শেহতীয়া খবৰ
Home / আঞ্চলিক / সমগ্ৰ দেশতে হ’ব ‘এক দেশ এক সংবিধান’:  গুৱাহাটীত কেন্দ্ৰীয় মন্ত্ৰী জিতেন্দ্ৰ সিঙৰ ঘোষণা

সমগ্ৰ দেশতে হ’ব ‘এক দেশ এক সংবিধান’:  গুৱাহাটীত কেন্দ্ৰীয় মন্ত্ৰী জিতেন্দ্ৰ সিঙৰ ঘোষণা

ষ্টাফ ৰিপ’ৰ্টাৰ, গুৱাহাটী, ৪ ছেপ্টেম্বৰ : সমগ্ৰ দেশতে হ’ব ‘এক দেশ এক সংবিধান’। উত্তৰ-পূবৰ আৰ্হিত উন্নয়ন হ’ব জম্মু-কাশ্মীৰৰ। আজি গুৱাহাটীত উপস্থিত হৈ এই কথা ঘোষণা কৰে কেন্দ্ৰীয় মন্ত্ৰী জিতেন্দ্ৰ সিঙে। সাংবাদিকৰ আগত জম্মু-কাশ্মীৰ প্ৰসংগ উত্থাপন কৰি কয় যে ৩৭০ ধাৰা প্ৰত্যাহাৰৰ পিছতে কাশ্মীৰৰ বিকাশ ত্বৰান্বিত হ’ব। সন্ত্ৰাসবাদ নিৰ্মূল হ’ব। পাকিস্তানৰ পৰা জম্মু-কাশ্মীৰত সন্ত্ৰাসবাদীৰ প্ৰৱেশৰ ক্ষেত্ৰত বাধাৰ সৃষ্টি হ’ব। মূলতঃ কাশ্মীৰত সন্ত্ৰাসবাদীৰ প্ৰৱেশ সম্পূৰ্ণৰূপে বন্ধ হ’ব বুলি উল্লেখ কৰি কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে আৰু কয় যে কংগ্ৰেছে এই অস্থায়ী বিষয়টোক জীয়াই ৰাখিছিল। বিজেপি চৰকাৰ ক্ষমতালৈ আহি প্ৰত্যাহাৰ কৰিলে। কাশ্মীৰৰ লাডাখত এতিয়া উন্নয়ন ত্বৰান্বিত হ’ব।

উত্তৰ-পূবৰ আৰ্হিত কাশ্মীৰৰ লাডাখত বিকাশ হ’ব। এই সমস্ত বিষয় সন্দৰ্ভত উত্তৰ-পূবৰ এটা প্ৰতিনিধি দল শীঘ্ৰেই জম্মু-কাশ্মীৰলৈ ৰাওনা হ’ব বুলি মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে। উল্লেখ্য যে আজি দিছপুৰৰ গড়কাপ্টানী প্ৰশিক্ষণ কেন্দ্ৰত কেন্দ্ৰীয় মন্ত্ৰী জিতেন্দ্ৰ সিঙে উত্তৰ-পূবৰ বিজেপি নেতৃত্বৰ সৈতে এক আলোচনাত মিলিত হয়। ৩৭০ আৰু ৩৫ (এ) বিষয় সম্পৰ্কে উত্তৰ-পূৰ্বাঞ্চলৰ বিজেপিৰ নেতৃত্বত কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে প্ৰশিক্ষণ প্ৰদান কৰে। উক্ত সভাত ভাৰতীয় জনতা পাৰ্টীৰ ৰাজ্যিক সভাপতি ৰঞ্জিত দাসৰ লগতে কে’বাগৰাকীও মন্ত্ৰী আৰু উত্তৰ-পূৰ্বাঞ্চলৰ জিলাসমূহৰ বিজেপি নেতৃত্ব আৰু অসম প্ৰদেশৰ ৰাজ্যিক নেতৃত্ব উপস্থিত থাকে।

( News Cr : দৈনিক গণ অধিকাৰ | A Dainik Gana Adhikar News Report )