শেহতীয়া খবৰ
Home / চিত্ৰ-সংবাদ / নিশাৰ ভিতৰতে ষ্টাৰ হৈ  পৰিল ৰাণু মণ্ডলসহ পাঁচগৰাকী

নিশাৰ ভিতৰতে ষ্টাৰ হৈ  পৰিল ৰাণু মণ্ডলসহ পাঁচগৰাকী

 

ডিজিটেল ডেস্কঃ বৰ্তমান সময়ত ছ’চিয়েল মিডিয়া এক বহুল প্ৰচাৰিত মাধ্যম হৈ পৰিছে। জনসাধাৰণৰ মাজত সাঁচ  বহুৱাবলৈ সক্ষম হৈ পৰিছে ছ’চিয়েল মিডিয়া। জনসাধাৰণৰ একাংশই  ছ’চিয়েল মিডিয়াত নিশাৰ ভিতৰতে ষ্টাৰ হৈ পৰা বহুতো উদাহৰণ পোৱা যায়। শেহতীয়াকৈ ছ’চিয়েল মিডিয়াৰ জৰিয়তে নিশাৰ ভিতৰতে ষ্টাৰলৈ ৰূপান্তৰিত হয় এগৰাকী ভিক্ষাৰী।

ইয়াৰ উপৰি আন চাৰিজন লোকেও ছ’চিয়েল মিডিয়াৰ জৰিয়তে নিশাৰ ভিতৰতে ষ্টাৰলৈ পৰিৱৰ্তিত  হয়। জানিব পৰা অনুসৰি ৰাণু মণ্ডল নামৰ এগৰাকী মহিলাই ৰে’ল ষ্টেচনত ভিক্ষা বৃত্তিত নিমজ্জিত হৈ আহিছিল। ভিক্ষা বৃত্তি কৰি থকাৰ মাজতে ৰাণু মণ্ডলে গুণগুণাইছিল একাংশ নামী-দামী গায়কৰ গান। এনে সময়তে এজন লোকে ৰাণু মণ্ডলৰ গীত  ছ’চিয়েল মিডিয়াত উপলব্ধ কৰায়। ছ’চিয়েল মিডিয়াৰ জৰিয়তে ৰাণু মণ্ডলৰ গীত লাভ কৰে হিমেশ ৰেশমীয়াই। ৰাণুৰ কণ্ঠৰ যাদু দেখি হিমেশে মগনীয়াগৰাকীক তেওঁৰ ওচৰলৈ নিয়াৰ চেষ্টা চলায়। অতীন্দ্ৰ চক্ৰৱৰ্তী নামৰ যুৱকজনে ৰাণু মণ্ডলৰ গীত মোবাইলেৰে ভিডিঅ’ কৰি ছ’চিয়েল মিডিয়াত উপলব্ধ  কৰায়।  পশ্চিমবংগৰ ৰাণাঘাট ষ্টেচনৰ পৰা গীত গোৱা ৰাণু মণ্ডলে আজি হিমেশ ৰেশমীয়াৰ সৈতে গীত গাবলৈ সুবিধা লাভ কৰে।

হিমেশে নিজেই  ৰাণু মণ্ডলৰ কণ্ঠৰ গীত বাণীবদ্ধ কৰিবলৈ আগবাঢ়ে। হিমেশৰ সৈতে একেলগে গীত গোৱাই ৰাণু মণ্ডলক এখোপ ওপৰলৈ উঠাই জনপ্ৰিয়তা অৰ্জন কৰে দুয়োগৰাকীয়ে। ইপিনে নিশাৰ ভিতৰতে ষ্টাৰ হৈ পৰা ৰাণু মণ্ডলক সহায় কৰিবলৈ আগবাঢ়ি আহে বলীউড জগতৰ অন্যতম অভিনেতা ছলমান খানেও। উল্লেখ্য যে ৰাণু মণ্ডলক লেখিয়াকৈ প্ৰিয়া প্ৰকাশ, সঞ্জীৱ শ্ৰীবাস্তৱ, পূজা আদিয়েও নিশাৰ ভিতৰতে ষ্টাৰ হৈ পৰা দেখা যায়।