শেহতীয়া খবৰ
Home / ক্ৰীড়া / দ্বিতীয় টেষ্টত জছপ্ৰীত বুমৰাহৰ ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে হেট্ৰীক

দ্বিতীয় টেষ্টত জছপ্ৰীত বুমৰাহৰ ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে হেট্ৰীক

ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে দ্বিতীয় টেষ্টত বুমৰাহৰ কেৰিয়াৰৰ প্ৰথমটো হেট্ৰীক অৰ্জন কৰিলে ভাৰতীয় বেগী বলাৰ জছপ্ৰীত বুমৰাহে।এই কৃতিত্বৰ জৰিয়তে হৰভজন সিং,ইৰফান পাঠানৰ পিছত টেষ্ট ক্ৰিকেটত হেট্ৰীক অৰ্জন কৰা তৃতীয়জন ভাৰতীয় বলাৰ । বুমৰাহে ডেৰেন ব্ৰাভ’,ছমৰ ব্ৰুকছ আৰু ৰষ্ট’ন ছেজক আউট কৰি এই কৃতিত্ব অৰ্জন কৰিবলৈ সক্ষম হয়।

ভাৰতে প্ৰথম বেটিং কৰি প্ৰথম ইনিংছত ৪১৬ ৰাণ সংগ্ৰহ কৰে৷ ইয়াৰ পিছত ৱেষ্ট ইণ্ডিজে বেটিং কৰিবলৈ আহে আৰু কিবিৰ বেটিং লাইনআপৰ কঁকাল ভাঙি দিয়ে বুমৰাহৰ বিষাক্ত বলিঙে ।
ৱেষ্ট ইণ্ডিজৰ প্ৰথম ইনিংছত ইতিমধ্যে দ্বিতীয় দিনৰ খেল শেষ হোৱালৈকে ৱেষ্ট ইণ্ডিজে ৭ উইকেটত ৮৭ ৰাণ  সংগ্ৰহ কৰিছে।