শেহতীয়া খবৰ
Home / চিত্ৰ-সংবাদ / দেৰগাঁও বাপুজী মন্দিৰত সপোনজ্যোতি ঠাকুৰৰ সংযোগ মঞ্চস্থ

দেৰগাঁও বাপুজী মন্দিৰত সপোনজ্যোতি ঠাকুৰৰ সংযোগ মঞ্চস্থ

ডিজিটেল ডেস্ক , ১ চেপ্টেম্বৰঃ সময় সলনি হোৱাৰ লগে লগে মানুহৰ সংকট সমুহো সলনি হয়নে ? নে সুকীয়া সুকীয়া ৰূপত মানুহ একেখিনি সংকটৰে মুখামুখি হয় বাৰে বাৰে ? প্ৰতিষ্ঠা আৰু প্ৰতিভাৰ মাজত বৰ ডাঙৰ যুঁজ এখন চলি থাকে নেকি ? ৩১ আগষ্টৰ সন্ধ্যা বাপুজী মন্দিৰত মঞ্চস্থ হোৱা দেৰগাঁও নাট্যচৰ্চ্চা কেন্দ্ৰৰ নতুন প্ৰযোজনা সপোনজ্যোতি ঠাকুৰৰ ৰচনা পৰিচালনাৰ নাটক সংযোগে হলভৰ্তি দৰ্শকৰ বুকুত এনে অনেক প্ৰশ্নৰ হেন্দোলনি তুলিবলৈ সক্ষম হয়।

অষ্টম শতিকাৰ কবি , নাট্যকাৰ, সংস্কৃত পণ্ডিত ভৱভূতিক কেন্দ্ৰ কৰি ৰচনা কৰা এই নতুন নাটক সংস্কৃত পণ্ডিত ভৱভূতিৰ এক যতিহীন যাত্ৰাৰ কাহিনী।ব্যতিক্ৰমী বিষয়বস্তু, চমকপ্ৰদ নাট্যনিৰ্মানে শক্তিশালী আৰু অন্তস্পৰ্শী সংলাপ আৰু কুশীলব সকলৰ আন্তৰিক অভিনয়ৰে সজীৱ হৈ উঠা প্ৰেক্ষাগৃহত নাট্যৰসিক সকলে এক বিৰল নাট্যসন্ধ্যা উপভোগ কৰে।অভিনয়ত পবিত্ৰ শইকীয়া, উজ্জ্বল ৰাজখোৱা, দেৱজিত দত্ত, সত্যেন শইকীয়া, দৰ্শনা দেৱী, মৃগাংক দত্ত, কল্পজ্যোতি বৰুৱা, মাধুৰী হাজৰিকা, অভিজ্ঞান বিকাশ নাথ, ৰাতুল বৰা, ৰাজৰ্শী মাধৱ ফুকন, দশমী বৰা প্ৰত্যেকেই চৰিত্ৰ সমুহৰ ভিতৰত প্ৰবেশ কৰিবলৈ সক্ষম হৈছে।ভৱভূতিৰ চৰিত্ৰত উজ্জ্বল ৰাজখোৱা আৰু জানকীৰ চৰিত্ৰত দৰ্শনা দেৱীৰ কথা এইক্ষেত্ৰত বিশেষভাৱে উল্লেখযোগ্য।পবিত্ৰ শইকীয়াৰ সংগীত প্ৰক্ষেপন আৰু বিকাশ দুৱৰাৰ পোহৰ আৰু অংকুৰৰ শব্দ গ্ৰহন আছিল নাট্যপযোগী আৰু আঁৰ নলগা ।

লক্ষিমপুৰৰ বিশিষ্ট অভিনেত্ৰী লীলাৱতী দত্ত মজুমদাৰ, নাট্যকাৰ পৰিচালক অৰুন দত্ত, ড০ৰূপহ ফুকন, দিলীপ দাস, ডিমৌৰ পৰা কৃষি বিষয়া অমৃত শইকীয়া , নিতাই পুখুৰী কলেজৰ অধ্যাপিকা গীতালী শইকীয়া , যোৰহাটৰ ড০ ৰঞ্জন ভট্ৰাচাৰ্য,২০১৮ বৰ্ষৰ শিশু সাহিত্য একাডেমী বটাঁ বিজয়ী স্বামিম নাছৰিন, অধ্যাপক চেমিম আলি, গোলাঘাটৰ অধ্যাপক পলাশ সন্দিকৈ আদি অসমৰ বিভিন্ন প্ৰান্তৰ পৰা আহি বাপুজী মন্দিৰত উপস্থিত হোৱা দৰ্শক সকলে নাট্যকেন্দ্ৰৰ প্ৰতি এক যোগাত্মক বাৰ্তা কঢ়িয়াই আনিছে।নাট্যসন্ধ্যাটি উৎসগা কৰা হৈছিল নাট্যশিল্পী, লেখক অধ্যাপিকা নাট্যচৰ্চ্চা কেন্দ্ৰৰ একান্ত সুহৃদ ৰত্না দত্তৰ নামত।