্বিতা শুকুৰবাৰে, অৰ্থাৎ ৩০ আগষ্টৰ পৰা আৰম্ভ হ’ব। ভাৰতীয় ক্ৰিকেট দলে এণ্টিগাৰ ছাৰ ভিভিয়ান ৰিচাৰ্ড ষ্টেডিয়ামত অনুষ্ঠিত প্ৰথমখন টেষ্টত ঘৰুৱা দল ৱেষ্ট ইণ্ডিজক ৩১৮ ৰানত শোচনীয়ভাৱে পৰাস্ত কৰিছিল। ভাৰতীয় দলে এই প্ৰতিদ্বন্দ্বিতা চাৰি দিনতে জয়লাভ কৰিছিল।

ভাৰতীয় বেট্ছমেন আজিংক্য ৰাহাণেই প্ৰথম ইনিংছত অৰ্ধশতক আৰু দ্বিতীয় ইনিংছত শতক অৰ্জন কৰিছিল। একেদৰে বেগী বলাৰ যসপ্ৰীত বুমৰাহে দ্বিতীয় ইনিংছত সাত ৰান দি ৱেষ্ট ইণ্ডিজৰ বেটিংক্ৰমৰ কঁকাল ভাঙি দিছিল। ৱেষ্ট ইণ্ডিজে বৰ্তমান দ্বিতীয় টেষ্টৰ বাবে দলৰ নাম ঘোষণা কৰিছে। ঘৰুৱা দলটোৱে প্ৰথম টেষ্টৰ দ্বিতীয় ইনিংছত ১০০ ৰানতে বিদায় মাগিবলগীয়া হৈছিল। দ্বিতীয় টেষ্টৰ বাবে নিৰ্বাচিত দলৰ ক্ষেত্ৰত মাত্ৰ এটাহে পৰিৱৰ্তন কৰা হৈছে। বেগী বলাৰ মিগুৱেল কামিংছৰ ঠাইত অলৰাউণ্ডাৰ কিমো পালক দলত অন্তৰ্ভুক্ত কৰা হৈছে।

কিমো পালে প্ৰথম টেষ্টতো দলত স্থান লাভ কৰিছিল যদিও পিছত আঘাতৰ বাবে তেওঁৰ ঠাইত কামিংছক স্থান দিয়া হৈছিল। কামিংছে প্ৰথম টেষ্টত এটাও উইকেট সংগ্ৰহ কৰিব পৰা নাছিল।