শেহতীয়া খবৰ
Home / আঞ্চলিক / কাটাৰ ফিফা বিশ্বকাপৰ যোগ্যতা নিৰ্ণয় মেচত ওমানৰ হাতত ভাৰতৰ পৰাজয়

কাটাৰ ফিফা বিশ্বকাপৰ যোগ্যতা নিৰ্ণয় মেচত ওমানৰ হাতত ভাৰতৰ পৰাজয়

ষ্টাফ ৰিপ’ৰ্টাৰ, গুৱাহাটী, ৫ ছেপ্টেম্বৰ : কাটাৰত অনুষ্ঠিত হ’বলগীয়া ২০২২ৰ ফিফা বিশ্বকাপৰ প্ৰাক্‌ক্ষণত আজি ভাৰত আৰু ওমানৰ মাজত গুৱাহাটীত অনুষ্ঠিত হয় প্ৰথমখন যোগ্যতা নিৰ্ণায়ক মেচ। ২০২০ৰ জুন মাহলৈ অনুষ্ঠিত হ’বলগীয়া ফিফা বিশ্বকাপ-২০২২ৰ যোগ্যতা নিৰ্ণয়কাৰী প্ৰথমখন মেচত ভাৰতীয় দলটোৱে প্ৰতিদ্বন্দ্বী ওমানৰ বিৰুদ্ধে আজি প্ৰথমছোৱাত সুন্দৰ প্ৰদৰ্শন দাঙি ধৰে। নিশা ৭.৩০ বজাত অনুষ্ঠিত হোৱা খেলখন উপভোগ কৰিবলৈ বহু ফুটবলপ্ৰেমীয়ে গুৱাহাটীৰ ষ্টেডিয়ামত ভিৰ কৰে। ভাৰত আৰু ওমান দলৰ সমৰ্থকৰ জাউৰি জাউৰি হাতচাপৰি আৰু উল্লাসৰ মাজেৰে দুয়োটা দলে সমুখ সমৰৰ যঁুজ দিয়ে। ভাৰতীয় দলটোৱে প্ৰতিদ্বন্দ্বী ওমানৰ বিৰুদ্ধে আৰম্ভণিৰে পৰাই সুন্দৰ প্ৰদৰ্শন দাঙি ধৰে। ঘৰুৱা খেলপথাৰত ভাৰতীয় দলটোৱে ওমানৰ বিৰুদ্ধে সুন্দৰ প্ৰদৰ্শন দাঙি ধৰি অনুৰাগীসকলৰ মাজত এক আশাৰ ৰেঙনি সজীৱ কৰি তুলিছিল।

গুৱাহাটীৰ ইন্দিৰা গান্ধী এছলেটিক্‌ছ ষ্টেডিয়ামত অনুষ্ঠিত মেচখনত ভাৰতীয় দলটোৰ হৈ ওমানৰ বিৰুদ্ধে প্ৰথমাৰ্ধৰ ২৪ মিনিটত সুনীল চেত্ৰীয়ে গ’ল দি দলটোক জয়ৰ দিশে এখোপ আগুৱাই লৈ যায়। পিছত দুয়োটা দলৰ মাজত তুমুল সংঘৰ্ষ চলে খেলপথাৰত। দৰ্শকৰ মাজত তীব্ৰ উৎকণ্ঠা চলি থাকে। ইয়াৰ মাজতে ওমানেও ভাৰতীয় দলটোৰ বিৰুদ্ধে দ্বিতীয়াৰ্ধৰ ৮২ মিনিটত এটা গ’ল দি সমতা স্থাপন কৰে। ইয়াৰ পিছত ভাৰতীয় দলটোৱে ওমানৰ বিৰুদ্ধে অগ্ৰগতি লাভ কৰাৰ উদ্দেশ্যৰে দ্বিতীয় গ’ল দিয়াৰ আপ্ৰাণ চেষ্টা চলায় যদিও প্ৰতিবাৰে নিৰাশ হ’বলগীয়া হয় আলহী দলটোৰ সন্মুখত ঘৰুৱা দলটো। দ্বিতীয়াৰ্ধৰ পিছৰ পৰাও ওমানৰ দলটোৱে ঘৰুৱা দলটোৰ বিৰুদ্ধে দুৰ্দান্ত প্ৰদৰ্শন দাঙি ধৰে। মেচৰ আৰম্ভণিৰ সময়ছোৱাত দুৰ্দান্ত প্ৰদৰ্শন দাঙি ধৰা আলহী দলটো ব্যৰ্থ হৈছিল।

কিন্তু পৰৱৰ্তী সময়ছোৱাত দুৰ্দন্ত প্ৰদৰ্শন দাঙি ধৰি ৮২ মিনিটত আল মান্ধাৰে ওমানৰ হৈ প্ৰথমটো গ’ল দিয়াৰ লগতে তাৰ কিছু সময়ৰ পিছত, অৰ্থাৎ মেচ সমাপ্তিৰ ৯০ মিনিটত দ্বিতীয়টো গ’ল দিয়ে। আল মান্ধাৰৰ এই দুটা গ’লৰ সহায়ত ভাৰতৰ বিৰুদ্ধে ওমান দলটোৱে ২-১ত জয়লাভ কৰে। উল্লেখযোগ্য যে ভাৰতীয় দলটোৱে অনাগত সময়ছোৱাত বিশ্বকাপৰ যোগ্যতা লাভৰ উদ্দেশ্যৰে যঁুজ দিব লাগিব আফগানিস্তান, বাংলাদেশ আৰু কাটাৰৰ লগত। ভাৰতে ২০২০ৰ জুন মাহলৈ যোগ্যতা নিৰ্ণয় মেচ খেলিব লাগিব। উল্লেখ্য যে আজিৰ উদ্বোধনী মেচখনত অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল, ক্ৰীড়ামন্ত্ৰী নৱ কুমাৰ দলেকে ধৰি বহু শীৰ্ষ বিষয়া উপস্থিত থাকে।

( News Cr : দৈনিক গণ অধিকাৰ | A Dainik Gana Adhikar News Report )