শেহতীয়া খবৰ
Home / আঞ্চলিক / পুনৰ কেন্দ্ৰই আনিব নাগৰিকত্ব বিধেয়ক : উত্তৰ পূবৰ নেতৃত্বৰ সন্মুখত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ ঘোষণা

পুনৰ কেন্দ্ৰই আনিব নাগৰিকত্ব বিধেয়ক : উত্তৰ পূবৰ নেতৃত্বৰ সন্মুখত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ ঘোষণা

অনুপ্ৰৱেশকাৰীক লৈ নেডাৰ বৈঠকত সৰব কনৰাড চাংমা, কেবক লৈ মৌন অতুল বৰা

ষ্টাফ ৰিপ’ৰ্টাৰ, গুৱাহাটী, ৯ ছেপ্টেম্বৰ : নাগৰিকত্ব সংশোধনী বিধেয়কবিৰোধী আন্দোলনক ধূলিসাৎ কৰি কেন্দ্ৰই পুনৰ বিতৰ্কিত বিধেয়ক ‘কেব’ক আইনত পৰিণত কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰিছে। আজি ‘নেডা’ৰ বৈঠকত উত্তৰ-পূবৰ নেতৃত্বৰ সন্মুখত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে ড×দাত্ত কণ্ঠেৰে ঘোষণা কৰে যে পুনৰ কেন্দ্ৰই আনিব ‘কেব’। কেবৰ কাট অৱ ডেট হ’ব ২০১৪ চনৰ ৩১ ডিচেম্বৰ। কেব আনিলে জনজাতীয় ৰাজ্যৰ কোনো অসুবিধা নহয় বুলি আজি অমিত শ্বাহে ঘোষণা কৰে। মহানগৰীৰ পাঞ্জাবাৰীস্থিত শংকৰদেৱ কলাক্ষেত্ৰত নেডাৰ বৈঠকত অংশ গ্ৰহণ কৰি কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে কেব পুনৰ আনিবই বুলি ঘোষণা কৰাৰ পিছতো আঞ্চলিক অগপৰ সভাপতি অতুল বৰা মৌন হৈ বহি থাকে। কেবক লৈ এটা শব্দও উচ্চাৰণ নকৰিলে আঞ্চলিতাবাদৰ পোছাক পৰিধান কৰা অতুল বৰাই।

বিদেশী সমস্যা আৰু বিতৰ্কিত বিধেয়কক লৈ একপ্ৰকাৰ আজিৰ বৈঠকত মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড চাংমাই সৰৱ ভূমিকা পালন কৰা দেখিবলৈ পোৱা যায়। নেডাৰ বৈঠকত কেন্দ্ৰীয় মন্ত্ৰী অমিত শ্বাহে কেবৰ লগতে আন কেতবোৰ প্ৰসংগ উত্থাপন কৰি কয় যে নেডা নিজৰ লক্ষ্যত উপনীত হৈছে। সমগ্ৰ উত্তৰ-পূব কংগ্ৰেছমুক্ত হৈছে। পূৰ্বে উত্তৰ-পূবত অশান্তিৰ সৃষ্টি হৈছিল। জাতি আৰু জাতিৰ মাজত সংঘাত লগোৱা হৈছিল। বিকাশৰ ঠাইত ভ্ৰষ্টাচাৰক উৎসাহিত কৰা হৈছিল। কংগ্ৰেছে ক্ষমতাত থকাৰ সময়ত উত্তৰ-পূবৰ সমস্যা সমাধানৰ চেষ্টা কৰা নাছিল বুলি উল্লেখ কৰি অমিত শ্বাহে আৰু কয় যে পূৰ্বতে উগ্ৰপন্থীৰ বাবে বিখ্যাত আছিল উত্তৰ-পূব। বিজেপি অহাৰ পিছত উত্তৰ-পূবৰ পৰিচয় হ’ল বিকাশ। বিদেশীৰ প্ৰসংগ উত্থাপন কৰি অমিত শ্বাহে কয় যে অসমত এজনো বিদেশী থাকিবলৈ দিয়া নহ’ব। উত্তৰ-পূবৰ অন্য ৰাজ্যতো অনুপ্ৰৱেশকাৰী সহ্য কৰা নহ’ব।

সমগ্ৰ দেশকে বিদেশীমুক্ত কৰা হ’ব বুলি উল্লেখ কৰে। একেদৰে ৩৭১ (ক) অনুেচ্ছদ কেতিয়াও প্ৰত্যাহাৰ কৰা নহয় বুলি অমিত শ্বাহে ঘোষণা কৰি কয় যে ৩৭১(ক) অনুেচ্ছদ উত্তৰ-পূবৰ অবিেচ্ছদ্য অংগ। নেডাৰ বৈঠকত অংশ গ্ৰহণ কৰি অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে অমিত শ্বাহক প্ৰকৃত দেশভক্ত হিচাপে আখ্যা দি কয় যে অমিত শ্বাহ প্ৰকৃত দেশভক্ত। যিয়েই জম্মু-কাশ্মীৰৰ পৰা ৩৭০ ধাৰা প্ৰত্যাহাৰ কৰিলে। মোদীৰ নেতৃত্বত উত্তৰ-পূবৰ চকুত লগাকৈ বিকাশ হৈছে। উত্তৰ-পূবক স্বাধীনতাৰ ৭০ বছৰৰ পিছতো পিছুৱাই ৰাখিছিল কংগ্ৰেছে। নেডাৰ জৰিয়তে হিমন্ত বিশ্ব শৰ্মাই কৰা কামৰো শলাগ লয় মুখ্যমন্ত্ৰীয়ে। মুখ্যমন্ত্ৰীগৰাকীয়ে লগতে কয় যে অসমৰ খেতিয়কে আন্তৰ্জাতিক বজাৰ লাভ কৰিছে। বিদেশৰ বহু স্থানলৈ ৰপ্তানি হৈছে ফল, শাক-পাচলি। নেডাৰ নেতৃত্বত আগুৱাই যাব সমগ্ৰ উত্তৰ-পূব। শক্তি আৰু সম্ভাৱনাৰে উত্তৰ-পূব দক্ষিণ-পূব এছিয়াৰ শীৰ্ষত থাকিব লাগিব বুলি উল্লেখ কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে। নেডাৰ বৈঠকত আদৰণী ভাষণ প্ৰদান কৰি মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয় যে এয়া ইতিহাসৰ প্ৰথম। আঠোখন ৰাজ্যৰ মুখ্যমন্ত্ৰীয়েই অকংগ্ৰেছী। আজিৰ দিনটো এক ঐতিহাসিক দিন। মোৰ ৰাজনৈতিক জীৱনৰ এয়া সোণালী সময়।আহি থকা সময়তো সকলো একত্ৰিত হৈ থকাৰ পণ লৈছো।

উত্তৰ-পূবৰ আঠোখন ৰাজ্যৰ মাজত সম্ভাৱনাৰ বাবে প্লেটফৰ্ম বুলি উল্লেখ কৰে মন্ত্ৰী হিমন্তই। তেওঁ লগতে কয়— উত্তৰ-পূবৰ ২৫ গৰাকী সাংসদৰ ১৯গৰাকীয়েই নেডাৰ। উত্তৰ-পূব দেশৰ সম্পদ হোৱাটো বিচাৰিছে প্ৰধানমন্ত্ৰী মোদী আৰু অমিত শ্বাহে। আলোচনাৰ মাজেৰে উত্তৰ-পূবৰ সীমা সমস্যা সমাধান কৰিব লাগিব বুলিও মন্তব্য কৰে মন্ত্ৰীগৰাকীয়ে। উক্ত বৈঠকত অংশ গ্ৰহণ কৰি মেঘালয়ৰ মুখ্যমন্ত্ৰীজনে বিদেশী সমস্যা সন্দৰ্ভত সৰৱ হৈ কয় যে কেবৰ বাবে সমগ্ৰ উত্তৰ-পূবত প্ৰভাৱ পৰিছে। ইয়াৰ বাবে আমি ভয় খাইছো। এন আৰ চিৰ পৰা বাদ পৰা লোক আমাৰ ৰাজ্যলৈ যাব নেকিহ্ল ভীতিগ্ৰস্ত হৈ পৰিছো ১৯ লাখ লোকক লৈ। কেবৰ জৰিয়তে বাংলাদেশৰ পৰা নাগৰিক আহি থাকিব নেকি বুলিও আক্ষেপ প্ৰকাশ কৰে মেঘালয়ৰ মুখ্যমন্ত্ৰীগৰাকীয়ে।

আজিৰ বৈঠকত অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল, কেন্দ্ৰীয় মন্ত্ৰী কিৰেন ৰিজিজু, মিজোৰামৰ মুখ্যমন্ত্ৰী জোৰাম থাংগা, ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী বিপ্লব দেব, নাগালেণ্ডৰ মুখ্যমন্ত্ৰী নেইফিউ ৰিঅ’, ছিকিমৰ মুখ্যমন্ত্ৰী প্ৰেম কুমাৰ তামাং, মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড চাংমা, অৰুণাচলৰ মুখ্যমন্ত্ৰী পেমা খাণ্ডু, মণিপুৰৰ মুখ্যমন্ত্ৰী এন বীৰেন সিং, কেন্দ্ৰীয় মন্ত্ৰী ৰামেশৰ তেলী, জিতেন্দ্ৰ সিং, অসমৰ মন্ত্ৰী অতুল বৰা, বিটিচিপ্ৰধান হাগ্ৰামা মহিলাৰীৰ লগতে বিজেপিৰ জ্যেষ্ঠ নেতাসকল উপস্থিত থাকে। মন কৰিবলগীয়া যে বৈঠকৰ পূৰ্বে আজি পুৱাৰ ভাগত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে কামাখ্যা ধামত উপস্থিত হৈ আশিস গ্ৰহণ কৰে। অমিত শ্বাহক সংগ দিয়ে মুখ্যমন্ত্ৰী আৰু বিত্তমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।

( News Cr : দৈনিক গণ অধিকাৰ | A Dainik Gana Adhikar News Report )