শেহতীয়া খবৰ
Home / আঞ্চলিক / ৬৩সংখ্যক বীমা সপ্তাহ উদ্যাপন এল আই চিৰ

৬৩সংখ্যক বীমা সপ্তাহ উদ্যাপন এল আই চিৰ

ডিজিটেল ডেস্ক, ২ চেপ্টেম্বৰঃ ভাৰতীয় জীৱন বীমা নিগম (এলআইচি)য়ে ৬৩ সংখ্যক বীমা সপ্তাহ উদ্যাপন কৰিছে। ১ ছেপ্টেম্বৰত দেশজুৰি এল আই চিয়ে ৬৩সংখ্যক বাৰ্ষিক উদ্যাপন উপলক্ষে বীমা সপ্তাহ উদ্যাপন কৰিছে।

আজি গুৱাহাটীত আয়োজিত এখন সংবাদ মেলত এল আই চিৰ গুৱাহাটী মাণ্ডলিক সঞ্চালক মানসৰঞ্জন চাহুৱে কয় যে ভাৰতৰ ২৪টা জীৱন বীমা নিগমৰ ভিতৰত প্ৰথম স্থানত থকা এই নিগমৰ চলিতবৰ্ষৰ ৩০ জুনলৈকে পলিচিৰ ক্ষেত্ৰত ৭১ শতাংশ আৰু প্ৰিমিয়ামৰ ক্ষেত্ৰত ৭৪ শতাংশ মাৰ্কেট অংশীদাৰিত্ব আছে। ৫ কোটি টকাৰে ভাৰত চৰকাৰে আৰম্ভ কৰা এই প্ৰতিষ্ঠানৰ ৩১লাখ কোটি টকাৰ সম্পদ আৰু ২৬ লাখ কোটি টকাৰ লাইফ ফাণ্ড আছে।

বিশ্বৰ ১৪খন দেশলৈ এল আই চি কাৰ্যকলাপ সম্প্ৰসাৰণ কৰা হৈছে বুলি উল্লেখ কৰে। চলিত বৰ্ষত ৩০৮৫০০খন পলিচি আৰু ৭১০ কোটি টকাৰ প্ৰথম বছৰীয়া প্ৰিমিয়া কৰাৰ লক্ষ্য লৈছে। অহা ৭ ছেপ্টেম্বৰলৈ অনুষ্ঠিত এল আই চি বীমা সপ্তাহ বুলি উল্লেখ কৰে সঞ্চালকগৰাকীয়ে।