শেহতীয়া খবৰ
Home / আঞ্চলিক / ১৪ ছেপ্টেম্বৰত সম্পূৰ্ণ এনআৰচিৰ তালিকাঃ অনলাইন যোগে উপলব্ধ হ’ব নাগৰিকপঞ্জী

১৪ ছেপ্টেম্বৰত সম্পূৰ্ণ এনআৰচিৰ তালিকাঃ অনলাইন যোগে উপলব্ধ হ’ব নাগৰিকপঞ্জী

নাম কৰ্তনৰ কাৰণ জানিব পাৰিব ১৪ ছেপ্টেম্বৰৰ পিছত

 

ষ্টাফ ৰিপ’ৰ্টাৰ, গুৱাহাটী, ১০ ছেপ্টেম্বৰ : ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী ৩১ আগষ্টত চূড়ান্ত হোৱাৰ পিছত সম্পূৰ্ণ তালিকা ৭ ছেপ্টেম্বৰত প্ৰকাশ কৰাৰ কথা আছিল যদিও তালিকা প্ৰকাশৰ দিন পিছুৱাইছিল এনআৰচি কৰ্তৃপক্ষই। জানিব পৰা অনুসৰি অহা ১৪ ছেপ্টেম্বৰত এনআৰচিত কৰ্তৃপক্ষই এনআৰচিৰ তালিকা প্ৰকাশ কৰিব। অনলাইন যোগে এই তালিকা প্ৰকাশ কৰা হ’ব। সৰ্বোচ্চ ন্যায়ালয়ৰ নিৰ্দেশনাত আৰু পৰ্যবেক্ষণক প্ৰায় ছয়টা বছৰ ধৰি ৫০ হাজাৰতকৈও অধিক কৰ্মচাৰীয়ে অসমৰ জাতীয় দলিল এনআৰচি প্ৰস্তুত কৰাৰ অন্তত ৩১ আগষ্টত তালিকা প্ৰকাশ কৰিছিল। এই তালিকাৰ পৰা ১৯,০৬,৬৫৭জন লোক বাদ পৰাৰ পিছতে এনআৰচিক লৈ তীব্ৰ অসন্তুষ্টিৰ সৃষ্টি হৈছিল ৰাজ্যজুৰি। আছুকে ধৰি কেইবাটাও সংগঠনে এনআৰচিত আৰু অধিক লোক বাদ পৰিব লাগিছিল বুলি মন্তব্য প্ৰদান কৰাৰ লগতে এনআৰচিখন নিখুঁত এনআৰচি নহয় বুলি মন্তব্য কৰিছিল।

লক্ষণীয় যে এনআৰচি নিখুঁত কৰাৰ বাবে ৰাজ্য চৰকাৰে ব্যৱস্থা গ্ৰহণ কৰিব লাগিছিল বুলি মন্তব্য কৰি বিদেশী চিনাক্তকৰণৰ ক্ষেত্ৰত ৰাজ্য চৰকাৰে অৱহেলা কৰাৰ বাবেই এনআৰচিখন নিখুঁত হৈ নুঠিল বুলি অভিযোগ উত্থাপন কৰিছিল আছুৱে। আনপিনে এনআৰচিত বহুতো প্ৰকৃত ভাৰতীয় লোকৰ নাম সন্নিৱিষ্ট নোহোৱাত ৩১ আগষ্টৰ পিছৰ পৰাই ৰাজ্যজুৰি এনআৰচিক লৈ প্ৰতিক্ৰিয়া অব্যাহত আছে। কোনো কোনো পৰিয়ালৰ এজন-দুজনৰ নাম অহাৰ বিপৰীতে কোনো কোনো পৰিয়ালৰ এজনৰ বাদে বাকীকেইজনৰ নাম অহা নাই। আনহাতে এনআৰচিৰ পৰা বিধায়ক, প্ৰাক্তন বিধায়ক, ৰাজনৈতিক নেতা, শ্বহীদ পৰিয়াল আৰু সৈন্যবাহিনীৰ পৰিয়ালৰ লোকৰ নাম অন্তৰ্ভুক্ত নোহোৱাত চৌদিশে প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল। ৰাজ্যৰ বিভিন্ন প্ৰান্তত বিভিন্ন জাতি-জনগোষ্ঠীৰ বহুতো লোকৰ নাম এনআৰচিত অন্তৰ্ভুক্ত নোহোৱাৰ পিছতে প্ৰতিবাদৰ জুই জ্বলি উঠিছিল।

আনহাতে এনআৰচিত নাম অন্তৰ্ভুক্ত নোহোৱাৰ বাবে কেইবাজনো ব্যক্তিয়ে চৰম পন্থা বাছি লোৱা পৰিলক্ষিত হৈছিল। এনে অৱস্থাত অহা ১৪ ছেপ্টেম্বৰত এনআৰচিত সম্পূৰ্ণ তালিকা প্ৰকাশ হোৱাৰ পিছতেই কোন কোন লোকৰ নাম সন্নিৱিষ্ট হৈছে আৰু কোন কোন লোকৰ নাম সন্নিৱিষ্ট হোৱা নাই তথা কৰ্তন হোৱাৰ কাৰণসমূহ জানিব পাৰিব। অনলাইন যোগে তালিকাত নিজৰ নামসমূহ চাব পাৰিব ৰাজ্যৰ ৩.২৯ কোটি জনতাই। উল্লেখ্য যে ১৪ ছেপ্টেম্বৰত এনআৰচিৰ পূৰ্ণাংগ তালিকা প্ৰকাশ হোৱাৰ পিছতে যিসকল লোকৰ নাম কৰ্তন কৰা হৈছে তেওঁলোকে কৰ্তন কৰাৰ কাৰণসমূহ জানিব পাৰিব। এতিয়ালৈকে যিসকল লোকৰ নাম কৰ্তন হৈছে তেওঁলোকে কি কাৰণত তেওঁলোকৰ নাম অন্তৰ্ভুক্ত হোৱা নাই সেই সম্পৰ্কে জ্ঞাত হ’ব পৰা নাই। কিন্তু অহা

১৪ ছেপ্টেম্বৰত এনআৰচিৰ পূৰ্ণাংগ তালিকা প্ৰকাশ হোৱাৰ পিছতে নাম অন্তৰ্ভুক্তি নোহোৱাৰ কাৰণ ব্যক্তিজনৰ নামৰ বিপৰীতে উল্লেখ কৰা হ’ব। এনে অৱস্থাত নাম কৰ্তনৰ কাৰণ সম্পৰ্কে জনাৰ পিছত পৰৱৰ্তী পৰ্যায়ত নাম অন্তৰ্ভুক্তিৰ বাবে বাদ পৰা বৈধ ভাৰতীয় লোকসকলে আবেদন জনোৱাৰ কাৰ্য আৰম্ভ কৰিব পাৰিব। লক্ষণীয় যে প্ৰায় ১,৬০০ কোটি টকা ব্যয় সাপেক্ষে এনআৰচি প্ৰস্তুত কৰা হৈছিল। অৱশ্যে এনআৰচি প্ৰকাশৰ পিছত শাসকীয় দলৰে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু বিজেপিৰ সভাপতি ৰঞ্জিত দাসে অসন্তুষ্টি ব্যক্ত কৰি ইয়াক ত্ৰুটিপূৰ্ণ অশুদ্ধ এনআৰচি বুলি মন্তব্য কৰিছিল। এনেক্ষেত্ৰত ১৪ ছেপ্টেম্বৰত এনআৰচিৰ সম্পূৰ্ণ তালিকা প্ৰকাশৰ পিছত কি কাৰণত একাংশ প্ৰকৃত ভাৰতীয়ৰ নাম অন্তৰ্ভুক্ত হোৱা নাই তাৰ কাৰণ জানিব পৰা যাব।

( News Cr : দৈনিক গণ অধিকাৰ | A Dainik Gana Adhikar News Report )