শেহতীয়া খবৰ
Home / ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয় / চন্দ্ৰপৃষ্ঠত লেণ্ডাৰ বিক্ৰমৰ সন্ধান লাভ কৰিছে ইছৰ’ৱে ঃ সংযোগ স্থাপন কৰাৰ প্ৰয়াস অব্যাহতঃ ইছৰ’ৰ অধ্যক্ষ শিৱন

চন্দ্ৰপৃষ্ঠত লেণ্ডাৰ বিক্ৰমৰ সন্ধান লাভ কৰিছে ইছৰ’ৱে ঃ সংযোগ স্থাপন কৰাৰ প্ৰয়াস অব্যাহতঃ ইছৰ’ৰ অধ্যক্ষ শিৱন

বেংগলুৰু, ৮ ছেপ্টেম্বৰ : চন্দ্ৰপৃষ্ঠত অৱতৰণ কৰিবলৈ মাথোঁ ২.১ কিলোমিটাৰ দূৰত বাকী থকাৰ সময়ছোৱাতে চন্দ্ৰযান-২ লেণ্ডাৰ বিক্ৰমেৰে সংযোগ বিচ্ছিন্ন হৈ পৰিছিল ভাৰতীয় মহাকাশ গৱেষণা সংস্থা, চমুকৈ ইছৰ’ৰ। কালি পুৱতি নিশা চন্দ্ৰপৃষ্ঠত লেণ্ডাৰ বিক্ৰম অৱতৰণ কৰা সময় আছিল যদিও অৱতৰণ কৰাৰ প্ৰাক্‌ক্ষণতে ইছৰ’ৰ সৈতে সংযোগ বিচ্ছিন্ন হৈ পৰিছিল। ফলত ভাৰতে মহাকাশত এক ইতিহাস সৃষ্টি কৰাৰ পৰা থমকি ৰ’বলগীয়া হৈছিল। কিন্তু আজি দেশবাসীক পুনৰ এক আশাৰ বতৰা প্ৰদান কৰিছে ইছৰ’ৱে। আজি ইছৰ’ৱে প্ৰকাশ কৰা অনুসৰি তেওঁলোকে সন্ধান লাভ কৰিছে লেণ্ডাৰ বিক্ৰমৰ। বিক্ৰমেৰে সংযোগ স্থাপন কৰাৰ প্ৰয়াস চলাই থকা হৈছে বুলি উল্লেখ কৰিছে ইছৰ’ৱে।

ইছৰ’ৰ এই বাৰ্তাই দেশবাসীৰ মনলৈ পুনৰ এক আশাৰ বতৰা কঢ়িয়াইছে। যিহেতু শনিবাৰৰ পুৱতি নিশা প্ৰায় ১.৩৮ মিনিটত লেণ্ডাৰ বিক্ৰম চন্দ্ৰপৃষ্ঠত অৱতৰণ কৰাৰ সময় আছিল। চন্দ্ৰপৃষ্ঠত লেণ্ডাৰ বিক্ৰম অৱতৰণ কৰাৰ দৃশ্য চোৱাৰ বাবে উজাগৰী নিশা কটাইছিল দেশবাসীয়ে। কিন্তু বিক্ৰমে চন্দ্ৰপৃষ্ঠত অৱতৰণ কৰাৰ বাবে ২.১ দূৰত্ব থকাৰ সময়ছোৱাতে ইছৰ’ৰ সৈতে সংযোগ বিচ্ছিন্ন হৈ পৰা বাৰ্তাই দেশবাসীৰ মনত নিৰাশাৰ সৃষ্টি কৰিছিল। কিন্তু আজি ইছৰ’ৰ এই বাৰ্তাই পুনৰ দেশবাসীৰ মনলৈ আশাৰ বতৰা কঢ়িয়াই অনাই নহয়, মহাকাশত ভাৰতে ইতিহাস সৃষ্টি কৰাৰ বাবে এখোপ আগবাঢ়িছে।

আজি ইছৰ’ৰ অধ্যক্ষ কে শিৱনে প্ৰকাশ কৰা অনুসৰি চন্দ্ৰপৃষ্ঠত বিক্ৰমৰ উপস্থিতিৰ সন্ধান পোৱা গৈছে। ইছৰ’ৰ অধ্যক্ষগৰাকীক যেতিয়া সাংবাদিকে প্ৰশ্ন কৰিছিল যে চন্দ্ৰপৃষ্ঠত কঠিন অৱতৰণৰ বাবে বিক্ৰমৰ ক্ষতি সাধন হৈছে নেকি। সেই প্ৰশ্নৰ উত্তৰ দিবলৈ গৈ অধ্যক্ষগৰাকীয়ে কয় যে বিক্ৰমৰ ক্ষতিসাধন হৈছে নে নাই সেইটো এতিয়াই ক’ব পৰা নাযায়। কিন্তু চন্দ্ৰপৃষ্ঠত বিক্ৰমৰ উপস্থিতিৰ সন্ধান পোৱা গৈছে। বিক্ৰমৰ সৈতে সংযোগ স্থাপন কৰাৰ প্ৰচেষ্টা চলাই থকা হৈছে।

( News Cr : দৈনিক গণ অধিকাৰ | A Dainik Gana Adhikar News Report )