শেহতীয়া খবৰ
Home / আঞ্চলিক / এনআৰচিৰ পৰা বাদ প্ৰায় ৪ লাখ কোঁচ-ৰাজবংশী জনগোষ্ঠীয় লোক

এনআৰচিৰ পৰা বাদ প্ৰায় ৪ লাখ কোঁচ-ৰাজবংশী জনগোষ্ঠীয় লোক

শপত নামা যোগে নাম অন্তৰ্ভুক্তিৰ দাবী কোচ-ৰাজবংশী সন্মিলনীৰ

ষ্টাফ ৰিপ’ৰ্টাৰ, গুৱাহাটী : ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ চূড়ান্ত তালিকাৰ পৰা অসমৰ খিলঞ্জীয়া জাতি-জনগোষ্ঠী, ভূমিপুত্ৰৰ নাম বাদ পৰাটো অসমৰ কোচ-ৰাজবংশীৰ লগতে অসমৰ প্ৰতিটো খিলঞ্জীয়া ভূমিপুত্ৰৰ বাবে চৰম অপমানজনক। যুগ যুগ ধৰি বসবাস কৰি অহা নিজৰভূমিতেই চৰকাৰে কোচ-ৰাজবংশী জনগোষ্ঠীৰ লগতে ৰাজ্যৰ প্ৰায়বোৰ খিলঞ্জীয়া জাতি-জনগোষ্ঠী লোকক বিদেশী সজাবলৈ চৰকাৰ গভীৰ ষড়যন্ত্ৰত লিপ্ত হোৱাৰ বিস্ফোৰক অভিযোগ উত্থাপন কৰিছে কোচ-ৰাজবংশী সন্মিলনীয়ে। ৩১ আগষ্টত প্ৰকাশ পোৱা এনআৰচিৰ চূড়ান্ত তালিকাৰ পৰা ১৯,০৬,৬৫৭গৰাকী লোকৰ ভিতৰত প্ৰায় ৪ লাখ কোচ-ৰাজবংশী লোকৰ নাম বাদ পৰাত ক্ষুণ্ণ হৈ পৰিছে কোচ-ৰাজবংশী সংগঠন। নিজৰ ভূমিতেই খিলঞ্জীয়া ভূমিপুত্ৰসকলক চৰকাৰী পৃষ্ঠপোষকতাক বিদেশী সজোৱা কাৰ্যত ক্ষোভ প্ৰকাশ কৰি আজি সন্মিলনীৰ সভাপতি আৰু সম্পাদক ক্ৰমে বীৰেশ্বৰ শইকীয়া আৰু ৰঞ্জিত কুমাৰ ৰায়ে কয় যে ভূমিপুত্ৰ হোৱাৰ পিছতো এনআৰচি কৰ্তৃপক্ষই এইসকলৰ নাম অন্তৰ্ভুক্ত নকৰাটো অতি পৰিতাপৰ কথা।

সন্মিলনীৰ নেতা দুগৰাকীয়ে কয় যে একেখন লিগেচী ডাটা ব্যৱহাৰ কৰা কোচ-ৰাজবংশী জনগোষ্ঠী পৰিয়ালৰ কেইগৰাকীমান সদস্যৰ নাম অন্তৰ্ভুক্ত হোৱাৰ বিপৰীতে কোনোবা এগৰাকীৰ নাম বাদ পৰাটো জনগোষ্ঠীটোৰ প্ৰতি এক গভীৰ অন্যায়। কোচ-ৰাজবংশীকে ধৰি খিলঞ্জীয়া জাতি-জনগোষ্ঠীৰ কোনো লোকেই যাতে এনআৰচিৰ পৰা বাদ পৰিলে আইনী অসুবিধাত নপৰে তাৰ ব্যৱস্থা কৰিবলৈ চৰকাৰক আহবান জনায়। যিসকল খিলঞ্জীয়া ভূমিপুত্ৰৰ নাম এনআৰচিৰ পৰা বাদ পৰিল সেইসকলক বিদেশী ন্যায়াধিকৰণলৈ নোযোৱাকৈয়ে চৰকাৰে শপতনামাৰ যোগেদি এনআৰচিৰ অন্তৰ্ভুক্ত কৰিবলৈ দাবী উত্থাপন কৰে সন্মিলনীয়ে। ইফালে বিদেশী ন্যায়াধিকৰণেও যাতে কোচ-ৰাজবংশী জনগোষ্ঠীৰ লগতে থলুৱা জাতি-জনগোষ্ঠীৰ লোকক বিদেশী ঘোষণা নকৰি ডিটেনচন কেম্পত বন্দী কৰি ৰখা যি ঘটনা সংঘটিত হ’ল তাৰ যাতে পুনৰাবৃত্তি নঘটে তাৰ বাবেও ব্যৱস্থা গ্ৰহণ কৰিবলৈ চৰকাৰক দাবী জনায় সংগঠনটোৱে।

সংগঠনটোৱে ক্ষোভ ব্যক্ত কৰি কয় যে জনজাতিকৰণৰ নামত কোচ-ৰাজবংশীকে ধৰি ছয় জনগোষ্ঠীক ৰাজনৈতিক দল তথা চৰকাৰে প্ৰতাৰণা কৰি আহিছে এতিয়া আকৌ এপাচি ভুলেৰে প্ৰকাশ পোৱা এনআৰচিৰ বাবে যাতে এগৰাকীও ৰাজবংশী লোক সমস্যাত নপৰে সেয়া নিশ্চিত কৰাটো চৰকাৰৰ দায়িত্ব বুলি উল্লেখ কৰে সংগঠনটোৱে। আনহাতে খিলঞ্জীয়া জাতি-জনগোষ্ঠীলৈ এই ভুল এনআৰচিয়ে একপ্ৰকাৰৰ অস্তিত্বৰ সংকট নমাই অনাত উদ্বেগ প্ৰকাশ কৰি এনআৰচিৰ পৰা বাদ পৰা প্ৰকৃত ভাৰতীয়ৰ নাম অন্তৰ্ভুক্ত কৰা আৰু যিকোনো কাৰণত নাম অন্তৰ্ভুক্ত হোৱা সন্দেহযুক্ত নাগৰিকৰ নাম কৰ্তন কৰাৰ বাবে দাবী উত্থাপন কৰে সন্মিলনীয়ে। ইপিনে কোচ-ৰাজবংশীকে ধৰি খিলঞ্জীয়া জাতি-জনগোষ্ঠীৰ লোকৰ নাম অন্তৰ্ভুক্ত নকৰাত ক্ষুণ্ণ হৈ সন্মিলনীয়ে অহা ১২ ছেপ্টেম্বৰত পুৱা ৫ বজাৰ পৰা ১২ ঘণ্টীয়া অসম বন্ধৰো আহবান জনায়।

( News Cr : দৈনিক গণ অধিকাৰ | A Dainik Gana Adhikar News Report )