শেহতীয়া খবৰ
Home / ব্যৱসায়-বাণিজ্য / ২১ বছৰৰ ভিতৰত আগষ্টত গাড়ী বিক্ৰীৰ হাৰ সৰ্বনিম্ন

২১ বছৰৰ ভিতৰত আগষ্টত গাড়ী বিক্ৰীৰ হাৰ সৰ্বনিম্ন

দেশৰ অৰ্থনীতি মন্দাৱস্থাৰ ভয়ংকৰ পৰণতি অটো মোবাইল ছেক্টৰত

নতুন দিল্লী : দেশত দেখা দিয়া ভয়ংকৰ অৰ্থনৈতিক মন্দাৱস্থাই বাৰুকৈয়ে প্ৰভাৱিত কৰিছে যানবাহন বিক্ৰীত। মন্দাৱস্থাৰ ফলত অভাৱনীয় হাৰত দেশত অটোমোবাইলৰ বিক্ৰী হ্ৰাস পাইছে। বিক্ৰী হ্ৰাসে এনে এটা পৰ্যায় পাইছে যে দেশৰ বহুকেইটা প্ৰখ্যাত গাড়ী নিৰ্মাতা কোম্পানীয়ে তেওঁলোকৰ নিৰ্মাণ কাৰ্য বন্ধ কৰাৰ লগতে কিছু কোম্পানীয়ে বন্ধ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। ইমানেই নহয়, দেশত বহুকেইটা অটোমোবাইল ডীলাৰ বন্ধ কৰি দিছে। এনে পৰিস্থিতি দেশত চলি থকাৰ সময়ছোৱাতে আজি ছ’চাইটী অৱ ইণ্ডিয়ান মেনুফেক্সাৰ্ছ (এছ আই এ এম) সংস্থাটোৱে প্ৰকাশ কৰা অনুসৰি চলিত বৰ্ষৰ আগষ্ট মাহত যোৱা ১৯ বছৰৰ ভিতৰত গাড়ী বিক্ৰীৰ হাৰ সৰ্বনিম্ন হৈছে। সংস্থাটোৱে প্ৰকাশ কৰা অনুসৰি যেতিয়াৰে পৰা তেওঁলোকে দেশত বিক্ৰীৰ তথ্য সংৰক্ষণ কৰাৰ ব্যৱস্থা গ্ৰহণ কৰিছে, তেতিয়াৰে পৰা চলিত বৰ্ষৰ দৰে ইমান অভাৱনীয় হাৰত গাড়ীৰ বিক্ৰী হ্ৰাস তেওঁলোকে দেখা নাছিল।

সংস্থাটোৱে প্ৰকাশ কৰা অনুসৰি যাত্ৰীবাহী গাড়ী, দুচকীয়া বাহনসহ অন্যান্য বাহনৰ বিক্ৰী যোৱা আগষ্ট মাহত ২৩.৫৫ শতাংশলৈ হ্ৰাস পাইছে। ১৯৯৭-৯৮ চনৰ পৰা সংস্থাটোৱে গাড়ী বিক্ৰীৰ তথ্য সংৰক্ষণ ব্যৱস্থা গ্ৰহণ কৰিছিল। সংস্থাটোৱে আজি প্ৰকাশ কৰা অনুসৰি যাত্ৰীবাহী বাহন, দুচকীয়া বাহন আৰু বাণিজ্যিক বাহন অভাৱনীয় হাৰত বিক্ৰীৰ পৰিমাণ হ্ৰাস পাইছে ভাৰতত। বিগত বৰ্ষৰ আগষ্ট মাহত ভাৰতত গাড়ী বিক্ৰীৰ সংখ্যা আছিল ২৩,৮২,৪৩৬খন। কিন্তু চলিত বৰ্ষৰ আগষ্টত বিক্ৰীৰ সংখ্যা হৈছে ৮২১,৪৯০খন। অৰ্থাৎ এবছৰৰ ব্যৱধানত চলিত বৰ্ষৰ আগষ্টত দেশত গাড়ী বিক্ৰীৰ সংখ্যা মুঠ ২৩.৫৫ শতাংশলৈ হ্ৰাস পাইছে। সংস্থাটোৱে এই কথা প্ৰকাশ কৰিছে যে চলিত বৰ্ষৰ জুলাই মাহত অটো ছেক্টৰত যোৱা ১৯ বছৰৰ ভিতৰত সৰ্বনিম্ন হোৱা দেখা গৈছে। উল্লেখ্য যে বিগত বৰ্ষৰ জুলাই মাহত দেশত গাড়ী বিক্ৰীৰ সংখ্যা আছিল ২২,৪৫,২২৩খন।

আনহাতে এই বৰ্ষৰ জুলাইত মুঠ গাড়ীৰ বিক্ৰী সংখ্যা ১৮,২৫,১৪৮খন। অৰ্থাৎ ১৮.৭১ শতাংশলৈ গাড়ীৰ বিক্ৰী হ্ৰাস পাইছে। আনহাতে যাত্ৰীবাহী বাহন বিক্ৰী আগষ্ট মাহত অভাৱনীয় হাৰত হ্ৰাস পাইছে দেশত। বিগত বৰ্ষৰ আগষ্ট মাহৰ তুলনাত চলিত বৰ্ষৰ আগষ্টত ৩১.৫৭ শতাংশলৈ হ্ৰাস পাইছে যাত্ৰীবাহী বাহনৰ বিক্ৰী। একেদৰে ঘৰুৱা কোম্পানীৰ গাড়ী বিক্ৰীৰ ক্ষেত্ৰতো চলিত বৰ্ষৰ আগষ্ট মাহত অভাৱনীয় হাৰত বিক্ৰীৰ পৰিমাণ হ্ৰাস পাইছে। বিগত বৰ্ষৰ আগষ্ট মাহৰ তুলনাত চলিত বৰ্ষৰ আগষ্টত ৪১.০৯ শতাংশলৈ হ্ৰাস পাইছে। সংস্থাটোৱে প্ৰকাশ কৰা অনুসৰি মটৰচাইকেল বিক্ৰীৰ ক্ষেত্ৰতো অভাৱনীয় হাৰত হ্ৰাস পাইছে। বিগত বৰ্ষৰ আগষ্টত মটৰচাইকেলৰ বিক্ৰীৰ সংখ্যা আছিল ১২,০৭,০০৫খন।

আনহাতে চলিত বৰ্ষৰ আগষ্টত দেশত মটৰচাইকেল বিক্ৰীৰ সংখ্যা ৯,৩৭,৪৮৬ খন। অৰ্থাৎ মটৰচাইকেলৰ বিক্ৰী ২২.৩৩ শতাংশলৈ হ্ৰাস পাইছে। দেশৰ অৰ্থনৈতিক মন্দাৱস্থাৰ বাবেই অশোক লীলেণ্ডৰ দৰে বৃহৎ গাড়ী নিৰ্মাতা কোম্পানীয়ে অহা ১৮ দিনলৈ তেওঁলোকে গাড়ী নিৰ্মাণ কাৰ্য বন্ধ ৰখাৰ কথা আজি ঘোষণা কৰিছে। কোম্পানীটোৱে প্ৰকাশ কৰা অনুসৰি অভাৱনীয় হাৰত তেওঁলোকে নিৰ্মাণ কৰা গাড়ীৰ বিক্ৰী হ্ৰাস পাইছে। যাৰ বাবে তেওঁলোকে নিৰ্মাণ কাৰ্য অহা ১৮ দিনলৈ বন্ধ ৰখাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে।

( News Cr : দৈনিক গণ অধিকাৰ | A Dainik Gana Adhikar News Report )