শেহতীয়া খবৰ
Home / ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয় / প্ৰখ্যাত অধিবক্তা, প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী ৰাম জেঠমালানীৰ মৃত্যু

প্ৰখ্যাত অধিবক্তা, প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী ৰাম জেঠমালানীৰ মৃত্যু

নতুন দিল্লী, ৮ ছেপ্টেম্বৰ : উচ্চতম ন্যায়ালয়ৰ জ্যেষ্ঠ তথা প্ৰখ্যাত অধিবক্তা আৰু প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী ৰাম জেঠমালানীয়ে আজি ৰাজধানী দিল্লীত শেষ নিশ্বাস ত্যাগ কৰে। দীৰ্ঘদিনৰ পৰা অসুস্থ হৈ থকা জেঠমালিনীয়ে ৯৫ বছৰ বয়সত শেষ নিশ্বাস ত্যাগ কৰে। জেঠমালিনীৰ পুত্ৰ মহেশ জেঠমালানীয়ে প্ৰকাশ কৰা অনুসৰি পুৱা ৮ বজাত দিল্লীস্থিত নিজা বাসগৃহত শেষ নিশ্বাস ত্যাগ কৰে। তেওঁ কয় যে পিতৃ জেঠমালানীয়ে ১৪ ছেপ্টেম্বৰত ৯৬ বছৰত ভৰি দিলেহেঁতেন। আজি সন্ধিয়া জেঠমালানীৰ শেষকৃত্য সম্পন্ন কৰা হয় দিল্লীৰ লোধী ৰোডৰ শ্মশানত। উল্লেখযোগ্য যে ২০১০ত উচ্চতম ন্যায়ালয়ৰ বাৰ এছ’চিয়েচনৰ অধ্যক্ষ ৰূপে নিৰ্বাচিত হোৱা জেঠমালানীয়ে ষষ্ঠ আৰু সপ্তম লোকসভা নিৰ্বাচনত বিজেপিৰ পৰা টিকট লাভ কৰি সাংসদ ৰূপে দুবাৰকৈ নিৰ্বাচিত হৈছিল। আনহাতে অটল বিহাৰী বাজপেয়ী চৰকাৰত তেওঁ আইনমন্ত্ৰী আৰু চহৰ বিকাশ মন্ত্ৰীৰ দায়িত্ব গ্ৰহণ কৰিছিল। কিন্তু ২০০৪ চনত অটল বিহাৰী বাজপেয়ীৰ বিৰুদ্ধে লক্ষে®ৗৰ পৰা প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছিল এইগৰাকী জ্যেষ্ঠ অধিবক্তাই।

মৃত্যুৰ পূৰ্বে জেঠমালানীয়ে লালুপ্ৰসাদ যাদৱৰ দল আৰ জে ডিৰ পৰা ৰাজ্যসভাৰ সাংসদ ৰূপে নিৰ্বাচিত হৈছিল। উল্লেখ্য যে ৰাম জেঠমালানীয়ে ১৭ বছৰ বয়সতে বোম্বে বিশ্ববিদ্যালয়ৰ পৰা এল এল বি ডিগ্ৰী লাভ কৰিছিল। ভাৰত বিভাজনৰ সময়ছোৱালৈ জেঠমালানীয়ে তেওঁৰ গৃহনগৰ পাকিস্তানৰ সিন্ধ প্ৰান্তত ওকালতি কৰিছিল। ১৭ বছৰ বয়সৰ পৰাই জেঠমালানীয়ে ওকালতিৰ অভ্যাস কৰিছিল। জেঠমালানীয়ে দেশৰ বহুকেইটা চৰ্চিত গোচৰত ওকালতি কৰিছিল। তাৰ ভিতৰত শ্বেয়াৰ বজাৰৰ সৈতে জড়িত হৰ্ষদ মেহতা কেলেংকাৰী আৰু কেতন পাৰিখ গোচৰৰ লগতে নৰসিংহ ৰাৱে লোৱা উৎকোচৰ ধনৰ সৈতে জড়িত গোচৰৰো তেওঁ ওকালতি কৰিছিল। ২০১১ত মাদ্ৰাজ উচ্চ ন্যায়ালয়ত ৰাজীৱ গান্ধীৰ হত্যাকাৰীৰ পক্ষ হৈ ওকালতি কৰিছিল ৰাম জেঠমালানীয়ে। ইয়াৰ উপৰি ইন্দিৰা গান্ধীৰ হত্যাকাৰীক বচোৱাৰ বাবেও তেওঁ ওকালতি কৰিছিল।

মাফিয়া সৰ্গনা হাজী মোস্তানৰ গোচৰৰ ওকালতি কৰাৰ উপৰি জেঠমালানীয়ে জেছিকা লাল হত্যাৰ দোষীক বচোৱাৰ বাবেও তেওঁ ওকালতি কৰিছিল। ইয়াৰ উপৰি বহুবিতৰ্কিত গোচৰ আফজল গুৰুক ফাঁচিৰ পৰা ৰেহাই দিয়াৰ বাবেও তেওঁ ওকালতি কৰিছিল। হাৱালা কাণ্ডত লালকৃষ্ণ আদৱানী আৰু ছোহৰাবুদ্দিন শ্বেখ এণ্ড কাউণ্টাৰ গোচৰত গুজৰাটৰ প্ৰাক্তন গৃহমন্ত্ৰী অমিত শ্বাহৰ হৈ ওকালতি কৰিছিল। ইমানেই নহয়, যোধপুৰ বলাৎকাৰী গোচৰত দোষী আসাৰাম বাপুৰ পক্ষৰ হৈ ওকালতি কৰিছিল জেঠমালানীয়ে। লগতে বিজেপিৰ জ্যেষ্ঠ নেতা অৰুণ জেটলীৰ সৈতে জড়িত মানহানি গোচৰত তেওঁ দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালৰ হৈ ওকালতি কৰিছিল। আজি জেঠমালানীৰ মৃত্যুৰ খবৰ বিয়পি পৰা পিছতে ৰাজনীতি, ওকালতি আৰু ন্যায়পালিকাৰ সৈতে জড়িত ব্যক্তিসকলে গভীৰ শোক প্ৰকাশ কৰে। প্ৰধানমন্ত্ৰী মোদীয়েও টুইটাৰৰ জৰিয়তে দুখ প্ৰকাশ কৰি কয় যে জেঠমালানীয়ে ন্যায়ালয় আৰু সংসদত অৰিহণা যোগোৱা অৱদান মহত্ত্বপূৰ্ণ বুলি উল্লেখ কৰিছে প্ৰধানমন্ত্ৰী মোদীয়ে।

 

( News Cr : দৈনিক গণ অধিকাৰ | A Dainik Gana Adhikar News Report )