শেহতীয়া খবৰ
Home / আঞ্চলিক / ২০ শতাংশ বোনাছ দিয়াৰ দাবীত আটছা-শ্ৰমিকৰ ধৰ্ণাত উত্তাল দেৰগাঁৱৰ বালিজান চাহ বাগিচা 

২০ শতাংশ বোনাছ দিয়াৰ দাবীত আটছা-শ্ৰমিকৰ ধৰ্ণাত উত্তাল দেৰগাঁৱৰ বালিজান চাহ বাগিচা 

গণ বাৰ্তা,বৰুৱাবামুন গাঁওঃ গোলাঘাট জিলাৰ দেৰগাঁৱৰ বালিজান চাহ বাগিচা কাৰ্য্যালয়ৰ সন্মুখত অসম চাহ জনজাতি ছাত্র সন্থাৰ  নেঘেৰিটিং উপ শাখাৰ উদ্যোগত নেঘেৰিটিং আৰু বালিজান প্ৰাথমিক গোটৰ সহযোগত অসম চাহ নিগম অধিনৰ নেঘেৰিটিং আৰু বালিজান চাহ বাগিচাৰ চাহ শ্ৰমিকসকলক ২০ শংতাশ বোনাছ দিয়াৰ লগতে বিভিন্ন সমস্যা সমাধান কৰাৰ দাবীত ৩০ আগষ্টত পুৱা শ শ শ্ৰমিকে  ধৰ্ণা দি উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে। উল্লেখ্য যে অসমৰ চাহ উদ্যোগ ধ্বংসৰ গৰাহলৈ গতি কৰাৰ লগতে এইবাৰ চাহ কোম্পানীসমূহে শ্ৰমিকসকলক ২০ শতাংশ বোনাছ প্ৰদান কৰাত অসমৰ্থ হোৱা বিষয়টোক কেন্দ্ৰ কৰি আজি আটছাৰ নেতৃত্বত চলা প্ৰতিবাদী কাৰ্য্যসূচীত অংশগ্ৰহণ কৰি আটছাৰ কেন্দ্ৰীয় সমিতিৰ সদস্য প্ৰফুল্ল কুৰ্মিয়ে যিকোনো মূল্যৰ বিনিময়তে চাহ শ্ৰমাকসকলক আগন্তক দুৰ্গোৎসৱৰ পূৰ্বে ২০ শতাংশ বোনাছ প্ৰদান কৰিব লাগিব বুলি দাবী জনায় । ইপিনে প্ৰতিবাদকাৰিসকলে নৰেন্দ মোডী হুঁচিয়াৰ , ২০ শতাংশ বোনাছ প্ৰদান কৰক আদি ধ্বনিৰে বালিজান চাহ বাগিছাৰ আকাশ-বতাহ কঁপাই তোলে । উল্লেখ্য যে আগন্তুক দূৰ্গাপূজাৰ প্ৰাকক্ষণত ৰাজ্যৰ প্ৰায়বোৰ চাহ বাগিচাতে শ্ৰমিকসকলক ২০ শতাংশ  বোনাছ প্ৰদানৰ দাবীত সৃষ্টি হৈছে তীব্ৰ প্ৰতিবাদ। ইপিনে চাহ বাগিচাৰ মালিক পক্ষই এই বছৰ মাত্ৰ ৮ শতাংশ বোনাছ প্ৰদান কৰিব বুলি ঘোষণা কৰাত জাঙুৰ খাই উঠিছে চাহ শ্ৰমিক সংগঠন সমুহ। যদিহে মালিক পক্ষই শ্ৰমিকসকলৰ দাবীসমূহ মানি নলয় তেতিয়া তীব্ৰ প্ৰতিবাদৰ সন্মূখীন হ’ব লাগিব বুলি আটছাৰ গোলাঘাট জিলাৰ সম্পাদক উপাশংকৰ কুৰ্মিয়ে মন্তব্য কৰে। আজিৰ এই কাৰ্য্যসূচী অংশগ্ৰহণ কৰি কেন্দ্ৰীয় সদস্য প্ৰফুল্ল কুৰ্মী,গোলাঘাট জিলা উপ সভাপতি ৰাজীৱ চাহু, জিলা সম্পাদক উমাশংকৰ কুৰ্মী,দেৰগাঁও শাখাৰ উপ সভাপতি ৰাজু মিৰ্ধা, সহ সম্পাদক দয়াৰাম ৰবিদাস, উপশাখাৰ সভাপতি সুনিল দুচাদ, সম্পাদক মিন্টু কুৰ্মী ,অসম চাহ মজদুৰ সংঘৰ বালিজান শাখাৰ সভাপতি ৰহমত আলি , সম্পাদক ৰমেশ উৰাং ,চাহ কৰ্মচাৰী সংঘৰ বিষয় ববীয়া আৰু নেঘেৰিটিং আৰু বালিজান প্ৰাথমিক গোটৰ সভাপতি সম্পাদকৰ  লগত আটছাৰ উপশাখাৰ কৰ্ম কৰ্তাৰ উপস্থিতিত নেঘেৰিটিং চাহ বাগিচাৰ পৰিচালক নৰেন্দ্ৰ কুমাৰৰ জৰিয়তে অসম চাহ নিগম লিমিটেডৰ সঞ্চালকলৈ ১৪ দফিয়া দাৱীৰে এখন স্মাৰক পত্ৰ প্ৰদান কৰা হয়। উল্লেখ্য যে অসম চাহ নিগমৰ অন্তৰ্ভুক্ত হৈ থকা নেঘেৰিটিং, ৰঙামাটি, বালিজান,কৰনাটিং, ৰাংলঙটিকে ধৰি ৰাজ্যখনৰ ১৫ খন বাগিচাৰ শ্ৰমিকৰ মজুৰি ৩৫১ টকালৈ বৃদ্ধি কৰাকে ধৰি শ্ৰমিকৰ প্ৰপ্য বিভিন্ন সমস্যাৰ সমাধানৰ দাবীত আটছাৰ লগতে চাহ শ্ৰমিকসকলে বহু সময়ত আন্দোলনৰ কাৰ্যসুচী পালন কৰি আহিছে |  মূলত অসম চাহ নিগমৰ অন্তৰ্গত চাহ বাগিচাৰ শ্ৰমিকক সুবিধা দিয়া ,শ্ৰমিকক ভূমি পট্রা দিয়া , বাগিচাত অবৈধ নিযুক্তি বন্ধ কৰা, বাগিচাত স্বাস্থ্য সেৱাৰ মান উন্নত কৰাকে ধৰি বিভিন্ন সমস্যৰ শীঘ্ৰে সমাধানৰ দাবি কৰিছে আটছাই । নহলে অনাগত দিনত ইয়াতকৈয়ো অধিক জংগী আন্দোলনৰ কাৰ্য্যসূচী গ্ৰহণ কৰা হ’ব বুলি আটছাৰ কৰ্মীসকলে সংবাদ মাধ্যমক জানিবলৈ দিয়ে ‌ ।