শেহতীয়া খবৰ
Home / ৰাজনীতি / আই এছ আইৰ ধন লৈ আছে বিজেপি-বজৰং দলে ঃ কংগ্ৰেছৰ জ্যেষ্ঠ নেতা দিগি্বজয় সিঙৰ বিস্ফোৰক মন্তব্য

আই এছ আইৰ ধন লৈ আছে বিজেপি-বজৰং দলে ঃ কংগ্ৰেছৰ জ্যেষ্ঠ নেতা দিগি্বজয় সিঙৰ বিস্ফোৰক মন্তব্য

ভিণ্ড (মধ্য প্ৰদেশ), ১ ছেপ্টেম্বৰ : কংগ্ৰেছৰ জ্যেষ্ঠ নেতা তথা মধ্য প্ৰদেশৰ প্ৰাক্তন মুখ্যমন্ত্ৰী দিগি্বজয় সিঙে বিস্ফোৰক মন্তব্য প্ৰদান কৰি কয় যে বিজেপি আৰু বজৰং দলে পাকিস্তানৰ চোৰাংচোৱা সংস্থা আই এছ আইৰ পৰা ধন সংগ্ৰহ কৰি আহিছে। তেওঁ ইয়াৰ উপৰি কয় যে আই এছ আইৰ হৈ মুছলমানতকৈ অধিক অমুছলমানে চোৰাংচোৱাগিৰি কৰি আহিছে। মধ্য প্ৰদেশৰ ভিণ্ডত দিগি্বজয় সিঙে শনিবাৰে এখন সংবাদ মেল সম্বোধন কৰি কয় যে বজৰং দল আৰু বিজেপিয়ে আই এছ আইৰ পৰা ধন সংগ্ৰহ কৰি আহিছে। এই বিষয়টো গুৰুত্ব সহকাৰে লোৱাটো অতিকৈ প্ৰয়োজন। তেওঁ ইয়াৰ উপৰি কয় যে এই বিষয়টো গুৰুত্ব সহকাৰে লোৱাটো অতিকৈ প্ৰয়োজন হৈ পৰিছে যে আই এছ আইৰ হৈ চোৰাংচোৱা মুছলমানতকৈ অধিক অমুছলমানে কৰি আহিছে।

আজি তেওঁ টুইটাৰৰ জৰিয়তে কয় যে বজৰং দল আৰু বিজেপিৰ আই টি চেলৰ পদাধিকাৰীয়ে আই এছ আইৰ ধন সংগ্ৰহ কৰি পাকিস্তানৰ চোৰাংচোৱা কৰাৰ বাবে মধ্য প্ৰদেশ আৰক্ষীয়ে আটক কৰিছে। সেই বাবে সংবাদ মেলত উপৰিউক্ত কথাখিনি কোৱাৰ কথা টুইটাৰৰ জৰিয়তে উল্লেখ কৰে কংগ্ৰেছৰ জ্যেষ্ঠ নেতাগৰাকীয়ে। লগতে সংবাদ মাধ্যমক এই সম্পৰ্কত বিজেপিক প্ৰশ্ন কৰিবলৈও আহবান জনাইছে। উল্লেখযোগ্য যে দিগি্বজয় সিঙৰ এই মন্তব্যক লৈ আৰোপ-প্ৰত্যাৰোপেৰে চলিবলৈ ধৰিছে ৰাজনীতি। কিয়নো বিজেপিৰ ৰাষ্ট্ৰীয় উপাধ্যক্ষ তথা মধ্য প্ৰদেশৰ প্ৰাক্তন মুখ্যমন্ত্ৰী শিৱৰাজ সিং চৌহানে দিগি্বজয় সিঙৰ মন্তব্যত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় যে তেওঁ পাকিস্তানৰ ভাষা ক’বলৈ আৰম্ভ কৰিছে। সংবাদ মাধ্যমত চৰ্চা লাভ কৰাৰ উদ্দেশ্যৰে কংগ্ৰেছৰ জ্যেষ্ঠ নেতাগৰাকীয়ে এই কথা উল্লেখ কৰা বুলি কয় শিৱৰাজ সিং চৌহানে।

( News Cr : দৈনিক গণ অধিকাৰ | A Dainik Gana Adhikar News Report )