শেহতীয়া খবৰ
Home / ক্ৰীড়া / ২৯টা বলত ৮৩ ৰান সংগ্ৰহ কৰি ইয়ন মৰ্গানৰ চমক

২৯টা বলত ৮৩ ৰান সংগ্ৰহ কৰি ইয়ন মৰ্গানৰ চমক

লণ্ডন, ৩১ আগষ্টঃ যোৱা মাহত অনুষ্ঠিত বিশ্বকাপত ইংলেণ্ডক ঐতিহাসিক বিজয় প্ৰদান কৰা ইয়ন মৰ্গানৰ চমকপ্ৰদ যাত্ৰা অব্যাহত আছে। বিশ্বকাপৰ পিছত ভাইটেলিটী টি-২০ ব্লাষ্টত মিডলছেক্সৰ হৈ খেলি থকা ইংৰাজ অধিনায়কজনে শুকুৰবাৰে খেলপথাৰত পুনৰ নিজৰ শক্তি প্ৰদৰ্শন কৰে।

তেওঁ আকৰ্ষণীয় ইনিংছ খেলি নিজৰ দলক ছমাৰছেটৰ বিৰুদ্ধে ঐতিহাসিক বিজয় প্ৰদান কৰে। মৰ্গানে ২৯টা বলত ৮৩ ৰান সংগ্ৰহ কৰি মিডলছেক্সত অভিলেখ ভংগকাৰী বিজয় প্ৰদান কৰে। প্ৰথমে বেটিং কৰি ছমাৰছেটে ৫ উইকেট হেৰুৱাই ২২৬ ৰান সংগ্ৰহ কৰিছিল। ইয়াৰ প্ৰত্যুত্তৰত মিডলছেক্সে ১৮টা বল বাকী থকা অৱস্থাতে লক্ষ্য আহৰণ কৰে, যিটো সেই টুৰ্নামেণ্টৰ ইতিহাসত সফলতাৰে আহৰণ কৰা সৰ্ববৃহৎ লক্ষ্য।

বৃহৎ লক্ষ্যৰ অনুসৰণ কৰি মিডলছেক্সে ৬৭ ৰানত ডেভিদ মলান আৰু প’ল ষ্টাৰ্লিঙৰ ৰূপত দুজন শক্তিশালী ক্ৰিকেটাৰক হেৰুৱায়। ইয়াৰ পিছতে ১১১ ৰানত মহম্মদ হাফিজৰ ৰূপত দলটোৱে তৃতীয়টো আঘাত লাভ কৰে। এবি ডিভিলিয়াৰ্ছো ১২৮ ৰানত আউট হয়।