শেহতীয়া খবৰ
Home / আঞ্চলিক / কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে অসমবাসীৰ ওচৰত ক্ষমা খোজকঃ ৰিপুন বৰা : তামুলপুৰত কংগ্ৰেছৰ কৰ্মশালা

কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে অসমবাসীৰ ওচৰত ক্ষমা খোজকঃ ৰিপুন বৰা : তামুলপুৰত কংগ্ৰেছৰ কৰ্মশালা

আৰিফ আহমেদ, তামুলপুৰ, ৮ ছেপ্টেম্বৰ : বাক্সা জিলাৰ তামুলপুৰ মহকুমা সদৰত আজি বাক্সা জিলা কংগ্ৰেছ কমিটীৰ এখন সাংগঠনিক কৰ্মশালা অনুষ্ঠিত হয়। অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সভাপতি ৰিপুন বৰাই এই কৰ্মশালাত অংশগ্ৰহণ কৰে। কৰ্মশালাৰ অন্তত এখন সংবাদমেলৰ আয়োজন কৰি অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সভাপতি ৰিপুন বৰাই কয় যে ভাৰত চৰকাৰৰ গৃহমন্ত্ৰী অমিত শ্বাহে অসমবাসীৰ ওচৰত ক্ষমা খোজক। এন আৰ চিৰ প্ৰথমখন খচৰাত ৪১ লাখ লোকৰ নাম বাদ পৰিছিল। তেতিয়া সংসদত এইগৰাকী অমিত শ্বাহে অসমত ৪১ লাখ বাংলাদেশী থকা বুলি মন্তব্য কৰিছিল। অমিত শ্বাহে অসমবাসীৰ ওচৰত এই কাৰণেই ক্ষমা খুজিব লাগিব যে এই ৪১ লাখ লোকৰ ভিতৰত ইতিমধ্যে ২১—২২ লাখ লোকৰ নাম এন আৰ চিত অন্তৰ্ভুক্ত হৈছে । তেওঁ কয় যে অসমৰ দুজনমান প্ৰভাৱশালী মন্ত্ৰীয়ে এন আৰ চিখন নস্যাৎ কৰাৰ বিপৰীতে কেন্দ্ৰীয় চৰকাৰৰ বৈদেশিক মন্ত্ৰালয়ৰ মুখপাত্ৰগৰাকীয়ে এইখন ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীক সমৰ্থন কৰাৰ লগতে বিজ্ঞানসন্মত হোৱা বুলি মন্তব্য কৰিছে।

কিন্তু এই ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীখন সম্পৰ্কত বিজেপি দলৰ ৰাষ্ট্ৰীয় সভাপতি তথা কেন্দ্ৰীয় চৰকাৰ গৃহমন্ত্ৰী অমিত শ্বাহে একো মন্তব্য নকৰাত কংগ্ৰেছ সভাপতি ৰিপুন বৰাই ইয়াৰ সঠিক উত্তৰ বিচাৰে আজিৰ সংবাদ মেলযোগে। আজিৰ এই সংবাদ মেলতে সদ্য প্ৰকাশিত ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী সম্পৰ্কত দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু অসম চৰকাৰৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালক অতিশীঘ্ৰে স্থিতি স্পষ্ট কৰিবলৈ আহ্বান জনায় প্ৰদেশ কংগ্ৰেছৰ সভাপতিগৰাকীয়ে। সংবাদমেলত বিগত নিৰ্বাচনৰ সময়ত বিজেপি দলে হিন্দু বাংলাদেশীৰ সমস্যাটোক ৰাজনৈতিক ই6ু্য হিচাপে ব্যৱহাৰ কৰি নিৰ্বাচনী বৈতৰণী পাৰ হোৱাৰ পিছত ৰাজ্যখনৰ সত্তৰ শতাংশ হিন্দু বাংলাদেশীৰ নাম ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীত অন্তৰ্ভুক্ত নোহোৱাত প্ৰদেশ কংগ্ৰেছ দলে আজি বিজেপি দলৰ ৰাষ্ট্ৰীয় সভাপতি অমিত শ্বাহৰ পৰা উত্তৰ বিচাৰে। সদ্য প্ৰকাশিত ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীত বাদ পৰা ১৯ লাখ ৬ হেজাৰ লোকৰ কাৰোবাৰ যদি দেউতাকৰ নাম প্ৰকাশ পাইছে, কাৰোবাৰ আকৌ পুত্ৰৰ নাম প্ৰকাশ পাইছে।

কিন্তু পৰিয়ালৰ একাংশ লোকৰ নাম ৰহস্যজনকভাৱে বাদ পৰি গৈছে । এই ক্ষেত্ৰত প্ৰদেশ কংগ্ৰেছৰ সভাপতিগৰাকীয়ে স্বদেশীৰ নাম এনেদৰে কেনেকৈ ৰৈ গ’ল বুলি কোৱাৰ লগতে এন আৰ চিত প্ৰকৃত ভাৰতীয় নাগৰিকৰ নাম বাদ পৰাত ক্ষোভ প্ৰকাশ কৰে। এই বাদ পৰি যোৱা ১৯ লাখ ৬ হাজাৰ স্বদেশী লোকৰ নাম এন আৰ চিত অন্তৰ্ভুক্ত নোহোৱালৈকে কংগ্ৰেছ দলে মাত মাতি যাব বুলি তেওঁ সজোৰে মন্তব্য কৰে। তেওঁ পুনৰ কয় যে বিজেপি দলে ডাংকোপ মাৰি ‘কেব’ আনি হিন্দু নাগৰিকসকলক ভৱিষ্যৎ সুৰক্ষা দিম বুলি যি কথা কৈছিল ই সম্পূৰ্ণ ভুৱা আছিল । হিন্দু বাঙালীসকলক ভোটৰ স্বাৰ্থত ৰাজনৈতিকভাৱে বিশ্বাসঘাতকতা কৰিছে বুলিও মন্তব্য কৰে প্ৰদেশ কংগ্ৰেছ দলৰ সভাপতি ৰিপুন বৰাই। তেওঁ কয়- আমি কংগ্ৰেছ দলে আগতেও হিন্দু বাঙালীসকলৰ লগতে সকলো শ্ৰেণীৰ লোককে সুৰক্ষা দি আছিলো আৰু অনাগত দিনতো সুৰক্ষা দি যাম।

১৯৭১ চনৰ ২৫ মাৰ্চৰ আগতে অহা হিন্দু বাঙালী লোকসকলক সুৰক্ষা দিব নোৱাৰা অমিত শ্বাহে তেনেক্ষেত্ৰত নাগৰিকত্ব বিধেয়ক আনি কেনেদৰে সুৰক্ষা দিব বুলি প্ৰশ্ন কৰে অসম প্ৰদেশ কংগ্ৰেছ দলৰ সভাপতি ৰিপুন বৰাই। অনাগত দিনত প্ৰকৃত ভাৰতীয় লোক, সেয়া হিন্দুৱে হওক বা মুছলমানেই হওক, সকলোকে কংগ্ৰেছ দলে সুৰক্ষা দিব যাব বুলিও সংবাদমেলত সদৰী কৰে । সাংবাদিকৰ এক প্ৰশ্নৰ উত্তৰত আগন্তুক ২০২০ চনত অনুষ্ঠিত হ’ব লগা বিটিচিৰ পৰিষদীয় নিৰ্বাচনত কংগ্ৰেছ দলে বিটিচিৰ ৪০টা সমষ্টিতেই প্ৰাৰ্থিত্ব আগবঢ়াব বুলিও বৰাই মন্তব্য কৰে । ইয়াৰ অংশ হিচাবে আজি তামুলপুৰত বাক্সা জিলাৰ সাতটা ব্লক কমিটীৰ কংগ্ৰেছ কৰ্মীসকলৰ মাজত এখন সাংগঠনিক কৰ্মশালাৰ আয়োজন কৰি কংগ্ৰেছ দলক বিটিচিত শক্তিশালী কৰিবলৈ প্ৰচেষ্টা অব্যাহত ৰাখিছে । সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত বিটিচিৰ ২০২০ চনৰ পৰিষদীয় নিৰ্বাচনৰ বাবে বড়োভূমিৰ ৰাজনৈতিক দল বি পি এফ আৰু ইউ পি পি এলৰ মিত্ৰতা সম্পৰ্কত ৰিপুন বৰাই দল দুটাক সাপ- নেউলৰ সম্পৰ্কৰ স’তে তুলনা কৰে।

সভাপতিগৰাকীয়ে সদ্য প্ৰকাশিত ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী সম্পৰ্কত প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ আৰু আব্দুল খালেকৰ মন্তব্য আঙুলিয়াই দিয়াত সাংবাদিকৰ আগত কয় যে তৰুণ গগৈৰ মন্তব্য সম্পূৰ্ণ ব্যক্তিগত । আজিৰ এই সংবাদমেলত কংগ্ৰেছ নেতা দুৰ্গাদাস বড়ো, কমল মেধিকে ধৰি বাক্সা জিলাৰ সভাপতি গৌৰীশংকৰ ডেকা প্ৰমুখ্যে জিলাখনৰ নেতৃবৃন্দ উপস্থিত আছিল । আজিৰ কৰ্মশালাতে বিটিচিৰ কংগ্ৰেছ দলৰ সাংগঠনিক দিশ চোৱাচিতা কৰাৰ বাবে দুৰ্গাদাস বড়োক আহ্বায়ক হিচাবে লৈ এখন সমিতি গঠন কৰে বুলি ৰাজ্যিক সভাপতিগৰাকীয়ে সংবাদমেলত প্ৰকাশ কৰে।

( News Cr : দৈনিক গণ অধিকাৰ | A Dainik Gana Adhikar News Report )