শেহতীয়া খবৰ
Home / আঞ্চলিক / এজনো বিদেশী থাকিব নোৱাৰিব অসমতঃ উত্তৰ পূব পৰিষদৰ বৈঠকত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ ঘোষণা

এজনো বিদেশী থাকিব নোৱাৰিব অসমতঃ উত্তৰ পূব পৰিষদৰ বৈঠকত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ ঘোষণা

কেন্দ্ৰই স্পৰ্শ নকৰে উত্তৰ-পূৱৰ বিশেষ ক্ষমতা ৩৭১ অনুেচ্ছদ


ষ্টাফ ৰিপ’ৰ্টাৰ, গুৱাহাটী, ৮ ছেপ্টেম্বৰ : এনআৰচিৰ প্ৰসংগক লৈ অসমবাসীয়ে একো চিন্তা কৰিব নালাগে। এনআৰচিক লৈ বহু আপত্তি আহিছে। এজনো বিদেশী থাকিব নোৱাৰিব অসমত। বিদেশী চিনাক্ত কৰি খেদি পঠিওৱা হ’ব। —উত্তৰ-পূব পৰিষদৰ ৬৮তম বৈঠকত অংশগ্ৰহণ কৰি কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে এই হুংকাৰ দিয়ে। অসম পদাধিকাৰী আইন মহাবিদ্যালয়ত অনুষ্ঠিত উত্তৰ-পূব পৰিষদৰ সন্মিলনত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে এই বুলিও উল্লেখ কৰে যে উত্তৰ-পূবক বিশেষ ক্ষমতা দিয়া ৩৭১ অনুেচ্ছদৰ আটাইবোৰ ধাৰা বাহাল থাকিব। কাশ্মীৰৰ ক্ষেত্ৰত প্ৰযোজ্য অনুেচ্ছদ ৩৭০ বাতিল কৰাৰ ফলত উদ্ভৱ হোৱা শংকাৰ প্ৰসংগ উত্থাপন কৰি শ্বাহে আৰু কয় যে ৩৭০ অনুেচ্ছদ এটা অস্থায়ী ব্যৱস্থা আছিল আৰু ই ২৮টা বাধা দি আছিল। উত্তৰ-পূববাসীয়ে কোনো ধৰণৰ শংকিত হোৱাৰ প্ৰয়োজন নাই বুলি উল্লেখ কৰি তেওঁ আৰু কয় যে কেন্দ্ৰই উত্তৰ-পূবৰ বিশেষ ক্ষমতা ৩৭১ কেন্দ্ৰই কেতিয়াও স্পৰ্শ নকৰে।

সন্মিলনত আজি কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে মহান বিশ্ববিশ্ৰুত শিল্পী ড০ ভূপেন হাজৰিকাক প্ৰশংসাৰে নিজৰ ভাষণ আৰম্ভ কৰে। শ্বাহে প্ৰয়াত মহান শিল্পীজনৰ জন্মদিনটোক শুভদিন আখ্যা দি তেওঁক সমগ্ৰ উত্তৰ-পূবৰ সংস্কৃতিৰ এম্বেছাডৰ আখ্যা দিয়ে আৰু কয়— নৰেন্দ্ৰ মোদীয়ে তেওঁক প্ৰকৃত সন্মান দিলে। উত্তৰ-পূবৰ ৮খন ৰাজ্যৰ ৮জন মুখ্যমন্ত্ৰীয়ে ভাগ লোৱা সন্মিলনত কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে আৰু কয় যে উত্তৰ-পূবক বাদ দি ভাৰতৰ বিকাশ অসম্ভৱ। দেশৰ সুৰক্ষাৰ বাবেও অঞ্চলটো গুৰুত্বপূৰ্ণ। এখন সৰু ভাৰতেই উত্তৰ-পূব। সঁচাকৈয়ে দেশৰ ইঞ্জিন উত্তৰ-পূব। ইপিনে আন এক প্ৰসংগ উত্থাপন কৰি কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে কয় যে উত্তৰ-পূবক সন্ত্ৰাসবাদ, সীমা বিবাদৰ বাবেহে জনা গৈছিল। এতিয়া বিকাশৰ বাবে জনা যায়। পূৰ্বৰ ৭০ বছৰতকৈ এই ৫ বছৰত অধিক উন্নয়ন হৈছে বুলি দাবী কৰে কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে।

২০২০ চনৰ ভিতৰত সমগ্ৰ উত্তৰ-পূবৰ আটাইবোৰ ৰাজ্যক ৰে’লেৰে সংযোগ কৰাৰ লক্ষ্য লোৱা বুলি ঘোষণা কৰে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে। সন্মিলনত মুখ্যমন্ত্ৰীসকলৰ উপৰি উত্তৰ-পূবৰ আঠখন ৰাজ্যৰ ৰাজ্যপাল, আৰক্ষী সঞ্চালকপ্ৰধানকে ধৰি অসমৰ সাংসদসকলেও অংশগ্ৰহণ কৰে। উল্লেখ্য যে দুদিনীয়া ভ্ৰমণসূচীৰে আজি কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকী দিনৰ ১১.৪৫ বজাত এক বিশেষ বিমানেৰে বৰঝাৰ বিমানবন্দৰত উপস্থিত হয়। কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকী বিমানবন্দৰত উপস্থিত হোৱাৰ উপৰি মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল, মন্ত্ৰী হিমন্ত শৰ্মাই উষ্ম আদৰণি জনায়। ইয়াৰ পিছতেই কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে ৬৮তম উত্তৰ-পূব পৰিষদৰ সন্মিলনত অংশগ্ৰহণ কৰি সীমা সমস্যাক লৈও কেতবোৰ মন্তব্য কৰে।

ভাৰত-বাংলা সীমা সমস্যা যদি সমাধান হ’ব পাৰে, তেন্তে উত্তৰ-পূবৰ সীমা সমস্যা কিয় সমাধান হ’ব নোৱাৰিব বুলি উল্লেখ কৰে।শীঘ্ৰেই উত্তৰ-পূবৰ সকলো সীমা সমস্যা সমাধান কৰাৰ কথা ঘোষণা কৰে মন্ত্ৰীগৰাকীয়ে। মন কৰিবলগীয়া যে কাইলৈ কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে নেডাৰ সৈতে এক গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হ’ব। কলাক্ষেত্ৰত অনুষ্ঠিত হ’বলগীয়া বৈঠকত উত্তৰ-পূবৰ ৰাজনীতি সন্দৰ্ভত কেতবোৰ সিদ্ধান্ত গ্ৰহণ কৰিব কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে। ইপিনে এনআৰচিত সৃষ্টি হোৱা বিসংগতি সন্দৰ্ভত আজি বিজেপিৰ ৰাজ্যিক নেতৃত্বই কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীক এখন স্মাৰক-পত্ৰ প্ৰদান কৰে।

৩১ আগষ্টত প্ৰকাশ হোৱা চূড়ান্ত এনআৰচিত লাখ লাখ বিদেশীৰ নাম অন্তৰ্ভুক্ত হৈছে আৰু লাখ লাখ স্বদেশীৰ নাম বাদ পৰিছে বুলি অভিযোগ কৰে বিজেপিৰ ৰাজ্যিক সভাপতি অমিত শ্বাহৰ ওচৰত। এনআৰচিৰ বিসংগতি সন্দৰ্ভত কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীৰ সৈতে বিজেপিৰ ৰাজ্যিক প্ৰতিনিধি দলটোৱে কিছু সময় আলোচনাত মিলিত হয়। আলোচনাৰ অন্তত অমিত শ্বাহে এনআৰচিক লৈ চিন্তা কৰাৰ প্ৰয়োজন নাই বুলি আশ্বাস প্ৰদান কৰাৰ লগতে এজনো বিদেশী থাকিব নোৱাৰিব আৰু ১৯৭১ৰ আগৰ ভাৰতীয়ক সুৰক্ষা দিবলৈ সকলো ব্যৱস্থা কৰিব বুলি উল্লেখ কৰে।

( News Cr : দৈনিক গণ অধিকাৰ | A Dainik Gana Adhikar News Report )