শেহতীয়া খবৰ
Home / আঞ্চলিক / বিশেষ নিউজ ৰিপ’ৰ্ট | অসম চুক্তি বিকৃত কৰি ‘খিলঞ্জীয়া’ শব্দ ব্যৱহাৰৰ অভিযোগ মাইনৰিটিজ কনছালটেটিভ কমিটীৰ

বিশেষ নিউজ ৰিপ’ৰ্ট | অসম চুক্তি বিকৃত কৰি ‘খিলঞ্জীয়া’ শব্দ ব্যৱহাৰৰ অভিযোগ মাইনৰিটিজ কনছালটেটিভ কমিটীৰ

ষ্টাফ ৰিপ’ৰ্টাৰ, গুৱাহাটী, ৯ ছেপ্টেম্বৰ : শেহতীয়াকৈ এনআৰচি প্ৰকাশৰ পিছত ৰাজ্যত উদ্ভৱ হোৱা পৰিস্থিতি সন্দৰ্ভত আলোচনা কৰাৰ বাবে গুৱাহাটীৰ হাতীগাঁৱত দেওবাৰে অসমৰ বিভিন্ন সংখ্যালঘু দল-সংগঠনসমূৰ নেতৃবৃন্দৰ এক গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হয়। এনআৰচি প্ৰকাশ আৰু অসম চুক্তিৰ ছয় নং দফা কাৰ্যকৰী কৰিবলৈ গঠন কৰা উচ্চস্তৰীয় কমিটী, অসমীয়া আৰু খিলঞ্জীয়াৰ সংজ্ঞা সম্পৰ্কত অস্থিৰ বাতাৱৰণ সৃষ্টি কৰাৰ প্ৰয়াস তথা অসমীয়াক বিভক্ত কৰাৰ নতুন ষড়যন্ত্ৰ আৰম্ভ হোৱা সন্দৰ্ভত বিভিন্ন সংখ্যালঘু সংগঠনৰ নেতৃত্ব উক্ত আলোচনাত মিলিত হয়। গুৱাহাটীৰ হাতীগাঁৱত অসম চুক্তিৰ ছয় নং দফা ৰূপায়ণৰ ক্ষেত্ৰত উচ্চস্তৰীয় কমিটীয়ে অসমৰ এক বৃহৎ জনগোষ্ঠীক আওকাণ কৰি আন এক নতুন ধাৰা সৃষ্টি কৰাৰ প্ৰয়াস কৰাৰ অভিযোগ উত্থাপন হয়।

অসমৰ বিভিন্ন সংখ্যালঘু সংগঠনৰ নেতৃত্বক ঐক্যবদ্ধ কৰি আলোচনা কৰাৰ উদ্দেশ্যে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ জ্যেষ্ঠ অধিবক্তা হাফিজ ৰছিদ আহমেদ চৌধুৰী, ব্ৰহ্মপুত্ৰ চিভিল ছ’চাইটীৰ সভাপতি ড০ আতোৱাৰ ৰহমান, আল আমিন জনকল্যাণ ছ’চাইটীৰ সভাপতি চফিউৰ ৰহমান শইকীয়া, গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্ৰাক্তন অধ্যাপক আব্দুল মান্নান, অৱসৰপ্ৰাপ্ত ভাৰতীয় প্ৰশাসনীয় সেৱা বিষয়া মহ¥œদ আলাউদ্দিন, আমছুৰ উপদেষ্টা আজিজুৰ ৰহমানৰ পৃষ্ঠপোষকতাত উক্ত বৈঠক অনুষ্ঠিত হয়। জ্যেষ্ঠ অধিবক্তা হাফিজ ৰছিদ আহমেদ চৌধুৰী, চফিউৰ ৰহমান শইকীয়া, ড০ আতোৱাৰ ৰহমানৰ তিনিজনীয়া সভাপতি মণ্ডলীৰে পৰিচালিত সভাত অসম চুক্তিৰ ছয় নং দফা কাৰ্যকৰীকৰণৰ বাবে কেন্দ্ৰীয় চৰকাৰে গঠন কৰি দিয়া উচ্চ ক্ষমতাসম্পন্ন কমিটীয়ে কেন্দ্ৰীয় চৰকাৰৰ অধিসূচনা তথা অসম চুক্তিৰ মূল নীতিৰ পৰিৱৰ্তে গোষ্ঠীগতভাৱে সংজ্ঞা নিৰ্দ্ধাৰণৰ বাবে বিভিন্ন ষড়যন্ত্ৰ ৰচনা কৰি অসমৰ বৃহৎ জনগোষ্ঠীক বঞ্চিত কৰাৰ চেষ্টা চলাইছে বুলি অভিযোগ উত্থাপন হয়।

এই উচ্চ কমিটীয়ে দাখিল কৰিবলগীয়া প্ৰতিবেদন সন্দৰ্ভত উপস্থিত থকা বিশিষ্ট ব্যক্তিসকলে আলোচনা কৰাৰ উপৰি প্ৰতিবেদন সন্দৰ্ভত অসমৰ সংখ্যালঘুৰ সকলো দল-সংগঠনৰ এক সন্মিলিত প্ৰচেষ্টাৰে সমন্বয়ৰক্ষী সমিতি গঠন কৰাৰ বাবে সভাত যাতে প্ৰস্তাৱ লোৱা হয়। সভাত ব্ৰহ্মপুত্ৰ ভেলী চিভিল ছ’চাইটিৰ কাৰ্যকৰী সভাপতি আব্দুল বাতিন খন্দকাৰে অসম চুক্তিৰ ছয় নং দফা সন্দৰ্ভত এখন স্মাৰক-পত্ৰ প্ৰস্তুত কৰি সংশ্লিষ্ট বিষয়াক দিয়াৰ প্ৰয়োজন আছে বুলি উল্লেখ কৰে। আনহাতে বিদেশী ন্যায়াধিকৰণত বহু ক্ষেত্ৰত নীতি-বহিৰ্ভূতভাৱে অনেক লোকক বিদেশী সজোৱা হয় বুলি অভিযোগ কৰে অসম মাদ্ৰাছা শিক্ষাৰ প্ৰাক্তন সঞ্চালক অধ্যাপক আব্দুল কায়ুম আল আমিনে। তেওঁ আৰু কয় যে এনে কাৰ্য যাতে ৰোধ কৰিব পৰা যায় তাৰ বাবে উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ হোৱাৰ প্ৰয়োজন আছে বুলি উল্লেখ কৰে। আনহাতে উচ্চ ক্ষমতাসম্পন্ন কমিটীয়ে ৰাইজৰ পৰামৰ্শ বিচাৰি প্ৰকাশ কৰা জাননীত ব্যৱহাৰ কৰা খিলঞ্জীয়া শব্দটোৰ ওপৰত আপত্তি জনায়। তেওঁ কয় যে যিহেতু অসম চুক্তিত খিলঞ্জীয়া শব্দটোৰ পৰিৱৰ্তে অসমীয়াহে আছে সেইবাবে জাননীত অতিৰিক্ত শব্দ কিছুমান চামিল কৰাটো বিতৰ্কমূলক।

সভাত উপস্থিত থাকি নদুৱাতত তামিৰৰ নেতা ফৰিদ উদ্দিন চৌধুৰীয়ে কয় যে এনআৰচিত বহিৰ্ভূত ভাৰতীয় আৰু অসম চুক্তিৰ ৬ নং দফা ৰূপায়ণৰ দুয়োটা ক্ষেত্ৰতে কাৰ্যকৰী ব্যৱস্থা ল’বলৈ সকলো সংখ্যালঘু সংগঠনে একত্ৰিত হৈ ব্যৱস্থা গ্ৰহণ কৰিব লাগে। সভাত উপস্থিত থাকি বৰপেটাৰ সাংসদ আব্দুল খালেকে কয় যে ভাৰত চৰকাৰৰ গৃহ দপ্তৰে ৩১ আগষ্টত প্ৰকাশ পোৱা এনআৰচিক নাকচ কৰা নাই। তেওঁ ভাষণত বৈধ নাগৰিকসমূহ সন্নিৱিষ্ট হোৱা এখন শুদ্ধ এনআৰচি হোৱাটো বিচাৰে আৰু সংসদৰ বাহিৰে-ভিতৰে ইয়াৰ বাবে যুদ্ধ কৰি যাব বুলিও কয় আৰু সাংসদ হিচাপে এইক্ষেত্ৰত প্ৰয়োজনীয় সহযোগিতা আগবঢ়াব। আনহাতে আমছুৰ উপদেষ্টা আজিজুৰ ৰহমানে কয় যে অসম চুক্তিৰ ছয় নং দফা কাৰ্যকৰী কৰিবলৈ উচ্চস্তৰীয় কমিটীয়ে অসমীয়া শব্দৰ পৰিৱৰ্তে খিলঞ্জীয়া অসমীয়া, খিলঞ্জীয়া জনজাতি, খিলঞ্জীয়া অন্যান্য জনগোষ্ঠী বুলি উল্লেখ কৰিছে।

অসমীয়াৰ সংজ্ঞা নিৰূপণ নকৰাকৈ এই শব্দবোৰৰ জৰিয়তে মূলতঃ অসম চুক্তিৰেই বিৰোধিতা কৰা হৈছে। ভূমিনীতি সম্পৰ্কে উচ্চ কমিটীয়ে ব্ৰহ্ম কমিটীৰ প্ৰতিবেদনৰ আধাৰত ভুল নীতি গ্ৰহণ কৰা বুলিও তেওঁ মন্তব্য কৰে। সংখ্যালঘু ৰাইজৰ বাবে এনে নীতি গ্ৰহণযোগ্য নহয়। আনপিনে জমিয়তৰ সাধাৰণ সম্পাদক মৌলানা আব্দুল ৰছিদ চাহাবে কয় যে জমিয়ত উলেমাই অসমৰ সমাজ-জীৱনৰ সংখ্যালঘুৰ সমস্যা সমাধানৰ বাবে সদায়ে সহায়-সহযোগ কৰি আহিছে। জমিয়তে অসমৰ প্ৰতিটো জাতি-জনগোষ্ঠীক একত্ৰিত কৰি সংখ্যাগুৰু আৰু সংখ্যালঘুৰ সমস্যা সমাধান হোৱাটো বিচাৰে। উদাহৰণ হিচাপে পূৰ্বৰ সভাপতি মৌলানা আব্দুল হক চাহাবে সেই সময়ৰ মুখ্যমন্ত্ৰী প্ৰফুল্ল মহন্তৰ সৈতে একেলগে কাম কৰি দেখুৱাই থৈ গৈছে বুলি তেওঁ উল্লেখ কৰে। ইপিনে প্ৰাক্তন আইএএছ বিষয়া নুৰুল হকে কয় যে এনআৰচিত বহিৰ্ভূত ভাৰতীয় নাগৰিকক আইনী সাহায্য দিয়াটো প্ৰয়োজন।

বিদেশী ন্যায়াধিকৰণৰ¸ বিচাৰ প্ৰক্ৰিয়াৰ সময়ত সকলো দৃশ্য কেমেৰাৰে আবদ্ধ কৰিব লাগে বুলি তেওঁ উল্লেখ কৰি কয় যে যাতে পৰৱৰ্তী সময়ত এই দৃশ্যৰে ভুক্তভোগীসকলক ন্যায় লাভ কৰাত সহায়ক হয়। আনহাতে বিশিষ্ট শিক্ষাবিদ আব্দুল মান্নানে কয় যে অসমীয়া শব্দৰ সংজ্ঞা নিৰূপণ নকৰাকৈ যাতে কোনো সিদ্ধান্ত গ্ৰহণ কৰিব নোৱাৰে তাৰ বাবে সকলো পক্ষ সতৰ্ক হৈ থাকিব লাগে। ইয়াৰ উপৰি ছ’চিয়েল মিডিয়া বা প্ৰচাৰ মাধ্যমত মন্তব্য দিয়াৰ ক্ষেত্ৰতো সতৰ্ক হৈ থাকিব লাগে বুলি উল্লেখ কৰি এইক্ষেত্ৰত সংখ্যাগুৰু সম্প্ৰদায়ৰ প্ৰগতিশীল লোকৰ সহযোগিতা লৈ আগবাঢ়ি যোৱা উচিত বুলি তেওঁ মন্তব্য আগবঢ়ায়। আনহাতে মাইনৰিটী ৱেলফেয়াৰ ছ’চাইটীৰ সম্পাদক আব্দুল কৰিম চৌধুৰীয়ে কয় যে এনআৰচিৰ দীৰ্ঘদিনীয়া আইনী যুঁজত যিসকল জড়িত হৈ আছে তেওঁলোকক লগত লৈ সন্মিলিতভাৱে অন্যায়ৰ বিৰুদ্ধে প্ৰতিৰোধ আগবঢ়াব লাগে।

সভাত আব্দুল আজিজ, নুৰুল ইছলাম, ছিৰাজুদ্দিন আহমেদ, অধ্যাপক নাজিৰ সৰকাৰ, আতিকুৰ ৰহমান বৰভূঞা, চাদুল্লা আহমেদ আদিকে ধৰি বিভিন্ন গণ্যমান্য লোকে মন্তব্য আগবঢ়ায়। সভাত অসমৰ সংখ্যালঘু বিভিন্ন দল-সংগঠনৰ নেতৃবৃন্দক সামৰি এটি সংগঠন জন্ম দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰে আৰু সেই মৰ্মে অৱসৰপ্ৰাপ্ত এচিএছ বিষয়া এমৰান হুছেইন খন্দকাৰে প্ৰস্তাৱিত সংগঠনৰ নাম মাইনৰিটী কনছালটেটিভ কমিটী হ’ব লাগে আৰু ইয়াৰ অধ্যŽ হাফিজ ৰছিদ আহমেদ চৌধুৰী হ’ব লাগে বুলি প্ৰস্তাৱ আগবঢ়ায়। এই প্ৰস্তাৱক সদনে সৰ্বসন্মতিক্ৰমে সমৰ্থন কৰি ১৫জজনীয়া নতুন সমিতিখনৰ সভাপতি মণ্ডলীৰ অধ্যক্ষ হিচাপে হাফিজ ৰছিদ আহমেদ চৌধুৰীক নিৰ্বাচন কৰে আৰু অসম চুক্তি ৰূপায়ণ সন্দৰ্ভত সৃষ্টি হোৱা অৰাজকতা সন্দৰ্ভত ভাৰত চৰকাৰক স্মাৰক-পত্ৰ দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰে। সভাৰ অন্তত ব্ৰহ্মপুত্ৰ ভেলী চিভিল ছ’চাইটীৰ সাংগঠনিক সম্পাদক মতিউৰ ৰহমানে শলাগৰ শৰাই আগবঢ়ায়।

( News Cr : দৈনিক গণ অধিকাৰ | A Dainik Gana Adhikar News Report )