শেহতীয়া খবৰ
Home / আঞ্চলিক / পৃথক বড়ো ৰাজ্য গঠনৰ দাবীত পুনৰ সৰৱ এবছু : এন ডি এফ বিকে ধৰি তিনিটাকৈ সংগঠনে চিৰাঙৰ কাশীকোত্ৰাত ২০ সহস্ৰাধিকৰ উত্তাল প্ৰতিবাদ

পৃথক বড়ো ৰাজ্য গঠনৰ দাবীত পুনৰ সৰৱ এবছু : এন ডি এফ বিকে ধৰি তিনিটাকৈ সংগঠনে চিৰাঙৰ কাশীকোত্ৰাত ২০ সহস্ৰাধিকৰ উত্তাল প্ৰতিবাদ

সঞ্জয় সৰকাৰ, ১০ ছেপ্টেম্বঃ বিটিএডিৰ চিৰাং জিলাৰ কাশীকোত্ৰাত আজি পুনৰ পৃথক বড়ো ৰাজ্য গঠনৰ দাবীত এবছু – এন ডি এফ বিকে ধৰি তিনিটাকৈ সংগঠনে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে। নিখিল বড়ো ছাত্ৰ সন্থা (এবছু )ৰ উদ্যোগত তথা পিপুলচ জইন্ট একচন কমিটি ফৰ বডোলেণ্ড মুভমেণ্ট (পিজেএচিবিএম ) আৰু প্ৰগতিশীল এন ডি এফ বি সহযোগত আজি ৩১ নং ( চি ) ফৰলেনযুক্ত ৰাষ্ট্ৰীয় ঘাইপথৰ দাঁতিত কাশীকোত্ৰা উচ্চতৰ মাধ্যমিক বিদ্যালয় খেলপথাৰত অনুষ্ঠিত বিশাল গণ সভাত অতিশীঘ্ৰে পৃথক বড়ো ৰাজ্য গঠনৰ জৰিয়তে বড়ো সমস্যাৰ স্থায়ী সমাধান কৰিবলৈ দাবী উত্থাপন কৰা হয় । গণ সমাৱেশত অংশগ্ৰহণকাৰী হাজাৰ হাজাৰ লোকে একমুখে উই ৱান্ট বডোলেণ্ড , ন’ বডোলেণ্ড ন’ ৰেষ্ট , ন’ জাষ্টিচ ন’ ৰেষ্ট আদি শ্লোগানেৰে পৰিৱেশ উত্তাল কৰি তোলে ।

২০ সহস্ৰাধিক লোকৰ অংশগ্ৰহণেৰে দিনৰ ১১ বজাৰ পৰা আৰম্ভ হোৱা এই বৃহৎ গণ সমাৱেশত এবছুৰ সভাপতি প্ৰমোদ বড়োই নিজৰ উদ্বাত্ত্ব ভাষণত কয় যে, ” ভাৰত চৰকাৰে ইতিমধ্যে জম্মু – কাশ্মীৰ আৰু লাডাখক পৃথক ইউনিয়ন টেৰিটৰিলৈ উন্নীতকৰণ কৰা প্ৰক্ৰিয়াক এবছুৱে আদৰণি জনাইছে। অনুৰূপ ধৰণেৰে অতিশীঘ্ৰে বড়োসকলৰ দীৰ্ঘদিনীয়া দাবী পৃথক বড়ো ৰজ্য গঠন সন্দৰ্ভতো ব্যাবস্থা গ্ৰহণ কৰিবলৈ আহ্বান জনোৱা হয় । লোকসভা আৰু ৰাজ্যসভাৰ উভয় সদনতে মেজৰিটি থকা বিজেপি নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰে বিষয়টোত গুৰুত্ব দি অতিশীঘ্ৰে পৃথক বড়ো ৰাজ্য গঠনৰ দাবী জনায় । বডোলেণ্ডৰ স্থায়ী শান্তি তথা দ্ৰুত উন্নয়নৰ বাবে সবকা সাথ , সবকা বিকাশ আৰু সবকা বিশ্বাস নীতিত বিশ্বাসী প্ৰধান মন্ত্ৰী মোদীক এবছু সভাপতি গৰাকীয়ে লগতে আহ্বান জনায় ।

এবছু নেতাগৰাকীয়ে লগতে কয় যে , বিগত ৫০ বছৰত বডোলৰণ্ড আন্দোলনত জড়িত হৈ ৫ সহস্ৰাধিক বড়ো যুৱক – যুৱতীয়ে মৃত্যুক আকোৱালি লোৱাৰ লগতে ২০ সহস্ৰাধিক লোকে কাৰাৱাস খাটিবলগীয়া হৈছে । সভাত এন ডি এফ বি ( প্ৰ ) ৰ অধ্যক্ষ গোবিন্দ বসুমতাৰীয়ে নিজ ভাষণত কয় যে , পৃথক বড়ো ৰাজ্য গঠন হ’লে সংবিধান অনুযায়ী অবড়োৰ সুৰক্ষাও সুনিশ্চিত হ’ব । ইয়াত অনাবড়ো লোকসকলে ভয় পাবলগীয়া একো নাই । গণ সমাবেশৰ আজিৰ এই সভাখনত পিপুলচ জইন্ট একচন কমিটি ফৰ বডোলেণ্ড মুভমেণ্টৰ সভাপতি ৰাকেশ বড়ো, প্ৰাক্তন সাংসদ উৰ্খাও গৌৰা ব্ৰহ্ম , ৰঞ্জনপন্থী এন ডি এফ বিৰ তথ্য আৰু প্ৰচাৰ সম্পাদক এন ওখা হাদৈ আদিয়ে পৃথক বড়ো ৰাজ্য গঠন সন্দৰ্ভত উদ্বাত্ত্ব ভাষণ ৰাখে। লগতে এই সভাখনত বিটিচিৰ বিৰোধী এম চি এল এ সকলৰ উপৰিও ট্ৰাইবেল সংঘৰ কেন্দ্ৰীয় উপ – সভাপতি যোগেন্দ্ৰ নাৰ্জাৰী , ইউ পি পি এলৰ যুৱ তথা মহিলা গোটৰ সভাপতিদ্বয় ক্ৰমে সোমনাথ নাৰ্জাৰী আৰু বীনা গয়াৰীও উপস্থিত থাকে। ৰাষ্ট্ৰীয় ঘাই পথৰ দাঁতিত অনুষ্ঠিত হোৱা বাবে কাশীকোত্ৰাৰ পৰা চিদলীলৈ পথছোৱাত দুপৰীয়াৰ ভাগত তীব্ৰ জান জঁটৰ সৃষ্টি হয় ।