শেহতীয়া খবৰ
Home / ক্ৰীড়া / আন্তঃজিলা পুৰুষ-মহিলা বক্সিংত দেৰগাঁও বক্সিং সন্থাৰ সাফল্য

আন্তঃজিলা পুৰুষ-মহিলা বক্সিংত দেৰগাঁও বক্সিং সন্থাৰ সাফল্য

পুনয়ুম কামানলৈ শ্ৰেষ্ঠ মহিলা বক্সাৰ বটাঁ 

ডিজিটেল ডেস্ক, ২ চেপ্টেম্বৰঃ তিনিচুকীয়াত ২৭ আগষ্টৰ পৰা ২৯ আগষ্টলৈ অনুষ্ঠিত হোৱা ৪০ সংখ্যক আন্তঃজিলা পুৰুষ আৰু মহিলা বক্সিং প্ৰতিযোগিতাত দেৰগাঁও বক্সিং সন্থাই যোগদান কৰি পুৰুষ মহিলা দুয়োটা শাখাত শ্ৰেষ্ঠ দলৰ সন্মান অৰ্জন কৰিবলৈ সক্ষম হয়।দলটোৱে মহিলা শাখাত দুটা সোন, এটা ৰূপ  দুটা ব্ৰঞ্জৰ পদক আৰু পুৰুষৰ শাখাত দুটা সোন আৰু তিনিটা ব্ৰঞ্জৰ পদকেৰে সাফল্যতা লাভ কৰে।দলটোত মহিলাৰ পুনয়ুম কামান আৰু পুনচাং কামানে সোনৰ,  পল্লবী বৰাই ৰূপ,হিৰন্ময়ী বড়ো আৰু স্বপ্না সিঙে ব্ৰঞ্জৰ পদক লাভ কৰে ।

পুৰুষৰ পুতুল পেগু আৰু দিপজ্যোতি বৰাই সোনৰ, ডেভিদ পেগু, আনন্দ পেগু আৰু নলীন টাইয়ে ব্ৰঞ্জৰ পদক লাভ কৰে। প্ৰতিযোগিতা খনিত পুনয়ুম কামানলৈ শ্ৰেষ্ঠ মহিলা বক্সাৰ সন্মান আগবঢ়োৱা হয়।দেৰগাঁৱলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হোৱা খেলুৱৈ সকলৰ এই সফলতাত দেৰগাঁও বক্সিং সন্থাৰ সভাপতি পৰাগ ঠাকুৰ, সম্পাদক দিগন্ত নাথ, দেৰগাঁও ছাত্ৰ সন্থাৰ সম্পাদক মিলনজ্যোতি খাটনিয়াৰ আদি বিভিন্ন ব্যক্তি তথা সংগঠনে অভিনন্দন জ্ঞাপন কৰিছে।