শেহতীয়া খবৰ
Home / আঞ্চলিক / অৱশেষত স্বদেশী হিচাপে চিহ্নিত মজিবুৰ ৰহমান : যোৰহাট ন্যায়াধিকৰণৰ ৰায় নাকচ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ

অৱশেষত স্বদেশী হিচাপে চিহ্নিত মজিবুৰ ৰহমান : যোৰহাট ন্যায়াধিকৰণৰ ৰায় নাকচ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ

২৭ ছেপ্টেম্বৰত যোৰহাট ন্যায়াধিকৰণৰনথি-পত্ৰ জমা দিয়য়াৰ নিৰ্দেশ

 

ষ্টাফ ৰিপ’ৰ্টাৰ, গুৱাহাটী, ৭ ছেপ্টেম্বৰ : যোৰহাট বিদেশী ন্যায়াধিকৰণে একপক্ষীয়ভাৱে প্ৰকৃত ভাৰতীয় হোৱাৰ পিছতো বিদেশী বুলি ঘোষণা কৰিছিল সীমান্ত সুৰক্ষা বাহিনীত কৰ্মৰত মজিবুৰ ৰহমানক। বিগত ২৯ বছৰে সীমান্ত সুৰক্ষা বাহিনীত কৰ্মৰত হৈ দেশবাসীক সেৱা আগবঢ়োৱা মজিবুৰ ৰহমানক বিদেশী বুলি ঘোষণা কৰাৰ পিছতে ৰাজ্যজুৰি চাঞ্চল্যৰ সৃষ্টি হৈছিল। সীমান্তত অতন্ত্ৰ প্ৰহৰী হৈ শত্ৰুক দেশত প্ৰৱেশ কৰাত বাধা দিয়া জোৱানজন নিজৰ মাতৃভূমিতে বিদেশীৰ কালিমা সানি জীয়াই থাকিব লগা হোৱা সন্দৰ্ভত সৰ্বত্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল। পঞ্জাবৰ পাকিস্তান সীমান্তত কৰ্মৰত মজিবুৰ ৰহমান আৰু তেওঁৰ পত্নীক বিদেশী বুলি যোৰহাট ন্যায়াধিকৰণে ৰায় দিয়াৰ পিছতে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ হৈছিল ৰহমান দম্পতী।

উল্লেখ্য যে সীমান্ত আৰক্ষীৰ দুজন কাণ্ডজ্ঞানহীন বিষয়াৰ বাবেই ২৯টা বছৰে দেশৰ সেৱা আগবঢ়োৱা মজিবুৰ ৰহমান হৈ পৰিছিল বিদেশী। মেৰাপানীৰ ইছলামপুৰৰ বাসিন্দা মজিবুৰ ৰহমান আৰু তেওঁৰ পত্নীক বিদেশী বুলি ঘোষণা কৰিছিল যোৰহাট ন্যায়াধিকৰণে। কিন্তু মজিবুৰৰ পিতৃ-মাতৃ হৈ পৰিছিল স্বদেশী। আনহাতে, বিদেশী ন্যায়াধিকৰণৰ জাননী মজিবুৰে লাভ কৰা নাছিল। বুলিও পৰৱৰ্তী সময়ত পোহৰলৈ আহিছিল। সীমান্ত আৰক্ষীৰ দুগৰাকী কাণ্ডজ্ঞানহীন বিষয়াই গাঁওবুঢ়াৰ ঘৰতে জাননী দি দায়িত্ব সম্পন্ন কৰি নিজৰ প্ৰতিবেদনত বিদেশী বুলি দাখিল কৰি কৰ্মদক্ষতাৰ নমুনা প্ৰকাশ কৰিছিল। যোৰহাট ন্যায়াধিকৰণৰ এই ৰায়ৰ বিৰুদ্ধে মজিবুৰ ৰহমান আৰু তেওঁৰ পত্নীয়ে গুৱাহাটী আদালতৰ দ্বাৰস্থ হৈ সকলো প্ৰকাৰৰ তথ্যপাতি দাখিল কৰাৰ অন্তত আজি উচ্চ ন্যায়ালয়ৰ দুজনীয়া বিচাৰপীঠে যোৰহাট বিদেশী ন্যায়াধিকৰণৰ ৰায় বাতিল কৰি মজিবুৰ ৰহমানক সকাহ দিয়ে।

এই সন্দৰ্ভত জ্যেষ্ঠ অধিবক্তা নেকিবুৰ জামানে কয় যে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ দুজনীয়া বিচাৰপীঠে মজিবুৰ ৰহমান আৰু তেওঁৰ পত্নীয়ে দাখিল কৰা বৈধ ভাৰতীয় নাগৰিক হোৱাৰ সকলো তথ্যপাতি চালি-জাৰি চাই যোৰহাট ন্যায়াধিকৰণৰ ৰায় বাতিল কৰাৰ লগতে ২৭ ছেপ্টেম্বৰত যোৰহাট ন্যায়াধিকৰণক সকলো তথ্য-পাতি পুনৰ দাখিল কৰিবলৈ নিৰ্দেশ দিয়ে। লক্ষণীয় যে সীমান্ত আৰক্ষীৰ একাংশ কাণ্ডজ্ঞানহীন বিষয়াৰ বাবেই বহুতো ভাষিক আৰু ধৰ্মীয় সংখ্যালঘু প্ৰকৃত ভাৰতীয় হৈয়ো মূৰত বিদেশী হোৱাৰ কালিমা লৈ জীয়াই থাকিব লগাত পৰিছে।

( News Cr : দৈনিক গণ অধিকাৰ | A Dainik Gana Adhikar News Report )