শেহতীয়া খবৰ
Home / আঞ্চলিক / বিশেষ নিউজ ৰিপ’ৰ্ট | ৩১১২১০০৪জনক অন্তৰ্ভুক্তিৰে চূড়ান্ত এন আৰ চিঃ বাদ পৰিল ১৯০৬৬৫৭জন

বিশেষ নিউজ ৰিপ’ৰ্ট | ৩১১২১০০৪জনক অন্তৰ্ভুক্তিৰে চূড়ান্ত এন আৰ চিঃ বাদ পৰিল ১৯০৬৬৫৭জন

ষ্টাফ ৰিপ’ৰ্টাৰ, গুৱাহাটী, ৩১ আগষ্ট : ক’ত গ’ল লাখ লাখ বিদেশী। প্ৰাক্তন মুখ্যমন্ত্ৰী হিতেশ্বৰ শইকীয়াই বিধানসভাৰ মজিয়াত ঘোষণা কৰিছিল- অসমত ৩০ লাখ বাংলাদেশী আছে। একেদৰে ইন্দ্ৰজিৎ গুপ্তাই উল্লেখ কৰিছিল- অসমত ৫০ লাখ বিদেশী আছে। বিদেশীৰ উক্ত সংখ্যাক লৈ অসমত দীৰ্ঘ বছৰ ধৰি চলিল ৰাজনীতি। বিভিন্ন দল-সংগঠনে বাৰম্বাৰ আওৰাই আহিছে যে লাখে লাখে বিদেশীয়ে অসম ভৰি পৰিছে। দৈনিক অসমত প্ৰৱেশ কৰিছে হাজাৰ হাজাৰ বাংলাদেশীয়ে। কিন্তু উক্ত ঘোষণা আৰু দাবী যেন আজি অসাৰ প্ৰতিপন্ন হ’ল। আজি ঘোষণা হ’ল বহু প্ৰত্যাশিত অসমীয়াৰ ৰক্ষাকৱচস্বৰূপ চূড়ান্ত এন আৰ চি। ৩,১১,২১,০০৪জনক অন্তৰ্ভুক্ত কৰি আজি পুৱা ১০ বজাত প্ৰকাশ পায় অসমীয়াৰ জাতীয় দলিল এন আৰ চি। চূড়ান্ত এন আৰ চিৰ পৰা বাদ পৰে ১৯,০৬,৬৫৭জন। অৰ্থাৎ চূড়ান্ত এন আৰ চিৰ পৰা বাদ পৰা লোকসকলক সন্দেহজনক হিচাপে অভিহিত কৰা হ’ব। ১২০ দিনৰ ভিতৰত এন আৰ চিৰ চূড়ান্ত তালিকাৰ পৰা বাদ পৰা লোকসকলে বিদেশী ন্যায়াধিকৰণৰ জৰিয়তে পুনৰ আবেদন দাখিল কৰিব লাগিব। বিদেশী ন্যায়াধিকৰণত ভাৰতীয় হিচাপে প্ৰমাণ কৰিব পাৰিলে চূড়ান্ত এন আৰ চিত নাম অন্তৰ্ভুক্ত হ’ব।

আজি পুৱা দহ বজাত চূড়ান্ত এন আৰ চি প্ৰকাশ পোৱাৰ পিছতেই প্ৰতিটো এন আৰ চি সেৱা কেন্দ্ৰ, চক্ৰ বিষয়াৰ কাৰ্যালয় আৰু উপায়ুক্তৰ কাৰ্যালয়ত উপলব্ধ হয় ভাৰতীয় লোকৰ তালিকা। দীৰ্ঘদিন ধৰি বিভিন্ন দল-সংগঠনে দাবী কৰি অহা বিদেশীৰ সংখ্যা আশানুৰূপ নোহোৱাৰ বাবে আজি ৰাজ্যত মিশ্ৰিত প্ৰভাৱ পৰে। একাংশ দল-সংগঠন বিদেশীৰ সংখ্যাক লৈ আশাহত হৈ পৰে। বহু বিদেশীৰ নাম চূড়ান্ত এন আৰ চিত অন্তৰ্ভুক্ত হোৱাৰ সন্দেহ প্ৰকাশ কৰে। সমান্তৰালভাৱে আজি প্ৰকাশ পোৱা চূড়ান্ত এন আৰ চিত ব্যাপক ত্ৰুটি পৰিলক্ষিত হয়। একাংশ ভাৰতীয় তথা খিলঞ্জীয়া লোকৰ নাম এন আৰ চিৰ চূড়ান্ত তালিকাৰ পৰা বাদ পৰা দেখা যায়। কিছুসংখ্যক পৰিয়ালৰ পিতৃ-মাতৃৰ নাম চূড়ান্ত এন আৰ চিত অন্তৰ্ভুক্ত হৈছে, কিন্তু সন্তানৰ নাম তালিকাৰ পৰা কৰ্তন হৈছে। কে’বাখনো জিলাত এনেধৰণৰ বিসংগতিৰ তথ্য পোহৰলৈ আহিছে। ইপিনে দক্ষিণ অভয়াপুৰী সমষ্টিৰ বিধায়ক অনন্ত মালো, কাটিগড়াৰ প্ৰাক্তন বিধায়ক আতাউৰ ৰহমান মাঝাৰভূঞাৰ নাম চূড়ান্ত এন আৰ চিত অন্তৰ্ভুক্ত নহ’ল। কেৱল এয়াই নহয়, দলগাঁৱৰ বিধায়ক ইলিয়াছ আলীৰ পৰিয়ালৰ সদস্যৰ নাম অন্তৰ্ভুক্ত নহ’ল চূড়ান্ত এন আৰ চিত।

যি কি নওক, চূড়ান্ত এন আৰ চি প্ৰকাশ পোৱাৰ পিছত ৰাজ্যত এক অপ্ৰীতিকৰ পৰিৱেশৰ সৃষ্টি হ’ব বুলি যি আশংকা কৰা হৈছিল সেয়া যেন একপ্ৰকাৰ বুমেৰাং হ’ল। ৰাজ্যৰ কোনো এটা স্থানতে অপ্ৰীতিকৰ পৰিৱেশৰ সৃষ্টি হোৱা পৰিলক্ষিত নহ’ল। শান্তিপূৰ্ণভাৱে এন আৰ চি সেৱা কেন্দ্ৰসমূহত সৰ্বসাধাৰণ ৰাইজ উপস্থিত হৈ নিজৰ নাম তালিকাত অন্তৰ্ভুক্ত হৈছে নে নাই চালে। উল্লেখ্য যে মহামান্য উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশ অনুসৰি ২০১৩ চনত অসমত এন আৰ চি উন্নীতকৰণ প্ৰক্ৰিয়াৰ কাম আৰম্ভ কৰা হয়। তেতিয়াৰ পৰা উচ্চতম ন্যায়ালয়ে এন আৰ চি উন্নীতকৰণৰ সমগ্ৰ প্ৰক্ৰিয়াটো সূক্ষ্মভাৱে তদাৰকী কৰি আহিছে। নাগৰিকত্ব (নাগৰিকৰ পঞ্জীয়ন আৰু ৰাষ্ট্ৰীয় পৰিচয়-পত্ৰ প্ৰদান) বিধি ২০০৩ৰ অধীনত পৰিশিষ্ট ৪এ ধাৰাৰ আধাৰত সম্পূৰ্ণ হ’ব লগা অসমৰ এন আৰ চি উন্নীতকৰণ প্ৰক্ৰিয়া দেশৰ অন্যান্য অংশৰ বাবে প্ৰযোজ্য বিধি-বিধানৰ লগত নিমিলে। এই নিয়মাৱলী অসম চুক্তিৰ আধাৰত নিৰ্ণীত ১৯৭১ চনৰ ২৪ মাৰ্চৰ মাজনিশাৰ সময়সীমা অনুযায়ী প্ৰস্তুত কৰা হৈছে চূড়ান্ত এন আৰ চি। ২০১৫ চনৰ মে’ৰ শেষৰ ফালে এন আৰ চিৰ আবেদন প্ৰ-পত্ৰ গ্ৰহণ কৰাৰ প্ৰক্ৰিয়া আৰম্ভ হয় আৰু ৩১ আগষ্টত অন্ত পৰে।

৬৮,৩৭,৬৬০খন আবেদন প্ৰ-পত্ৰযোগে মুঠ ৩,৩০,২৭,৬৬১জন সদস্যই আবেদন দাখিল কৰে। এন আৰ চিত অন্তৰ্ভুক্তিৰ যোগ্যতা নিৰূপণৰ বাবে আবেদনকাৰীসকলে দাখিল কৰা নথি-পত্ৰসমূহ পৰীক্ষণৰ কাৰণে লোৱা হয়। এন আৰ চি উন্নীতকৰণ এক অতিশয় বৃহৎ প্ৰক্ৰিয়া, য’ত ৫২,০০০ ৰাজ্য চৰকাৰৰ বিষয়া-কৰ্মচাৰী নিয়োজিত হৈ আছে। উচ্চতম ন্যায়ালয়ৰ তত্ত্বাৱধানত চলি থকা চূড়ান্ত এন আৰ চিত যোৱাবৰ্ষৰ ৩০ জুলাইত ২,৮৯,৮৩,৬৭৭জনক অন্তৰ্ভুক্ত কৰি চূড়ান্ত খচৰা প্ৰকাশ পায়। চূড়ান্ত খচৰাৰ পৰা বাদ পৰে ৪০,৪৩,৯৮৪ লোক। উক্ত লোকসকলৰ ভিতৰত সৰ্বমুঠ ৩৬,২৬,৬৩০জন ব্যক্তিয়ে এন আৰ চিত নাম অন্তৰ্ভুক্তিৰ বাবে পুনৰ দাবী আবেদন কৰে। চূড়ান্ত খচৰাৰ পৰা বাদ পৰা ৪,২৭,৩৫৪জনে কোনোধৰণৰ আবেদন নকৰে। পিছত খচৰাত সন্দেহজনক লোকৰ নাম অন্তৰ্ভুক্ত হৈছে বুলি উত্থাপিত দাবীৰ ভিত্তিত ১,৮৭,৬৩৩জনৰ বিৰুদ্ধে আপত্তি দাখিল কৰা হয়। নাগৰিকত্ব (নাগৰিকৰ পঞ্জীয়ন আৰু ৰাষ্ট্ৰীয় পৰিচয়-পত্ৰ প্ৰদান) বিধি ২০০৩ৰ অধীনৰ পৰিশিষ্টৰ ধাৰা ৪ (৩) বিধান অনুযায়ী সম্পূৰ্ণ খচৰা এন আৰ চিত অন্তৰ্ভুক্ত হোৱা ব্যক্তিসকলৰ পৰীক্ষণ কাৰ্যকৰীকৰণ হয়। সম্পূৰ্ণ খচৰা এন আৰ চিত মুঠ ১,৮৭,৬৩৩জন আবেদনকাৰীৰ নাম অন্তৰ্ভুক্তিৰ আপত্তি দাখিল কৰা হয়।

অন্তৰ্ভুক্তিৰ অযোগ্য বিবেচিত ১,০২,৪৬২জন সদস্যৰ নাম সন্নিৱিষ্ট আন এক অতিৰিক্ত খচৰা বাদ পৰা তালিকা যোৱা ২৬ জুন তাৰিখে প্ৰকাশ হয়। ইতিমধ্যে অন্তৰ্ভুক্ত হোৱা সদস্যসকলক সামৰি আৰু দাবী আৰু আপত্তি নিষ্পত্তি কৰা তথা ৪ (৩) ধাৰাৰ অধীনত ব্যৱস্থাৱলী কাৰ্যকৰী কৰাৰ পিছত আজি ৩,১১,২১,০০৪জন সদস্যক যোগ্য বিবেচিত কৰি চূড়ান্ত এন আৰ চি প্ৰকাশ কৰা হয়। দাবী দাখিল নকৰাসকলকে ধৰি সৰ্বমুঠ ১৯,০৬,৬৫৭জন লোক চূড়ান্ত এন আৰ চিৰ পৰা বাদ পৰে। মন কৰিবলগীয়া যে যিসকল লোকৰ নাম চূড়ান্ত এন আৰ চিৰ পৰা বাদ পৰে সেইসকলক বিদেশী বুলি গণ্য কৰা নহ’ব বুলি ইতিমধ্যে কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে ঘোষণা কৰিছে। চূড়ান্ত এন আৰ চিৰ পৰা বাদ পৰা লোকসকলে ১২০ দিনৰ ভিতৰত নিজৰ নাগৰিকত্ব প্ৰমাণ কৰিব লাগিব বিদেশী ন্যায়াধিকৰণৰ জৰিয়তে। মন কৰিবলগীয়া যে ৭ ছেপ্টেম্বৰৰ পৰা অনলাইনৰ জৰিয়তে উপলব্ধ হ’ব চূড়ান্ত এন আৰ চি। সকলোৱে অনলাইনত চাব পাৰিব নিজৰ নাম।

( News Cr : দৈনিক গণ অধিকাৰ | A Dainik Gana Adhikar News Report )