শেহতীয়া খবৰ
Home / আঞ্চলিক / বিশেষ নিউজ ৰিপ’ৰ্ট | অনুেচ্ছদ ৩৭১ কি? যাক অসমৰ পৰা আঁতৰোৱা নহয় বুলি অমিত শ্বাহে আশ্বাস দিছে

বিশেষ নিউজ ৰিপ’ৰ্ট | অনুেচ্ছদ ৩৭১ কি? যাক অসমৰ পৰা আঁতৰোৱা নহয় বুলি অমিত শ্বাহে আশ্বাস দিছে

✍️ গিৰীন্দ্ৰ শইকীয়াঃ

যিধৰণে অনুেচ্ছদ ৩৭০ৰ জৰিয়তে জম্মু আৰু কাশ্মীৰক বিশেষ অধিকাৰ প্ৰদান কৰা হৈছিল, যাক ইতিমধ্যে বাতিল কৰা হৈছে, ঠিক একেদৰে অনুেচ্ছদ ৩৭১ৰ জৰিয়তেও অন্য কেইখনমান ৰাজ্যক কিছুমান বিশেষ অধিকাৰ প্ৰদান কৰা হৈছে। সেই বিশেষ অধিকাৰৰ বিষয়ে উল্লেখ কৰি ভাৰতীয় জনতা পাৰ্টীৰ অধ্যক্ষ তথা গৃহমন্ত্ৰী অমিত শ্বাহে অনুেচ্ছদ ৩৭১ৰ ক্ষেত্ৰত কৈছে যে ভৱিষ্যতে এই অনুেচ্ছদ বাতিল কৰাৰ ব্যৱস্থা গ্ৰহণ কৰা নহয়। অনুেচ্ছদ ৩৭১ত কি আছে, ইয়াৰ জৰিয়তে অসমকে ধৰি বিভিন্ন ৰাজ্যক কি সুবিধা প্ৰদান কৰা হৈছে— এই প্ৰসংগত উল্লেখ কৰা দৰকাৰ যে জম্মু আৰু কাশ্মীৰত ৩৭০ বাতিল হোৱাৰ পিছত স্থানীয় ৰাইজ আৰু ৰাজনৈতিক দলসমূহৰ মনত এই আশংকাৰ জন্ম হৈছিল যে চৰকাৰে অদূৰ ভৱিষ্যতে পূৰ্বাঞ্চলৰ ৰাজ্যসমূহক বিশেষ অধিকাৰ প্ৰদান কৰা অনুেচ্ছদ ৩৭১ও বাতিল কৰিব পাৰে। ইয়াৰ পিছতে গৃহমন্ত্ৰী অমিত শ্বাহে পূৰ্বাঞ্চলৰ ৰাজ্যসমূহক আশ্বস্ত কৰি কৈছে যে ৩৭০ আৰু ৩৭১ৰ মাজত যথেষ্ট পাৰ্থক্য আছে।

গৃহমন্ত্ৰীয়ে কৈছে যে কেন্দ্ৰীয় চৰকাৰে অনুেচ্ছদ ৩৭১ক কেতিয়াও স্পৰ্শ নকৰে। অনুেচ্ছদ ৩৭১ মহাৰাষ্ট্ৰ, গুজৰাট আৰু হিমাচল প্ৰদেশত বলৱৎ আছে। এই অনুেচ্ছদৰ জৰিয়তে মহাৰাষ্ট্ৰ আৰু গুজৰাটৰ ৰাজ্যপালক কিছুমান বিশেষ অধিকাৰ প্ৰদান কৰা হৈছে। মহাৰাষ্ট্ৰৰ ৰাজ্যপালে বিদৰ্ভ আৰু মাৰাঠৱাড়াত পৃথককৈ উন্নয়ন ব’ৰ্ড নিৰ্মাণ কৰিব পাৰে। সেইদৰে গুজৰাটৰ ৰাজ্যপালেও সৌৰাষ্ট্ৰ আৰু কচ্ছত বেলেগ উন্নয়ন ব’ৰ্ড বনাব পাৰে। কাৰিকৰী শিক্ষা, অৱসৰকালীন প্ৰশিক্ষণ আৰু নিয়োগৰ বাবেও ৰাজ্যপালে ‘বিশেষ ব্যৱস্থাপনা’ কৰিব পাৰে। অনুেচ্ছদ ৩৭১ত ৩৭১ (এ), ৩৭১ (বি), ৩৭১ (চি), ৩৭১ (ডি), ৩৭১ (ই), ৩৭১ (এফ), ৩৭১ (জি), ৩৭১ (এইচ), ৩৭১ (আই) আৰু ৩৭১ (জে) অন্তৰ্ভুক্ত আছে। ইয়াত সন্নিৱিষ্ট সকলো ৰাজ্যৰ বাবে কিছুমান বিশেষ ব্যৱস্থা কৰা হৈছে। অনুেচ্ছদ ৩৭১ৰ জৰিয়তে হিমাচল প্ৰদেশৰ বাহিৰৰ কোনো ব্যক্তিয়ে ৰাজ্যত কৃষিভূমি ক্ৰয় কৰিব নোৱাৰে। একেদৰে যদি কোনো ব্যক্তি হিমাচল প্ৰদেশৰ বাসিন্দা হয় আৰু কৃষক নহয় তেতিয়াও তেওঁ কৃষিৰ বাবে ভূমি ক্ৰয় কৰিব নোৱাৰে।

অনুেচ্ছদ ৩৭১ (ক) নাগালেণ্ডত বলৱৎ আছে। ইয়াৰ জৰিয়তে নাগালেণ্ড ৰাজ্যক ১৯৪৯ আৰু ১৯৬৩ত তিনিটা বিশেষ অধিকাৰ দিয়া হৈছে। প্ৰথম ঃ ভাৰতীয় সংসদৰ যিকোনো আইন নাগালেণ্ডৰ মানুহৰ সাংস্কৃতিক আৰু ধাৰ্মিক বিষয়ত বলৱৎ নহ’ব। দ্বিতীয় ঃ নগা লোকৰ প্ৰথাগত কানুন আৰু পৰম্পৰাক লৈ সংসদৰ কানুন আৰু উচ্চতম ন্যায়ালয়ৰ কোনো আদেশ বলৱৎ নহ’ব। তৃতীয় ঃ নাগালেণ্ডত ভূমি আৰু সম্পত্তি কোনো অনগাক হস্তান্তৰ কৰিব পৰা নাযাব। উল্লেখযোগ্য যে নাগালেণ্ডৰ নাগৰিকেহে নিজৰ ৰাজ্যৰ ভূমি ক্ৰয় কৰিব পাৰে, দেশৰ আন কোনো ৰাজ্যৰ নাগৰিকে নাগালেণ্ডৰ ভূমি ক্ৰয় কৰিব নোৱাৰে। অনুেচ্ছদ ৩৭১ (বি) অসমত বলৱৎ আছে। ইয়াৰ জৰিয়তে ভাৰতৰ ৰাষ্ট্ৰপতিয়ে ৰাজ্য বিধানসভাৰ সমিতিসমূহৰ গঠন আৰু কাৰ্যাৱলীৰ বাবে ৰাজ্যৰ জনজাতীয় ক্ষেত্ৰসমূহৰ পৰা নিৰ্বাচিত সদস্যসকলক অন্তৰ্ভুক্ত কৰিব পাৰে। অনুেচ্ছদ ৩৭১ (চি) মণিপুৰত বলৱৎ আছে। ইয়াত ৰাষ্ট্ৰপতিয়ে ইচ্ছা কৰিলে ৰাজ্যখনৰ ৰাজ্যপালক বিশেষ দায়িত্ব প্ৰদান কৰি নিৰ্বাচিত প্ৰতিনিধিসকলৰ সমিতি গঠন কৰিব পাৰে। এই সমিতিয়ে ৰাজ্যখনৰ বিকাশ সম্পৰ্কীয় কাৰ্যাৱলীৰ তত্ত্বাৱধান কৰিব।

অনুেচ্ছদ ৩৭১ (ডি) অন্ধ্ৰ প্ৰদেশ আৰু তেলেংগানাত বলৱৎ আছে। এই ৰাজ্য দুখনৰ বাবে ৰাষ্ট্ৰপতিৰ হাতত এই ক্ষমতা আছে যে তেওঁ ৰাজ্য চৰকাৰক এনে আদেশ দিব পাৰে যে কি চাকৰিত কোন বৰ্গৰ লোকক নিযুক্তি দিব পাৰি। এইদৰে শিক্ষা খণ্ডতো ৰাজ্যৰ লোকসকলক সমান অংশীদাৰ বা সংৰক্ষণৰ ব্যৱস্থা কৰিব পাৰে। অনুেচ্ছদ ৩৭১ (ই)ৰ জৰিয়তে কেন্দ্ৰীয় চৰকাৰে সংসদত আইন প্ৰস্তুত কৰি অন্ধ্ৰ প্ৰদেশত এখন কেন্দ্ৰীয় বিশ্ববিদ্যালয় স্থাপন কৰিব। এইটো অনুেচ্ছদ সময়ৰ লগে লগে অপ্ৰাসংগিক হৈ পৰিব। অনুেচ্ছদ ৩৭১ (এফ) ছিকিমত বলৱৎ আছে। ইয়াৰ জৰিয়তে ছিকিমে সমগ্ৰ ৰাজ্যৰ ভূমিৰ ওপৰত অধিকাৰ লাভ কৰিছে। লাগে সেয়া ভূমি ভাৰতৰ সৈতে চামিল হোৱাৰ পূৰ্বে কাৰোবাৰ ব্যক্তিগত ভূমিয়েই লাগে হওক। ইয়াত কোনোধৰণৰ ভূমি বিবাদত দেশৰ উচ্চতম ন্যায়ালয় অথবা সংসদে হস্তক্ষেপ কৰাৰ অধিকাৰ নাই। অৱশ্যে প্ৰয়োজন হ’লে ৰাষ্ট্ৰপতিয়ে ভূমি সম্পৰ্কীয় বিষয়ত হস্তক্ষেপ কৰিব পাৰে। অনুেচ্ছদ ৩৭১ (জি) মিজোৰামত বলৱৎ আছে।

এই অনুেচ্ছদৰ জৰিয়তে মিজোৰামত ভূমিৰ মালিকীস্বত্ব কেৱল তাত বসবাস কৰা আদিবাসীসকলৰ। কোনো বাহিৰৰ লোকে মিজোৰামলৈ গৈ ভূমি ক্ৰয় কৰিব নোৱাৰে। অৱশ্যে তাত ব্যক্তিগত খণ্ডৰ উদ্যোগ স্থাপন কৰিবৰ বাবে ৰাজ্য চৰকাৰে ‘মিজোৰাম এক্ট-২০১৬’ৰ জৰিয়তে ভূমি অধিগ্ৰহণ কৰিব পাৰে। অনুেচ্ছদ ৩৭১ (আই) গোৱাত বলৱৎ আছে। অৱশ্যে এই অনুেচ্ছদ সময়ৰ লগে লগে অপ্ৰাসংগিক হৈ গ’ল। একেদৰে অনুেচ্ছদ ৩৭১ (জে)ৰ জৰিয়তে হায়দৰাবাদ-কৰ্নাটক ক্ষেত্ৰৰ ছখন পিছপৰা জিলাক বিশেষ অধিকাৰ প্ৰদান কৰা হৈছে। অনুেচ্ছদ ৩৭১ (এইচ) অৰুণাচল প্ৰদেশত বলৱৎ আছে। ইয়াৰ জৰিয়তে অৰুণাচলৰ ৰাজ্যপালে আইন আৰু ব্যৱস্থাৰ স্থিতি সন্দৰ্ভত বিশেষ অধিকাৰ লাভ কৰিছে আৰু ইয়াৰ ভিত্তিত মুখ্যমন্ত্ৰীৰ সিদ্ধান্তও তেওঁ বাতিল কৰিব পাৰে। এনে অধিকাৰ আন কোনো ৰাজ্যত নাই— যি মুখ্যমন্ত্ৰীৰ সিদ্ধান্তক বাতিল কৰিব পাৰে।

আনহাতে মিজোৰাম, অৰুণাচল প্ৰদেশ আৰু নাগালেণ্ড— এই তিনিখন ৰাজ্য এনেকুৱা যে আপুনি যদি তালৈ যাব বিচাৰে তেনেহ’লে আপুনি ইনাৰ লাইন পাৰ্মিট ল’ব লাগিব। ইনাৰ লাইন পাৰ্মিট নোহোৱাকৈ এই তিনিখন ৰাজ্যত আপুনি প্ৰৱেশ কৰিব নোৱাৰে। উল্লেখযোগ্য যে ইনাৰ লাইন পাৰ্মিট হৈছে যে ভাৰত চৰকাৰৰ দ্বাৰা জাৰি কৰা এক আনুষ্ঠানিক ভ্ৰমণ দস্তাবেজ, যি এক নিশ্চিত সময়ৰ বাবে ভ্ৰমণৰ অনুমতি প্ৰদান কৰে। ভাৰতত এই দেশৰ নাগৰিকৰ বাবে প্ৰস্তুত ইনাৰ লাইন পাৰ্মিটৰ এই নিয়ম ব্ৰিটিছ চৰকাৰে বলৱৎ কৰিছিল। তাকে ভাৰতৰ স্বাধীনতাৰ পিছত সময়ে সময়ে ইফাল-সিফাল কৰি বাহাল ৰখা হৈছে। জম্মু আৰু কাশ্মীৰৰ পৰা অনুেচ্ছদ ৩৭০ চলিত বছৰৰ আগষ্ট মাহৰ ৫ তাৰিখে অপসাৰণ কৰা হয়।

সংসদত যেতিয়া ৩৭০ সন্দৰ্ভত আলোচনা হয়, তেতিয়াই ৬ আগষ্ট অনুেচ্ছদ ৩৭১ৰো প্ৰসংগ উত্থাপিত হয় আৰু তেতিয়াই গৃহমন্ত্ৰী অমিত শ্বাহে এই অনুেচ্ছদ কিয় চৰকাৰে অপসাৰণ নকৰে সেই সন্দৰ্ভত একাধিক যুক্তি দাঙি ধৰে। অমিত শ্বাহে এইবুলি যুক্তি দিয়ে যে ৩৭০ৰ দৰে ৩৭১এ ৰাজ্যবিলাকত বিচ্ছিন্নতাক উদগনি নোযোগায়। সেয়ে ইয়াক অপসাৰণ কৰা নহয়। (সংগৃহীত তথ্যৰ আধাৰত)

( News Cr : দৈনিক গণ অধিকাৰ | A Dainik Gana Adhikar News Report )