শেহতীয়া খবৰ
Home / ক্ৰীড়া / ছুইঙৰ নতুন চুলতান যশপ্ৰীত বুমৰাহ

ছুইঙৰ নতুন চুলতান যশপ্ৰীত বুমৰাহ

ডিজিটেল ডেস্ক,  নতুন দিল্লী, ২ চেপ্টেম্বৰঃ ভাৰত আৰু ৱেষ্ট ইণ্ডিজৰ মাজত অনুষ্ঠিত জামাইকা টেষ্টৰ কথা যশপ্ৰীত বুমৰাহৰ হেট্ৰিকৰ বাবে সকলোৰে মুখে মুখে। তেওঁ টেষ্ট ক্ৰিকেটত হেট্ৰিক অৰ্জন কৰা ভাৰতৰ তৃতীয়জন বলাৰ হিচাপে পৰিগণিত হয়। এণ্টিগাত অনুষ্ঠিত প্ৰথম টেষ্টত মুঠ ছটা উইকেট সংগ্ৰহ কৰা বুমৰাহৰ ছুইং বল দ্বিতীয় টেষ্টটো টি-২০ৰ বিশ্ব চেম্পিয়ন দলে বুজিব নোৱাৰিলে। প্ৰথম ইনিংছত দহটাৰ ছটা উইকেট বুমৰাহে অৰ্জন কৰে। বুমৰাহে ইনিংছৰ নৱম অভাৰৰ দ্বিতীয়টো বলত ডেৰেন ব্ৰেভো (৪), তৃতীয়টো বলত ছাহমাৰ ব্ৰুকছ (০) আৰু চতুৰ্থটো বলত ৰোস্তন চেজ (০)ক আউট কৰি হেট্ৰিক সম্পূৰ্ণ কৰি ইতিহাস ৰচনা কৰে।

আমোদজনক কথাটো হৈছে, এই সকলো উইকেট তেওঁ ছুইঙৰ পৰাই লাভ কৰে। ক্ৰিকেটৰ ভগৱান হিচাপে খ্যাত শচীন তেণ্ডুলকাৰ, প্ৰসিদ্ধ অ’পেনাৰ বীৰেন্দ্ৰ সেহৱাগ, প্ৰাক্তন অধিনায়ক এম এছ ধোনীসহ কেইবাজনো খেলুৱৈয়ে বুমৰাহৰ প্ৰশংসা কৰিছে। সীমিত অভাৰৰ ক্ৰিকেটত ভাৰতৰ শ্ৰেষ্ঠ খেলুৱৈসকলৰ মাজৰ এজন যুৱৰাজ সিঙে সাংবাদিকৰ আগত কৈছে যে বুমৰাহৰ দৰে প্ৰতিভাশালী বলাৰ কেইবাবছৰৰ মূৰত এজনেই সন্মুখলৈ আহে। তেওঁ কয়, ‘মই তেওঁৰ লগত প্ৰথমবাৰ ২০১৩ চনত মোহালি ষ্টেডিয়ামত ৰঞ্জি ট্ৰফীৰ এখন মেচত খেলিছিলো। তেতিয়া আমি গুজৰাটৰ বিৰুদ্ধে খেলিছিলো।’