শেহতীয়া খবৰ
Home / আঞ্চলিক / এনআৰচি বিজ্ঞানসন্মত প্ৰক্ৰিয়াৰে লাভ কৰা ঐতিহাসিক দলিল : সাংসদ আব্দুল খালেকৰ বিস্ফোৰক মন্তব্য

এনআৰচি বিজ্ঞানসন্মত প্ৰক্ৰিয়াৰে লাভ কৰা ঐতিহাসিক দলিল : সাংসদ আব্দুল খালেকৰ বিস্ফোৰক মন্তব্য

খিলঞ্জীয়াৰ নাম নথকা মানেই এয়া পেলনীয়া কাগজ নহয়

ষ্টাফ ৰিপ’ৰ্টাৰ, ৬ ছেপ্টেম্বৰ : এন আৰ চি প্ৰকাশৰ পিছতে বিভিন্ন দল-সংগঠনে প্ৰতিক্ৰিয়া প্ৰকাশ কৰাৰ লগতে বজৰং দলে অসম বন্ধ ঘোষণা কৰাৰ সময়তে আজি গুৱাহাটী প্ৰেছ ক্লাবত সাংবাদিকৰে হোৱা এক বাৰ্তালাপত বৰপেটাৰ সাংসদ আব্দুল খালেকে উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশনা আৰু পৰ্যবেক্ষণত প্ৰকাশ কৰা এন আৰ চিক স্বাগতম জনোৱাৰ লগতে যিসকলে নাগৰিকত্বৰ ভিত্তিবৰ্ষ ১৯৫১ চন হ’ব লাগে বুলি দাবী কৰিছে তেওঁ ইয়াৰ বিৰোধিতা কৰে বুলি উল্লেখ কৰে। যিসকলে প্ৰকাশিত এন আৰ চিৰ বিৰোধিতা কৰিছে তেওঁলোকে পৰোক্ষভাৱে সৰ্বোচ্চ ন্যায়ালয় আৰু মুখ্য ন্যায়াধীশৰ ৰায়ক অৱমাননা কৰিছে বুলি বিস্ফোৰক অভিযোগ উত্থাপন কৰাৰ লগতে এন আৰ চিক লৈ আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত চলা নেতিবাচক প্ৰচাৰক তীব্ৰভাৱে সমালোচনা কৰে।

পাকিস্তানৰ প্ৰধানমন্ত্ৰীয়ে এন আৰ চিক লৈ কৰা মন্তব্যৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰি পাকিস্তানক সকীয়নি দি ভাৰতক শত্ৰুৰাষ্ট্ৰখনে এই বিষয়ক লৈ মাত নামাতিবলৈ সকীয়াই দিয়ে। এন আৰ চিৰ বিষয় ভাৰতৰ আভ্যন্তৰীণ বিষয় আৰু সমস্যা। ইয়াক লৈ পাকিস্তানে মন্তব্য কৰা অনুচিত বুলি কোৱাৰ লগতে ভাৰতত পাকিস্তানতকৈ মুছলমানৰ সংখ্যা বেছি আৰু ভাৰতৰ মুছলমান বহুত ভাল বুলি উল্লেখ কৰে। এন আৰ চি এখন ঐতিহাসিক দলিল আৰু বিজ্ঞানসন্মত প্ৰক্ৰিয়াৰে লাভ কৰা তথ্য বুলি উল্লেখ কৰি আছুক নিজৰ স্থিতিত অটল থাকিবলৈ আহবান জনোৱাৰ লগতে পুনৰীক্ষণৰ তীব্ৰ বিৰোধিতা কৰে কংগ্ৰেছৰ সাংসদগৰাকীয়ে। পুনৰীক্ষণৰ কোনো প্ৰশ্নই নুঠে বুলি উল্লেখ কৰি তেওঁ কয় যে যিহেতু এন আৰ চি চৰকাৰী কৰ্মচাৰীয়ে প্ৰস্তুত কৰিছে আৰু ইয়াত কেন্দ্ৰীয় গৃহ মন্ত্ৰালয় জড়িত আছে, তেনে সময়ত কেন্দ্ৰ আৰু ৰাজ্যৰ বিজেপি চৰকাৰে এন আৰ চিৰ পক্ষত থকাৰ বিপৰীতে মাত্ৰ এজন মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এন আৰ চিক লৈ মন্তব্য কৰি থকাক লৈও আশ্চৰ্য ব্যক্ত কৰি এন আৰ চিৰ বন্ধ খাম যদি খুলিব লগা হয়, তেন্তে ৰাফেলৰ বন্ধ খামো খুলিব লাগিব বুলি তেওঁ কয়।

আনহাতে ১৯৫১ চনৰ ভিত্তিবৰ্ষ প্ৰসংগত বিৰোধিতা কৰি, যিসকলে ১৯৫১ক ভিত্তিবৰ্ষ কৰিব লাগে বুলি প্ৰশ্ন উঠি আছে তেওঁলোকে জনা উচিত যে ভাৰত চৰকাৰে সৰ্বোচ্চ ন্যায়ালয়ত শপতনামা দিয়াৰ পিছতহে এন আৰ চি প্ৰক্ৰিয়া আৰম্ভ হৈছিল। এনে কাৰণত ১৯৫১ চনৰ প্ৰসংগৰ কোনো প্ৰশ্নই নুঠে। এন আৰ চিত থকা ভুল-ভ্ৰান্তিসমূহ শুদ্ধ কৰাত আপত্তি নাই যদিও পুনৰীক্ষণৰ নাম লৈ এন আৰ চিত অন্তৰ্ভুক্ত হোৱা একাংশৰ নাম কৰ্তন কৰিবলৈ চলোৱা ষড়যন্ত্ৰ কোনো কাৰণত মানি লোৱা নহ’ব বুলি উল্লেখ কৰি তেওঁ কয় যে ভুল-ভ্ৰান্তি শুধৰণি কৰাত কোনো আপত্তি নাই। কিন্তু সাত-আঠবাৰ ৫০০ কিলোমিটাৰ দূৰলৈ গৈ পুনৰীক্ষণৰ নামত কষ্ট কৰিছে, তেওঁলোকৰ নাম কৰ্তন হ’লে সেই কষ্ট অথলে যাব। খিলঞ্জীয়াৰ নাম কৰ্তন হোৱা মানেই এন আৰ চি পেলনীয়া কাগজ নহয়। ৬ বছৰৰ প্ৰচেষ্টাত এখন নাগৰিকপঞ্জী লাভ কৰা গৈছে। ভুলখিনি শুধৰণি কৰিলেই সমস্যা শেষ। তেওঁ সকলো দল-সংগঠনক দুৰ্ভগীয়া লোক, যিসকল প্ৰকৃত ভাৰতীয় হৈও নাম কৰ্তন হৈছে তেওঁলোকক সহায় কৰিব লাগে বুলিও আহবান জনায়।

( News Cr : দৈনিক গণ অধিকাৰ | A Dainik Gana Adhikar News Report )