শেহতীয়া খবৰ
Home / আঞ্চলিক / বিশেষ নিউজ ৰিপ’ৰ্ট | এছিয়াৰ ন’বেল খ্যাত ৰমন মেগ্ছেছে বঁটা গ্ৰহণ সাংবাদিক ৰবীশ কুমাৰৰ

বিশেষ নিউজ ৰিপ’ৰ্ট | এছিয়াৰ ন’বেল খ্যাত ৰমন মেগ্ছেছে বঁটা গ্ৰহণ সাংবাদিক ৰবীশ কুমাৰৰ

গুণসম্পন্ন শিক্ষা ব্যৱস্থা সীমাবদ্ধ হৈ ৰৈছে চহৰ অঞ্চলতে

মেনিলা, ৯ ছেপ্টেম্বৰ : দেশৰ প্ৰখ্যাত সাংবাদিক ৰবীশ কুমাৰে আজি ফিলিপাইন্ছৰ ৰাজধানী মেনিলাত আনুষ্ঠানিকভাৱে গ্ৰহণ কৰে এছিয়াৰ ন’বেল বঁটা খ্যাত ৰমন মেগ্ছেছে বঁটা। সংবাদ জগতত অভাৱনীয় অৱদান আগবঢ়াই অহাৰ স্বীকৃতি স্বৰূপে এনডি টিভিৰ সম্পাদক ৰবীশ কুমাৰলৈ শেহতীয়াকৈ ফিলিপাইন্ছে তেওঁলৈ এই বঁটা আগবঢ়োৱাৰ কথা ঘোষণা কৰিছিল। আজি এইগৰাকী ভাৰতীয় সাংবাদিকে দেশৰ সংবাদ জগতক গৌৰৱান্বিত কৰি আনুষ্ঠানিকভাৱে এই বঁটা গ্ৰহণ কৰে। তেওঁ এই বঁটা গ্ৰহণ কৰি কয় যে দেশৰ সংবাদ জগত সংকটত। যেতিয়া দেশৰ সংবাদ মাধ্যমে হোৱাট্ছএপ ইউনিভাৰছিটীত কাম কৰিবলৈ আৰম্ভ কৰে, তেন্তে ইয়াৰ বেয়া প্ৰভাৱ সমাজত পৰে। তেওঁ কয়- দেশত গুণসম্পন্ন শিক্ষা ব্যৱস্থা চহৰৰ মাজতেই সীমাবদ্ধ হৈ ৰৈছে। দেশৰ যুৱ প্ৰজন্মক গুণসম্পন্ন শিক্ষা প্ৰদান কৰাহোৱা নাই। যাৰ ফলত গ্ৰামাঞ্চলত ইয়াৰ প্ৰভাৱ ভয়াৱহ হৈ পৰিছে বুলি উল্লেখ কৰিছে জ্যেষ্ঠ সাংবাদিকগৰাকীয়ে।

তেওঁ লগতে এই কথাও কয় যে হোৱাট্ছএপ ইউনিভাৰছিটীৰ জৰিয়তে যুৱ প্ৰজন্মক ভুল বাৰ্তা প্ৰদান কৰিথকা হৈছে ভাৰতত। তেওঁ এই বঁটা গ্ৰহণ কৰি কয় যে বিশ্বত অসমানতা স্বাস্থ্য আৰু অৰ্থনীতিৰ ওপৰত নিৰূপণ কৰে। কিন্তু বৰ্তমানৰ সময়ছোৱাত এই ধাৰা সলনি কৰাৰ সময় সমাগত। স্বাস্থ্য আৰু অৰ্থনীতিৰ উপৰি জ্ঞানকো নিৰূপণ কৰিব লাগে বিশ্বৰ অসমানতাৰ ক্ষেত্ৰত। যিহেতু গুণসম্পন্ন শিক্ষা ব্যৱস্থা চহৰতে সীমাবদ্ধ হৈ ৰৈছে, গ্ৰামাঞ্চলতো শিক্ষাৰ প্ৰসাৰ চহৰৰ দৰে বিয়পাব লাগে। শেহতীয়াকৈ সংবাদ মাধ্যমৰ ওপৰত ৰাজনৈতিক দলৰ হস্তক্ষেপৰ প্ৰসংগ উত্থাপন কৰি জ্যেষ্ঠ সাংবাদিকগৰাকীয়ে কয় যে দেশৰ সংবাদ মাধ্যম সংকটত। এই সংকট হঠাতে সংবাদ জগতলৈ আহি পৰা নাই। ক্ৰমান্বয়ে এই সংকট সংবাদ জগতলৈ অহাৰ কথা উল্লেখ কৰিছে জ্যেষ্ঠ সাংবাদিক ৰবীশ কুমাৰে। তেওঁ কয়- বৰ্তমানৰ সময়ছোৱাত ভাৰতত সাংবাদিক হোৱাটো ব্যক্তিগত প্ৰয়াস হৈ পৰিছে। কিয়নো সংবাদ প্ৰতিষ্ঠান আৰু তেওঁলোকৰ কৰ্পোৰেট এক্সিকিউটিভে সাংবাদিকসকলক চাকৰি এৰাৰ বাবে হেঁচা প্ৰদান কৰি অহা হৈছে। যিসকল সাংবাদিক বুজাবুজিত মিলিত নহয় সেইসকল সাংবাদিকক সংবাদ প্ৰতিষ্ঠান আৰু তেওঁলোকৰ কৰ্পোৰেট এক্সিকিউটিভে চাকৰি এৰাৰ হেঁচাপ্ৰদান কৰে।

কিন্তু ইমানৰ পিছতো এনে কিছু সাংবাদিক আছে, যিয়ে প্ৰাণ আৰু চাকৰিৰ প্ৰতি ভয় নকৰি বিনাদ্বিধাই সাংবাদিকতা কৰি আহিছে। মুক্ত সাংবাদিক ৰূপে জীৱন যাপন কৰি অহা মহিলা সাংবাদিকসকলে কাশ্মীৰত ইণ্টাৰনেট সেৱা ব্যাহত কৰি ৰখা বিষয়টোক লৈ মাত মাতি আহিছে। যি সময়ছোৱাত সমগ্ৰ সংবাদ মাধ্যমে কাশ্মীৰৰ বিষয়টোক লৈ চৰকাৰপক্ষৰ হৈ মাত মাতি আহিছে তেনে সময়ছোৱাত এনে কিছু মুক্ত সাংবাদিক ৰূপে জীৱন যাপন কৰা মহিলা সাংবাদিকে সাহসিকতাৰে সমালোচনাৰ প্ৰতি কোনো গুৰুত্ব প্ৰদান নকৰিমূল বিষয়টোৰ ওপৰত মাত মাতি আহিছে। তেওঁ কয়-যেতিয়ালৈকে সংবাদ মাধ্যমে সত্য বাতৰি পৰিৱেশন কৰিব তেতিয়ালৈকে গণতন্ত্ৰ জীয়াই থাকিব। আজি এই বঁটা গ্ৰহণ কৰি তেওঁ আৰু কয় যে এই বঁটা কেৱল মোৰ নহয়, দেশৰ সকলো দৰ্শক আৰু পাঠকৰ।

( News Cr : দৈনিক গণ অধিকাৰ | A Dainik Gana Adhikar News Report )